দীৰ্ঘদিন ধৰি ভাৰতবৰ্ষত হৃদৰোগৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাই আহিছে। দেশখনত কম বয়সতে হৃদৰোগৰ আক্ৰমণৰ ফলত বহু মানুহৰ মৃত্যু ঘটিছে।যোৱা কেইমাহমানতে হৃদৰোগত আক্ৰান্ত হৈ দেশখনত শিশুৰ পৰা বৃদ্ধলৈকে বহুলোকৰ মৃত্যু হোৱা আমি দেখিবলৈ পাইছোঁ। সেয়েহে হৃদৰোগত আক্ৰান্ত হোৱাৰ এনে ঘটনা কিয় বাঢ়িছে সেই সন্দৰ্ভত বিভিন্ন গৱেষণা,আলোচনা আৰম্ভ কৰিছে চিকিৎসক তথা গৱষক সকলে ।লগতে এই বিষয়ে বিভিন্ন যুক্তি প্ৰদৰ্শন কৰিছে বিশেষজ্ঞ সকলে । বিশেষজ্ঞসকলে কোভিড ভাইৰাছক এই ৰোগৰ এটা মুখ্য কাৰণ বুলি অভিহিত কৰিছে।
উল্লেখযোগ্য যে শৈতীয়াকৈ দিল্লীৰ ‘ছাৰ গংগা ৰাম চিকিৎসালয়’ত হৃদৰোগ বৃদ্ধিৰ কাৰণ সম্পৰ্কে এক গৱেষণা কৰা হৈছে।চিকিৎসালয় খনৰ এই গৱেষণা অনুসৰি ভাৰতীয়সকলৰ হৃদৰোগ অধিক হোৱাৰ কাৰণ হৈছে ভাৰতীয় লোকসকলৰ শৰীৰৰ আকাৰ বা গঠন । ছাৰ গংগা ৰাম চিকিৎসালয়ৰ কাৰ্ডিঅ’লজী আৰু ৰেডিঅ’লজী বিভাগৰ গৱেষকসকলে কৰা অধ্যয়নটোত দেখা গৈছে যে ধমনীৰ সৰু ব্যাসৰ বাবে নহয় ভাৰতীয় সকলৰ শৰীৰৰ আকাৰ সৰু হোৱাৰ বাবেহে এই ৰোগ অধিক হোৱা দেখা যায় । উল্লেখযোগ্য যে ‘জাৰ্নেল অফ ইণ্ডিয়ান কলেজ অফ কাৰ্ডিঅ’লজী’ত ভাৰতৰ ২৫০ জন ৰোগীৰ ওপৰত কৰা এই গৱেষণাটো প্ৰকাশিত হৈছে।
তেওঁলোকৰ মতে এই ৰোগবোৰো হৃদৰোগৰ এটা মুখ্য কাৰণ-
ছাৰ গংগা ৰাম চিকিৎসালয়ৰ কাৰ্ডিঅ’লজী বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ অশ্বনী মেহতাই ‘টিভি৯ ভাৰতবৰ্ষ’ নামৰ সংবাদ মাধ্যমৰ জড়িয়তে জানিবলৈ দিয়া অনুসৰি এছিয়ান আৰু বিশেষকৈ ভাৰতীয়সকলৰ কৰোণেৰী ধমনীৰ ব্যাস সৰু হোৱাৰ বাবে হৃদৰোগ হয় বুলি ধাৰণা কৰা হয় যদিও ই প্ৰকৃততে গ্ৰহণযোগ্য নহয়। গৱেষণা মতে ভাৰতীয় সকলৰ মাজত হৃদৰোগ অধিক হোৱাৰ কাৰণ হৈছে তেওঁলোকৰ শৰীৰৰ গঠন অৰ্থাৎ তেওঁলোকৰ শৰীৰৰ আকাৰ ৷ আনহাতে সৰু শৰীৰৰ লগতে, দুৰ্বল জীৱনশৈলী, ভুল খাদ্যাভ্যাস, ডায়েবেটিচ, উচ্চ ৰক্তচাপ আৰু মেদবহুলতাৰ বাবে ভাৰতীয় লোকসকলৰ হৃদৰোগৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ। সেয়েহে এনে পৰিস্থিতিত, এই সকলো বোৰ বিপদাশংকাৰ কাৰক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।
ছাৰ গংগা ৰাম চিকিৎসালয়ৰ কাৰ্ডিঅ’লজী বিভাগৰ লেখক আৰু অধ্যক্ষ ডাঃ জেপিএছ চাহনীৰ মতে, এই গৱেষণাৰ সৈতে জড়িত ৫১% লোক উচ্চ ৰক্তচাপত ভুগি আছিল। একে সময়তে, ১৮% ডায়েবেটিক, ৪% ধূমপান কৰা, ২৮% ডিস্লিপিডেমিক। লগতে ২৬ শতাংশ লোকৰ হৃদৰোগৰ পাৰিবাৰিক ইতিহাস আছিল। যি প্ৰমাণ কৰে যে এই ৰোগবোৰ হৃদৰোগ বৃদ্ধিৰ কাৰণ।
চিকিৎসালয়খনৰ কাৰ্ডিঅ’লজী বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ ভুৱনেশ কান্দপালৰ মতে, ভাৰতীয় সকলৰ মাজত হৃদৰোগ বৃদ্ধি হোৱাৰ কাৰণ বিচাৰি কৰা এই অধ্যয়নটোৰ ফলত এই কথাই প্ৰমাণিত হৈছে যে হৃদযন্ত্ৰৰ ধমনীৰ আকাৰ নহয় ভাৰতীয় লোকৰ দেহৰ গঠন বা আকাৰ হে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ প্ৰধান কাৰণ ।