বৰ্তমান সময়ত মানুহৰ ওপৰত প্ৰভাৱ পেলোৱা আটাইতকৈ শক্তিশালী এক মাধ্যম হৈছে ইন্টাৰনেট। বিনা কষ্টৰে এঠাইত বহি এই ইন্টাৰনেটৰ সহায়তেই যিকোনো কাম কৰিব পাৰি।আনহাতে বিভিন্ন বাতৰি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ইন্টাৰনেট সেৱা এক বৰদানতকৈ কোনো গুণে কম নহয়। যিকোনো কথা জানিবলগীয়া থাকিলে ইন্টাৰনেটত চাৰ্ছ কৰি চালেই প্ৰয়োজনীয় তথ্য পাব পাৰি।
আজিকালি বেছিভাগ লোকে বিভিন্ন ধৰণৰ বেমাৰৰ ক্ষেত্ৰত চিকিৎসকৰ কাষ চপাৰ আগতে ইন্টাৰনেটত সেই বেমাৰৰ লক্ষণ আৰু তাৰ পৰা হ’ব লগীয়া অসুবিধাৰ বিষয়ে চাৰ্ছ কৰি চায়। যাতে সেই বেমাৰৰ ঔষধ , চিকিৎসা আদিৰ বিষয়ে আগতীয়াকৈ জানিব পাৰে।
কিন্তু আচৰিত হ’লেও সঁচা যে ইন্টাৰনেটৰ জৰিয়তে নিজৰ ৰোগৰ বিষয়ে সবিশেষ জানিব বিচাৰিলে কোনো লোক আৰু হে অধিক অসুস্থ হৈ পৰাৰ সম্ভাৱনা থাকে। কৰনা মহামাৰীৰ বিভিষীকাৰ সময়তো বেছিভাগ লোকে ইন্টাৰনেটতে ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে। কিন্তু এই ক্ষেত্ৰত কিছুমান খবৰে জনসাধাৰণৰ মাজত আতংকৰহে সৃষ্টি কৰা দেখা পোৱা গৈছে। গতিকে ইন্টাৰনেটত পোৱা তথ্য সম্পূৰ্ণৰূপে শুদ্ধ হয় নে নহয় সেই কথাটো জনা অতি প্ৰয়োজন।
বিশেষজ্ঞ সকলৰ মতে ইন্টাৰনেটে মানুহক আৰু অধিক ৰুগীয়া কৰি তুলিব পাৰে। যেতিয়া এজন মানুহে কোনো ৰোগৰ বিষয়ে চাৰ্ছ কৰি চায় , তেনে ক্ষেত্ৰত সেই ৰোগৰ লগত জড়িত আন বেমাৰবোৰৰ তথ্যও দেখা পোৱা যায়। উদাহৰণ স্বৰূপে কোনো লোকে সাধাৰণ মূৰ বিষৰ বিষয়ে ইন্টাৰনেটৰ জৰিয়তে জানিব বিচাৰিলে, মগজুৰ লগত জড়িত কিছুমান জটিল বেমাৰৰ তথ্যও তাত পোৱা যায়। ফলত সুস্থ লোক এজনো আতংকিত হৈ পৰাটো স্বাভাৱিক।
এনে ক্ষেত্ৰত এজন সুস্থ মানুহে মূৰ বিষৰ দৰে সাধাৰণ বেমাৰতো নিজকে কোনোবা ডাঙৰ ৰোগত আক্ৰান্ত ৰোগী বুলিয়েই ভাবিবলৈ লয়। গতিকে কেতিয়াও ইন্টাৰনেটত পোৱা সমলবোৰকেই শেষ উপায় বুলি নাভাবি উপযুক্ত চিকিৎসাৰ হে কাষ চপা উচিত। কিছুমান ৱেবচাইটত চিকিৎসক – বিশেষজ্ঞ সকলৰ দ্বাৰা বহুতো জানিবলগীয়া তথ্য দিয়া থাকে। দৰাচলতে যিকোনো ৰোগৰ ক্ষেত্ৰত এই তথ্যবোৰহে বেছি সহায়ক।