ধূমপান বা বিভিন্ন কাৰণত ওঁঠৰ স্বাভাৱিক ৰং হেৰাই যায়। লিপষ্টিক আদি ব্যৱহাৰ কৰিও সেই উজ্বলতা ঘূৰাই আনিব পৰা নাযায়। ইয়াৰ স্থায়ী সমাধান হৈছে এবিধ পাচলি বীট। শুবলৈ যোৱাৰ আগতে বীট পিহি ওঁঠত লগালে ওঁঠৰ উজ্বলতা বঢ়াৰ লগতে ক’লা পৰা দাগ নোহোৱা হৈ যায়। ইয়াৰ উপৰিও বীটৰ আছে আৰু বহতো উপকাৰী গুণ , জানো আহকচোন—
১) মুখৰ উজ্বলতা বঢ়োৱা আৰু বলি ৰেখা আতৰোৱাত সহায় কৰে বীটৰ ৰসে। মুখত বয়সৰ ছাপ পৰিবলৈ আৰম্ভ কৰাৰ লগে লগে বীটৰ ৰস উলিয়াই মুখত সানি অন্তত্ব ১০ মিনিট সময় ৰাখি ভালকৈ মুখ খন ধুই পেলাব লাগে। মুখৰ উজ্বলতা ঘূৰি অহাৰ লগতে বীটত থকা এণ্টিছেপটিক উপাদানে ব্ৰণ সৃষ্টি কৰা বীজাণুক ধ্বংস কৰিব পাৰে ফলত ব্ৰণৰ সমস্যাও নোহোৱা হয়।
২) চকুৰ তলত পৰা ক’লা দাগ বীটৰ ৰসে দূৰ কৰিব পাৰে। বীটত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে। গতিকে বীটৰ ৰস চকুৰ তলত ক’লা পৰা অংশত লগালে ভিটামিনে ক’লা দাগ নোহোৱা কৰাত সহায় কৰে।
৩) শীতৰ দিনত ছাল শুকান হয় । বীটৰ ৰসে প্ৰাকৃতিক ময়শ্চাৰাইজাৰ হিচাপে কাম কৰে । নিয়মিত ভাৱে বীটৰ ৰস সানিলে ছালৰ ৰুক্ষতা নোহোৱা হৈ ছাল নিমজ হয়। অকল লগোৱাই নহয় , নিয়মিত ভাৱে বীটৰ ৰস পান কৰিলে ছাল ভাল হোৱাৰ লগতে শৰীৰত পানীৰ অভাব দূৰ হয়।
৪) বীটৰ ৰস অকল ছাল ভালে ৰাখে এনে নহয় চুলি ভালকৈ ৰখাতো সহায় কৰে বীটৰ ৰসে। এদিন বাদ এদিন বীটৰ ৰস মূৰত লগালে চুলি সৰা বন্ধ হয় আৰু নিয়মিত ভাৱে বীটৰ ৰস মূৰত লগালে চুলিৰ উজ্বলতা বৃদ্ধি হয়।