সংবাদ মাধ্যমৰ শীৰ্ষত থকাটো আজিকালি যেন কিছুমান লোকৰ বাবে এক সহজ কথা হৈ পৰিছে। ভাৰতত বলিউডৰ তাৰকাসকলৰ বাহিৰেও এনে কিছুমান লোক আছে যিয়ে সময়ে সময়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি থাকে।
এনে এজন ব্যক্তি হৈছে মুকেশ আম্বানি। দেশৰ ভিতৰতে এজন প্ৰতিপত্তিশালী ব্যক্তি হিচাপে পৰিচিত এই লোকজনৰ খ্যাতিও সেইদৰে সমগ্ৰ পৃথিৱীতে ৰৈ বৈ গৈছে । উক্ত লোকজনৰ পৰিয়ালৰ লোকসকলৰ ৰাজকীয় জীৱন নিৰ্বাহৰ প্ৰণালীৰ বিষয়ে প্ৰায় সকলো লোকে জানে যদিও আৰু অধিক জানিবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কৰে।
আম্বানিৰ পৰিয়ালত বিলাসবহুল সামগ্ৰীসমূহ বাদ দি দৈনদ্দিন জীৱনত ব্যৱহৃত সামগ্ৰীৰ দাম শুনিলেই চকু কপালত উঠিব বহুতো লোকৰ। আচৰিত যেন লাগিলেও সঁচা যে এই আম্বানিৰ পৰিয়ালে ৰাতিপুৱা সেৱন কৰে এবিধ বিশেষ চাহ, য’ত একাপ চাহৰ দাম ৩ লাখ টকা। প্ৰাপ্ত তথ্য মতে এই চাহ আহে জাপানৰ এক ৰাজকীয় পৰিয়ালৰ পৰা । “Ceramic Marksum Tea” নামৰ এই চাহ মুকেশ আম্বানিৰ পত্নী নীতা আম্বানিৰ অতিকে প্ৰিয়।
উল্লেখ্য যে মুকেশ আম্বানিৰ পৰিয়ালত বিভিন্ন ধৰণৰ সামগ্ৰীৰ নামত খৰচ হয় লক্ষ লক্ষ টকা। যিকোনো বিলাসবহুল সামগ্ৰী ক্ৰয় কৰিবলৈ কেতিয়াও কৃপণালী নকৰে এই পৰিয়ালটোৱে। ভাৰতৰ শীৰ্ষস্থানত থকা এই পৰিয়ালৰ বহুতো ব্যৱসায় আছে আৰু তেঁওলোকৰ কৰ্মকৰ্তাসকলে প্ৰতি সময়ে নিষ্ঠাৰে নিজৰ কামত মনোনিবেশ কৰে। উল্লেখ্য যে কষ্ট কৰি নিজৰ ভৰিৰ ওপৰত থিয় দিয়া আম্বানিয়েও দৈনিক ১৮ ঘন্টা নিয়মীয়াকৈ নিজৰ কাম কৰে।