পৃথিৱীত এনে বহু পৰ্যটন স্থান আছে যিবোৰলৈ যোৱা অতি বিপদজনক। এনে দুৰ্গম স্থানলৈ যাবলৈ কম মানুহেহে সাহস কৰে ৷ বিশ্বৰ তেনে কেইখনমান দুৰ্গম স্থানৰ বিষয়ে আজি আপোনালোকক জনাবলৈ ওলাইছোঁ ৷
ডেথ ভেলী ৰাষ্ট্ৰীয় উদ্যান, আমেৰিকা-
‘ডেথ ভেলী’ক এখন অতি ধুনীয়া মৰুভূমিৰ দৰে দেখা যায় যদিও বতৰ বেয়া হ’লে ইয়াৰ পৰিস্থিতি অত্যন্ত বিপজ্জনক হৈ পৰে। এই ঠাইখনক বিশ্বৰ সৰ্বাধিক উষ্ণতা থকা ঠাইবোৰৰ ভিতৰত গণ্য কৰা হয়। ১৯১৩ চনত ইয়াৰ উষ্ণতা আছিল ৫৬.৭ ডিগ্ৰী চেলছিয়াছ। এই বিখ্যাত ঠাইখনৰ ওপৰত পৰা সূৰ্য্যৰ ৰশ্মিয়ে কোনো এজন লোকক অতি সোনকালে ভাগৰুৱা কৰি তোলে আৰু ইয়াত মাত্ৰ ১৪ ঘণ্টাহে এজন মানুহ পানী নোহোৱাকৈ থাকিব পাৰে। দুৰ্ভাগ্যৰ কথা যে ইয়ালৈ অহা বহু পৰ্যটক হয় অন্তৰ্ধান হৈছে নাইবা বহুতৰে মৃত্যু হৈছে।
নিউ স্মাৰ্না বিচ, ফ্ল’ৰিডা-
ফ্ল’ৰিডাৰ নিউ স্মাৰ্না বিচক ‘বিশ্বৰ শ্বাৰ্ক কেপিটেল’ হিচাপে জনা যায়। ইয়াত এতিয়ালৈকে ২৫০টাতকৈও অধিক শ্বাৰ্কৰআক্ৰমণৰ বাতৰি পোৱা গৈছে ৷ সেয়েহে নিউ স্মাৰ্ণা বিচক বিশ্বৰ আটাইতকৈ বেছি আক্ৰমণাত্মক বিলসমূহৰ ভিতৰত অন্যতম বুলি জনা যায় । বছৰত গড়ে ৩২টা শ্বাৰ্কৰ আক্ৰমণ সংঘটিত হয় এই শ্বাৰ্ক কেপিটেল ৰূপে জনাজাত নিউ স্মাৰ্ণা বিচ ।
মণ্ট ব্লাংক, ফ্ৰান্স-
মণ্ট ব্লাংক আল্পছৰ অংশ আৰু ইয়াক ইউৰোপৰ সৰ্বোচ্চ শৃংগ হিচাপে জনা যায়। কিন্তু ইয়াক আটাইতকৈ বিপজ্জনক পৰ্বতৰ শৃংগ হিচাপেও জনা যায় ৷ ইয়াত বছৰি ১০০ৰো অধিক লোকৰ মৃত্যু হয়। বিপদজনক আৰোহণ, প্ৰতিকূল বতৰ আৰু হিমস্খলনৰ বাবেই এই শৃংগত হয়তো মৃত্যুৰ সংখ্যা অধিক ।
ইণ্ডোনেছিয়াৰ চিনাবুং আগ্নেয়গিৰি
ইণ্ডোনেছিয়াৰ চিনাবুং আগ্নেয়গিৰি এখন আচহুৱা ঠাই ৷ যি বিশ্বৰ এক আকৰ্ষণীয় পৰ্য্যটন ক্ষেত্ৰও ৷ উল্লেখনীয় যে ২০১০ চনৰ পৰা কমেও ৫ বাৰ এই ছিনাবুং আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটিছে যদিও এতিয়াও ইয়াক জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে গণ্য কৰা হয়। আগ্নেয়গিৰিৰ ধোঁৱা আৰু লাভাৰ ফলত ইয়াৰ গাঁও সমূহ ধ্বংস হৈছে আৰু বৰ্তমান সময়ত ইয়াত লেভেল ৪ এলাৰ্ট জাৰি কৰা হৈছে ।
বলিভিয়াৰ মাডিডি ৰাষ্ট্ৰীয় উদ্যান-
এই ৰাষ্ট্ৰীয় উদ্যানখনে প্ৰতি বছৰে বিশ্বৰ শ শ পৰ্যটকক আকৰ্ষণ কৰে ৷ কিন্তু ভয়ংকৰ কথা যে এই উদ্যানখন পৃথিৱীৰ কিছুমান বিষাক্ত আৰু আক্ৰমণাত্মক জীৱৰ বাসস্থান।আনহাতে ভুলতে ইয়াত গজা গছৰ সংস্পৰ্শলৈ আহিলে তীব্ৰ খজুৱতি, ফোহা আৰু মূৰ ঘূৰাব পাৰে পৰ্য্যটকসকলৰ । আনহাতে যদি ইয়াতে পৰ্য্যটকৰ কোনো কটা দাগ বা সৰু ঘাঁৰ সৃ্ষ্টি হয় তেন্তে গ্রীষ্মমণ্ডলীয় পৰজীৱীৰ দ্বাৰাও সংক্রমিত হ’ব পাৰে তেওঁলোক ।
ঈগলছ নেষ্ট কেভ, আমেৰিকা-
ঈগলছ নেষ্ট কেভক বিশ্বৰ আটাইতকৈ বিপজ্জনক ডাইভিং স্পট হিচাপে গন্য কৰা হয় বাবে ইয়াক “মাউণ্ট এভাৰেষ্ট অৱ আণ্ডাৰৱাটাৰ কেভ ডাইভিং” বুলি জনা যায়। দেখাত এটা বিশাল হ্ৰদ যেন লাগে যদিও আচলতে ই ৩০০ ফুট দ এটা গাঁত(চিংকহ’ল) হে । ১৯৮১ চনৰ পৰা এই গাঁটোত ১১ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে।
অৱশ্যে মানুহে কৰিব নোৱাৰা কাম হয়তো পৃথিৱীতেই নাই ৷ সেয়েহে আজিও অতি দুৰ্গম বুলি জানিও ,নিজৰ জীৱন মৰণৰ ভৰসা নথকা বুলি জানিও এই দুৰ্গম ঠাইসমূহলৈ যাবলৈ বহু লোকৰ প্ৰবল ইচ্ছা ৷ কাৰোবাৰ হয়তো সেই ঠাইতেই মৃত্যু হয় ৷ তথাপি মানুহৰ এই অসাধ্য সাধন কৰাৰ চেষ্টা যেন শেষ নহয় আৰু তেওঁলোকে মৃত্যু হ’ব বুলি জানিও আগবাঢ়ে সেই দুৰ্গম স্থানলৈ ৷ সেয়েহে হয়তো অসমীয়াত এষাৰ কথা আছে ‘চৰণেহে জানে মৰণৰ ঠাই’ ৷