১৯৭২ চনত চুইজাৰলেণ্ডৰ জেনেভাত জন্ম গ্ৰহণ কৰিছিল ৱৰ্ল্ড হাৰ্ট ফেডাৰেচন নামৰ এক বেচৰকাৰী সংগঠনে । ৱৰ্ল্ড হাৰ্ট ফেডাৰেচনৰ বৰ্তমানৰ সভাপতি গৰাকী হৈছে ফাষ্টো পিণ্টো। ১৯৭৮চনত ইণ্টাৰনেচনেল চছাইটি অফ কাৰ্ডিঅ’লজী আৰু ইণ্টাৰনেচনেল কাৰ্ডিঅ’লজী ফেডাৰেচনে একত্ৰিত হৈ আন্তৰ্জাতিক সমাজ আৰু ফেডাৰেচন অফ কাৰ্ডিঅ’লজী গঠন কৰে। এই সংস্থাটোৱেই ১৯৯৮ চনত ইয়াৰ নাম ৱৰ্ল্ড হাৰ্ট ফেডাৰেচনলৈ সলনি কৰিছিল।
উল্লেখযোগ্য যে ১৯৩৩ চনত প্ৰাগত হৃদৰোগ বিশেষজ্ঞসকলৰ এক প্ৰাথমিক আৰু কিছু অনানুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছিল, কিন্তু নাজীবাদ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আগমনে ১৯৪৬ চনলৈকে এই ক্ষেত্ৰত অধিক আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰতিহত কৰিছিল ৷ কিন্তু মেক্সিকো চিটিত কাৰ্ডিঅ’লজিকেল কংগ্ৰেছ অনুষ্ঠিত হোৱাৰ পিচতেই ১৯৫০ চনত প্ৰথম প্ৰকৃত বিশ্ব কংগ্ৰেছ অনুষ্ঠিত হয়।
১৯৫০ চনৰ ছেপ্টেম্বৰ মাহত পেৰিছত ইণ্টাৰনেচনেল চছাইটি অফ কাৰ্ডিঅ’লজীৰ অধীনত প্ৰথম ৱৰ্ল্ড কংগ্ৰেছ অফ কাৰ্ডিঅ’লজী আহ্বান কৰা হৈছিল ৷ আনহাতে পৰৱৰ্তী কংগ্ৰেছবোৰ ২০০৬ চনলৈকে চাৰি বছৰৰ ব্যৱধানত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ পিছৰ পৰাই সেইবোৰ দুবছৰৰ ব্যৱধানত অনুষ্ঠিত কৰিবলৈ লোৱা হয়।
কাৰ্ডিওভাস্কুলাৰ ৰোগ আৰু ষ্ট্ৰোক যে সমগ্ৰ বিশ্বতে মৃত্যুৰ মুখ্য কাৰণ বিশ্বৰ লোকসকলক এই বিষয়ে সজাগ কৰিবৰ বাবে ২০০০ চনত “বিশ্ব হৃদযন্ত্ৰ দিৱস” অনুষ্ঠিত কৰা হৈছিল ৷ ।পৰৱৰ্তী সময়ত প্ৰতি বছৰেই ২৯ ছেপ্টেম্বৰত বিশ্ব হৃদযন্ত্ৰ দিৱস পালন কৰা হয়।
বিশ্ব হাৰ্ট ফেডাৰেচন আজি বিশ্বব্যাপী কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্য সজাগতা বিষয়ক শীৰ্ষস্থানৰ এক সংগঠন, যাৰ উদ্দেশ্য হৈছে বিশ্বজুৰি নাগৰিকসকলক এনে এক গুৰুত্বপূৰ্ণ অংগ স্পন্দন অব্যাহত ৰখাৰ লগতে এই সম্পৰ্কে মুখ্য তথ্য, যত্ন আৰু চিকিৎসা লাভ কৰিবলৈ সকলোকে সক্ষম কৰি তোলা ।
আজি সমগ্ৰ বিশ্বতে পালন কৰা হয় এই ‘বিশ্ব হৃদয় দিৱস’ ৷ এই ‘ৱৰ্ল্ড হাৰ্ট ডে’ পালন কৰাৰ উদ্দেশ্য হৈছে হৃদয়ৰ পৰা হৃদয়লৈ সংযোগ স্থাপন কৰা ৷
উল্লেখযোগ্য যে অসংক্ৰামক ৰোগ (NCD) হিচাপে গণ্য কৰা এই ৰোগত প্ৰতি বছৰে হৃদ ক্ৰিয়া বন্ধ হৈ বিশ্বত প্ৰায় ১৮:৬ মিলিয়ন মানুহৰ মৃত্যু হয় ।
সেয়েহে এই বিষয়ত সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টাৰে ভাৰতবৰ্ষতো প্ৰতিবছৰে ২৯ ছেপ্টেম্বৰৰ দিনটো বিশ্ব হৃদয় দিৱস হিচাপে গণ্য কৰা হয়।