এগৰাকী নাৰীৰ মানসিক শক্তিক কোনো বাহ্যিক শক্তিৰ সৈতে তুলনা কৰিব নোৱাৰি।যেতিয়াই জীৱনৰ প্ৰত্যাহ্বান আহে তেতিয়াই নাৰীগৰাকী হৈ পৰে অধিক শক্তিশালী। তেনে এগৰাকী শক্তিশালী মানসিকতাৰ নাৰী হৈছে আশা কান্দাৰা।
ৰাজস্থান যোধপুৰৰ এই মহিলা গৰাকীয়ে দুটা সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব লৈ সদ্য ঘোষিত ৰাজস্থান প্ৰশাসনিক সেৱা ২০১৮ ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ‘য় সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
বিবাহৰ ৫ বছৰৰ পিছত আশা কান্দাৰাক দুটি সন্তানৰ সৈতে স্বামীয়ে বিবাহ বিচ্ছেদ কৰিছিল। অন্ধকাৰে আৱৰি ধৰা কান্দাৰাই জীৱনৰ এই প্ৰত্যাহ্বানক জয় কৰিবলৈ লৈছিল প্ৰশাসনিক বিষয়া হোৱাৰ পণ।
১৯৯৭ চনত বিবাহ পাশত আৱদ্ধ হোৱা আশাক স্বামীয়ে বিচ্ছেদ দিয়াৰ পিছত উপায়ন্তৰ হৈ পিতৃৰ গৃহলৈ উভতি আহিছিল । অৱসৰ গ্ৰহণ কৰা পিতৃৰ বোজা হৈ পৰা আশাই দুটি সন্তানৰ সৈতে স্নাতক পাঠ্যক্ৰমত নামভৰ্ত্তি কৰি ২০১৬ স্নাতক ডিগ্ৰী লাভ কৰে।
সমান্তৰালকৈ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ‘বৰ বাবে প্ৰস্তুতি চলাই থকা আশাই ২০১৮ ত ৰাজস্থান প্ৰশাসনিক পৰীক্ষাৰ বাবে আৱেদন কৰে। লগতে আৰ্থিক সংকটত ভোগা আশাই পৌৰ নিগমৰ চাফাই কৰ্মী চাকৰিৰ বাবেও আৱেদন কৰে।
ইয়াৰপিছতেই প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ‘য়। প্ৰথম পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ঠিক ১২ দিনৰ পিছতেই যোধপুৰ পৌৰ নিগমৰ চাফাই কৰ্মী হিচাপে নিযুক্তি পায়। কামৰ লগে লগে প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে কঠোৰ সংগ্ৰাম চলাই প্ৰায় দুটা বছৰৰ পিছত সেই পৰীক্ষাৰ সকলোতে সফলতাৰে উত্তীৰ্ণ হৈ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্তি লাভ কৰে।
এগৰাকী চাফাই কৰ্মী আশাই জীৱনৰ কঠিন সময়ক এনেদৰে প্ৰত্যাহ্বান জনাই লাভ কৰা সফলতাই আজি আকাশ চুলে।