ব্যতিক্ৰমী চিন্তাৰে অসমৰ সমাজ জীৱনত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট লেখক তথা কৃষি বিপ্লৱৰ যোগেদি অনন্য নিৰ্দশন দাঙি ধৰা ডঃঅনুজ বৰুৱা আৰু নাই।
চৰকাৰী উচ্চপদস্থ চাকৰি এৰি কৃষি কৰ্মৰ যোগেদি নিজক থলুৱা অৰ্থনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত কৰি সৰল জীৱনৰ যাপনক আকোৱালি লোৱা ডঃবৰুৱাৰ এই গমন অনাকাংক্ষিত,অপ্ৰাপ্তি সমাজৰ বাবে।
কেৱল অসমৰ থলুৱা জীৱনৰ সৈতে একাত্ম হোৱাই নহয়,অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত অনন্য এক অৱদান আছিল তেওঁৰ সৃষ্ট ’মহাঅৰণ্য’ উপন্যাসখন।প্ৰয়াত বৰুৱাৰ এই একমাত্ৰ উপন্যাস মহাঅৰণ্যই পাঠক সমাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
অসমৰ অৰ্থনীতি চহকী কৰাৰ সপোন ৰচা এইগৰাকী স্বাভিমানী অসমীয়াৰ বৃ্হস্পতি বাৰে নিশা অকাল বিয়োগ ঘটে।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাত নিশা প্ৰায় ১২ বজাত শেষ নিশ্বাস ত্যাগ কৰে এই মহাঅৰণ্যৰ স্ৰষ্টা গৰাকীয়ে।
যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা ডঃ বৰুৱাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যোৱা ১৭ ছেপ্টেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।যদিও নিয়তিৰ ওচৰত হাৰ মানি মাত্ৰ ৫৭ বছৰ বয়সত এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগিলে এই ব্যতিক্ৰমী চিন্তাৰ ব্যক্তি জনে।
সাহিত্য চৰ্চাৰ লগতে কৃষি কৰ্মত মনোনিবেশ কৰা প্ৰয়াত বৰুৱাই বিগত সময়ত নিজা প্ৰচেষ্টাত গঢ়ি তুলিছিল কৃষি জিজ্ঞাসা কেন্দ্ৰৰ। য’ত অত্যাধুনিক কৃষি পদ্ধতিৰ বিষয়ে আগ্ৰহী যুৱপ্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল।
উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত তেওঁৰ মহাঅৰণ্য উপন্যাসখন গ্ৰন্থ আকাৰে প্ৰকাশ পাইছিল।একেলগে প্ৰান্তিকৰ পাতত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰা মহাঅৰণ্য উপন্যাসখন একেই নামত গুৱাহাটী দূৰদৰ্শনত ধাৰাবাহিক ৰূপেও সম্প্ৰচাৰ হৈছিল।
মৃত্যু এক চিৰন্তন সত্য যদিও ডঃ বৰুৱাৰ এই বিদায় অসহনীয় আৰু অনাকাংক্ষিত।যদিও বৃ্হৎ অসমীয়া জাতিৰ বাবে তেওঁৰ এই অৱদান সদায় স্মৰণীয় হৈ বৈ থাকিব।