কুকুৰক মানুহৰ পৰম বন্ধু বুলি কোৱা হ’য়। যিহেতু কুকুৰে কেতিয়াও গৰাকীৰ বিশ্বাস ভংগ নকৰে। মানুহ শুই থকা সময়ত ৰাতি ঘৰখন পহৰা দিয়াত কুকুৰে চকীদাৰৰ দায়িত্ব পালন কৰে।
প্ৰতি মুহুৰ্তত্বে এটা কুকুৰে ঘৰখনৰ সকলো মানুহক মানসিক আহাৰ যোগান ধৰি মনোৰঞ্জন প্ৰদান কৰি আহে।মানুহৰ নিসংগতা দূৰ কৰাত কুকুৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।
কুকুৰৰ সৈতে মানুহৰ থকা এই বন্ধুত্বৰ বাবেই প্ৰতি বছৰে ২৬ আগষ্টৰ এই তাৰিখ টোত আন্তঃজাৰ্তিক কুকুৰ দিৱস হিচাপে পালন কৰি আহিছে।যদিও বিভিন্ন সময়ত এই কুকুৰবোৰৰ বিভিন্ন ৰোগ হোৱা দেখা যায়।ইয়াৰ অন্তৰালত আছে বহু কাৰণ। বিশেষকৈ বিশ্বজুৰি জলবায়ুভেদে ভিন্ন প্ৰজাতিৰ কুকুৰ পোৱা যায়।
আমি পুহিবলৈ অনা অন্য জলবায়ুৰ এটা কুকুৰ হয়তো আমাৰ জলবায়ুৰ লগত সহঅৱস্থান কৰিব নোৱাৰিব পাৰে।আৰু তেতিয়াই কুকুৰবোৰৰ বিভিন্ন ৰোগে আক্ৰমণ কৰে।
তেনেক্ষেত্ৰত আমি যিটো কুকুৰ পুহিব বিচাৰিছো সেই কুকুৰটোৰ প্ৰজাতিৰ বিষয়ে জনাটো খুবেই জৰুৰী কথা।সাধাৰণতে আমি বাস কৰা জলবায়ুৰ লগত খাপ খোৱা কুকুৰ পুহিবলৈ বাবে নিৰ্বাচন কৰিব লাগে।
বিশেষকৈ আমি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বাস কৰিছো সেই ৰাজ্যৰ জলবায়ুৰ লগত খাপ খোৱা কুকুৰেই পুহিবলৈ নিৰ্বাচন কৰিব লাগে।তেতিয়াই পুঁহিব খোজা কুকুৰটো লালন-পালন কৰাত আমাৰ সুবিধা হ’য়।
এইক্ষেত্ৰত পশুপালন বিভাগৰ মেনেজাৰ বিনীতা পুজাৰীয়ে কয় যে ভাৰতবৰ্ষ হৈছে ভিন্ন জলবায়ু সমৃদ্ধ এখন দেশ। য’ত ঠাই বিশেষে জলবায়ুৰ পৰিবৰ্তন হোৱা দেখা যায়।যেনেকৈ অসমৰ জলবায়ুৰ লগত ৰাজস্থানৰ জলবায়ুৰ বিৰাট পাৰ্থক্য আছে।
আমি পুহিব খোজা কুকুৰটো আমাৰ জলবায়ুৰ লগত খাপ খোৱাটো খুবেই প্ৰয়োজনীয় কথা। অন্যথা কুকুৰটো বিভিন্ন ৰোগে আক্ৰমণ কৰিব পাৰে।তেনেক্ষেত্ৰত আমি আমাৰ জলবায়ুৰ লগত খাপ খোৱা এটা কুকুৰ পুহিবৰ বাবে নিৰ্বাচন কৰিব লাগে।
ভাৰতৰ জলবায়ু হৈছে পৰিবৰ্তনশীল। তেনেক্ষেত্ৰত ভাৰতৰ অন্য ৰাজ্যৰ এটা কুকুৰ হয়তো আমাৰ ৰাজ্যত পুহ নামানিবও পাৰে। যিহেতু কুকুৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা কম হ’য়।আমাৰ জলবায়ুৰ লগত খাপ খাব নোৱাৰি বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে।
একেদৰে চেন্নাইৰ পশুপালন বিশেষজ্ঞ ডাঃ ডেইজি ৰাণীয়ে ক’য় যে বিভিন্ন প্ৰজাতি গল্ডেন ৰেত্ৰীভাৰ্ছ,লেব্ৰেদৰ্ছ,জাৰ্মান ছেফাৰ্দ,স্পিটজ,গ্ৰেটডেন,দাচান্দ,ক’কাৰ স্পেনিল,ডালমেচিয়ান,বক্সাৰ,আৰু পাগ এই জাতৰ কুকুৰ ভাৰতবৰ্ষৰ জলবায়ুৰ লগত খাপ খায়।গতিকে তেনেধৰণৰ কুকুৰেই পুহিব লাগে।
ভাৰতবৰ্ষত সহজে পোৱা এইধৰণৰ কুকুৰ আমাৰ ৰাজ্যত পুহিবলৈ ঘৰৰ ভিতৰতে ৰাখিব লগীয়া হ’য়। যিহেতু আমাৰ জলবায়ুত খাপ খাবলৈ যথেষ্ট সময় লাগে।তেনেক্ষেত্ৰত অসমৰ থলুৱা কুকুৰৰ কোনো ৰোগ নোহোৱাকৈ সহজে পোহ মনাব পাৰি।
ইয়াৰোপৰি কুকুৰ পুহিবলৈ যাওতে পশুপালন বিভাগৰ চিকিৎসকৰ সৈতে যোগাযোগ ৰখাটো অত্যন্ত জৰুৰী কথা। সময়মতে কুকুৰৰ প্ৰতিষেধক নিদিলে কুকুৰৰ পৰা হ’ব পৰা ভয়ানক ৰেবিজ ৰোগ মানুহৰ গালৈ বিয়পি মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেইকাৰণে কুকুৰ পোঁহাৰ আগত বা পিছতো চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী।
কুকুৰৰ বাবে সদায় এক পৰিষ্কাৰ-পৰিছন্ন পৰিবেশৰ প্ৰয়োজন। অন্যথা কুকুৰৰ বেমাৰ হোৱাতো প্ৰায় খাটাং।