গছ ৰোপণ কৰাটো আমাৰ প্ৰায় সকলোৰে চখ। ইয়াৰ বাহিৰেও সকলো শাস্ত্ৰ আৰু সকলো ধৰ্মতে বৃক্ষ ৰোপণ অতি পবিত্ৰ বুলি গণ্য কৰা হয়। বহু বৃক্ষই মা লক্ষ্মীৰ আশীৰ্বাদত আমাৰ জীৱনলৈ শুভ বাৰ্তা কঢ়িয়াই আনে। সেই বৃক্ষ ঘৰতে ৰোপণ কৰি নিজৰ জীৱনটো সুন্দৰ কৰি আৰ্থিকভাৱে সমৃদ্ধ কৰিব পাৰি বুলি বিশ্বাস কৰা হয় ৷
ঘৰত কি কি গছ ৰুব লাগে?
ধান গছ – ঘৰত যদি এজোপা ধান গছ ৰাখে, মা লক্ষ্মীৰ কৃপা সেই ঘৰৰ পৰা কেতিয়াও আঁতৰি নাযায়। এতিয়া প্ৰশ্ন হ’ল ধান গছ ঘৰত কেনেদৰে ৰাখিব ? সৰু ধানৰ গছ এজোপা ঘৰৰ সৰু অংশত বা টাবত ৰোপণ কৰিব পাৰি। কিন্তু মনত ৰাখিব লাগিব যে সেই ধান কেৱল পূজাৰ কামতহে ব্যৱহাৰ কৰা হয় ৷
মানি প্লাণ্ট – যদি ঘৰত এই সকলোবোৰ গছ ৰোপণ কৰিবলৈ ঠাই নাথাকে, তেন্তে নিশ্চিতভাৱে ঘৰতে এটা মানি প্লাণ্ট ৰোপণ কৰক।
তামোল গছ – তামোল গছ দেৱী লক্ষ্মীৰ আন এক প্ৰিয় গছ। যাৰ বাৰীত তামোলৰ গছ থাকে , সেই ঘৰত সদায় মাতৃ লক্ষ্মীৰ আশীৰ্বাদ থাকে ৷
কলৰ গছ – ঘৰত কলৰ গছ ৰোপণ কৰাটো অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। ফলত ঘৰৰ পৰিৱেশ সদায় সুখদায়ক হৈ থাকে। কিন্তু ঘৰৰ সন্মুখত কেতিয়াও কলৰ গছ ৰোপণ কৰিব নালাগে ৷
তুলসী গছ – তুলসী গছ ঘৰতে ৰোপণ কৰিব লাগিব। ঘৰত তুলসী গছ থাকিলে ঘৰখন সদায় পৱিত্ৰ আৰু ধন-সম্পত্তিৰে ভৰপূৰ হৈ থাকে বুলি বিশ্বাস কৰা হয় ।
পদুম গছ – ঘৰতে সৰু পুখুৰীত পদুম গছ ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ই মা লক্ষ্মীৰ অতি প্ৰিয় গছ।
নাৰিকল গছ – নাৰিকল গছ ঘৰত ৰখাটো অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। আমাৰ প্ৰায় সকলো পূজাতে ডাব বা নাৰিকল ব্যৱহাৰ কৰা হয়। এই গছজোপা যদি ঘৰত থাকে তেন্তে মাতৃ লক্ষ্মীৰ কৃপাত ধন-সম্পত্তিৰে ভৰি পৰে।