১) আখৰুটত আছে ওমেগা – ৩’ ফেটি এচিদ , এণ্টি অক্সিডেণ্ট। শৰীৰৰ সকলো সমস্যাৰ বাবে প্ৰতিদিনে আখৰুট খাব লাগে।
২) ডিপ্ৰেচন , অবসাদৰ পৰা মুক্তি পাবলৈ নিয়মিত আখৰুট খোৱা উচিত।
৩) স্মৃতিশক্তি বৃদ্ধিৰ বাবে আখৰুট খাব লাগে। বৃদ্ধ বয়সত আলজেইমাৰ ৰোগ নহ’বলৈ প্ৰতিদিনে আখৰুট খোৱা উপকাৰী।
৪) আখৰুটত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট , ভিটামিন ই’ মেলাটোনিন , কেৰোটিনয়েডছ থকাৰ বাবে মুখৰ বলি ৰেখা কমোৱাত সহায় কৰে।
৫) হজম শক্তি , শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ প্ৰতিদিনে আখৰুট খোৱা উচিত।
৬) প্ৰতিদিনে অন্তত ৭৫ গ্ৰামকৈ আখৰুট খালে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা কমে।
৭) প্ৰতিদিনে ৰাতিপুৱা আখৰুট তিৱাই থোৱা পানী খালে শৰীৰৰ ওজন কমে।