বন্ধৰ দিন বাদে গোটেই সপ্তাহটো বজাৰ কৰিবলৈ সময় নথকা সকলৰ হাতত ফ্ৰীজৰ দৰে উপযোগী একো নাই। মাছ, মাংস, কণীৰ পৰা আৰম্ভ কৰি শাক-পাচলি, মিঠাই, অন্যান্য খাদ্য – সকলোবোৰ আহি ফ্ৰীজৰ ভিতৰত জমা হয়। ফ্ৰীজৰ খাদ্য সতেজ হৈ থাকে। কিন্তু বিভিন্ন ধৰণৰ খাদ্য ফ্ৰীজত ৰাখিলে গোন্ধৰ সৃষ্টি হয়। ফ্ৰীজ খোলাৰ লগে লগে গোন্ধটো নাকত লাগে ৷ কিন্তু কেইটামান উপায়েৰে আপুনি ফ্ৰীজৰ দুৰ্গন্ধ নোহোৱা কৰিব পাৰে ?
১) ৰন্ধা খাদ্য যদি ফ্ৰীজত ৰাখিব বিচাৰে তেন্তে বায়ু সোমাব নোৱাৰা পাত্ৰত ৰাখক। কেতিয়াবা খাদ্যৰ গোন্ধ মিহলি হ’লে ফ্ৰীজৰ গোন্ধ ওলায়। গতিকে খাদ্যখিনি এনে এটা পাত্ৰত ৰাখক, যাতে খাদ্যৰ গোন্ধ ফ্ৰীজত বিয়পিব নোৱাৰে।
২) ফ্ৰীজৰ সঠিক উষ্ণতা বজাই ৰাখিব লাগে। সাধাৰণতে চাৰিৰ পৰা পাঁচ ডিগ্ৰী চেলছিয়াছ শীতলীকৰণৰ বাবে আদৰ্শ। অন্যথা ফ্ৰীজৰ ভিতৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া গজি উঠে, যাৰ ফলত বেয়া দুৰ্গন্ধৰ সৃষ্টি হ’ব পাৰে। গতিকে ফ্ৰীজৰ উষ্ণতাৰ ওপৰত চকু ৰাখিব।
৩) গৰম পানী আৰু বেকিং চোডাত কাপোৰ এখন তিয়াই ফ্ৰীজ মচিব পাৰে। গোন্ধ নোহোৱা হ’ব । ইয়াৰ বাহিৰেও বেকিং চোডা পানীত তিয়াই ফ্ৰীজত ৰাখিলে গোন্ধ বহু পৰিমাণে কমি যাব।
৪) ভেনিলা এচেন্সেৰে তিয়াই লোৱা কপাহ এটুকুৰা ফ্ৰীজৰ এটা চুকত ৰাখিব পাৰে। তেতিয়া আৰু বেয়া গোন্ধ নাথাকিব। প্লেট এখনত সামান্য পৰিমাণৰ কফি গুড়ি কৰি ফ্ৰীজত চৌবিশ ঘন্টা ৰাখিলে বেয়া গোন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।
৫)ফ্ৰীজ নিয়মীয়াকৈ চাফা কৰিব লাগে। শাক-পাচলি বা মাছ, মাংস, এসপ্তাহতকৈ অধিক সময় ফ্ৰীজত ৰাখিব নালাগে। যিহেতু ই খাদ্যৰ মান বজাই ৰাখে, সেয়েহে ই দুৰ্গন্ধ সৃষ্টিৰ সমস্যাও হ্ৰাস কৰে।