ফুল সৌন্দৰ্যবৰ্ধক আৰু পৱিত্ৰ প্ৰতীক হিচাপে সাধাৰণতে ব্যৱহাৰ কৰা হয়। বিভিন্ন ঋতুত বিভিন্ন ফুল ফুলে। প্ৰতিটো ঋতুৰ প্ৰতিজোপা ফুলেই যেন আমাৰ মনত বিভিন্ন ৰঙৰ ফাকু খেলে। কবিৰ কবিতাত প্ৰতিটো ঋতুত ফুলা ফুলৰ বৰ্ণনাই প্ৰাণ পাই আমাৰ মনত আনন্দৰ অথবা প্ৰেমৰ বতাহ ব’লে। ফুল সকলোৱে ভাল পায়। ফুলৰ সৌন্দৰ্যত যেন নিজকে বিলীন কৰি দিয়াৰ হেঁপাহ জাগে। শৰৎ আহিলেই শেৱালী ফুলে অৰ্থাৎ শেৱালি ফুলেই আমাক শৰতৰ বতৰা দিয়ে। শেৱালি পাহীয়ে মিচিকি হাঁহিৰে যেন মাতিলেহি শাৰদী পুৱাতে। শাৰদী ৰাণী শেৱালি ফুল অকল সৌন্দৰ্যৰ ৰাণীয়ে নহয় , শেৱালী ফুলৰো আছে বহুতো ঔষধি গুণ। জানো আহক আজি শেৱালি ফুলৰ বিষয়ে-
১) শেৱালী ফুল খালে ভোক বাঢ়ে। সৰু ল’ৰা-ছোৱালীৰ ভোক নালাগিলে শেৱালী ফুল একমুঠি ভাজি খুৱালে ভোক লাগে।
২) শেৱালী ফুল বলকাৰক। শেৱালী ফুল খালে শক্তি বাঢ়ে।
৩) শেৱালী ফুল খালে কৃমি নাশ হয়। শিশুৰ কৃমি হ’লে শেৱালী ফুল এমুঠি ভাজি ৰাতিপুৱা খালি পেটত খুৱালে কৃমি নোহোৱা হয়।
৪) গ্ৰহণী ৰোগত শেৱালী ফুল ২০/২৫ টা মান দিনে দুবাৰ কৈ ৩/৪ দিন খালে গ্ৰহণী ৰোগ ভাল হয়।
৫) মেলেৰিয়া জ্বৰ প্ৰতিৰোধ কৰিবলৈ প্ৰতিদিনে প্ৰায় এমুঠি শেৱালী ফুল ভাজি বা পাতত দি খাব লাগে।
৬) শেৱালী ফুল খালে তেজ পৰিস্কাৰ হয়।