প্ৰতিবছৰে ১৫ অক্টোবৰৰ দিনটোত সমাজৰ পৰা ৰোগ নিৰাময় কৰিবৰ বাবে অথবা ৰোগ সংক্ৰমণ নিয়ন্ত্রণ কৰিবৰ বাবে এই দিৱস পালন কৰা হয়। মানুহে যাতে চাবোনেৰে হাত ধোৱা কামটো অভ্যাসত পৰিণত কৰিব পাৰে আৰু সমাজক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে সেই লক্ষ্যেৰেই এই দিৱস পালন কৰিবলৈ লোৱা হয়।
শ্বাস-প্ৰশ্বাস বা পাকস্থলী জনিত ৰোগ সমূহ এই অভ্যাসৰ দ্বাৰা প্ৰায় ২৫%শতাংশ নিয়ন্ত্ৰিত হ’ব পাৰে।