VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্বাস্থ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়োৱা ৫০ খন অক্সিজেন যুক্ত বিচনাৰ ক্ৰিটিকেল কেয়াৰ ইউনিট

voicedesk by voicedesk
September 17, 2021
in জীৱন, সমাজ
স্বাস্থ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়োৱা ৫০ খন অক্সিজেন যুক্ত বিচনাৰ ক্ৰিটিকেল কেয়াৰ ইউনিট
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰাক্তন ক্ৰিকেট তাৰকা যুৱৰাজ সিং ফাউণ্ডেচনে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আগবঢ়োৱা ৫০ খন বিচনাৰ ক্ৰিটিকেল কেয়াৰ ইউনিটৰ বৃ্হস্পতি বাৰে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই।

খেলুৱৈ গৰাকীৰ দাতব্য সংস্থা ’ইউউইকেন ফাউণ্ডেচন’ৰ উদ্যোগত আগবঢ়োৱা এই চিচিইউৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত যুৱৰাজ সিঙৰ লগতে তেওঁৰ মাতৃ শ্বৱনম সিঙেও চণ্ডীগড়ৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে যোগদান কৰে।

বৃ্হস্পতিবাৰে বিয়লি গুৱাহাটী এনএইছএমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই ভিডিঅ’ কনফাৰেন্সিঙত স্বাস্থ্য মন্ত্ৰীৰ লগতে এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃএছ লক্ষ্মনন আৰু কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে অংশ লয়।

একেদৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক তথা অধ্যাপক ডাঃ প্ৰশান্ত দিহিংগীয়া আৰু অধ্যাপিকা ডাঃ জলী ৰাভা আৰু নতুন দিল্লীৰ উৱান ইণ্ডিয়া এন্টাৰটেইমেন্টৰ পৰিচালন সঞ্চালক ছবিৰ মমিন,এচেনচিউৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালিকা ক্ষিতিজা কৃষ্ণাস্বামীৰ লগতে ইউউইকেন ফাউণ্ডেচনৰ হৈ কাৰ্যবাহী পুনম নন্দাই ভাগ লয়।

উল্লেখযোগ্য যে চলিত বৰ্ষত ক’ভিডৰ দ্বিতীয় ঢৌ চলি থকা সময়তে এই ফাউণ্ডেচনে গুৰুতৰ ভাৱে ক‘ভিডত আক্ৰান্ত হোৱা লোকৰ সহায়ৰ বাবে প্ৰথম পৰ্যায়ত দহখন আইচিইউ ভেন্টিলেটৰযুক্ত বিচনাৰ লগতে মুঠ ৫০ খন বিচনাৰ এই চিচিইউটো স্থাপনৰ ব্যৱস্থা কৰিছিল।

মুঠ ১০০ খন আইচিইউৰ বিচনা আগবঢ়োৱা কথা ঘোষণা কৰা যুৱৰাজ সিঙৰ ফাউণ্ডেচনে দ্বিতীয় পৰ্যায়ত পুনৰ ১০ খন আইচিইউ ভেন্টিলেটৰ যুক্ত বিচনাৰ লগতে মুঠ ৫০ খন অক্সিজেন যুক্ত বিচনা আগবঢ়াব।

ক’ভিডৰ পৰিস্থিতি শাম কটাৰ লগে লগে এই চিচিইউ কক্ষটোক কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ বাবে আগবঢ়োৱা হ’ব। ইফালে এই অৱদানৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই যুৱৰাজ সিং ফাউণ্ডেচনলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কৰ্কট ৰোগত আক্ৰান্ত শিশু সকলৰ বাবে এই ফাউণ্ডেচনে আগবঢ়োৱা সহায়ক ভূয়সী প্ৰশংসা কৰে।

Previous Post

ষ্টেট বেংকৰ বৃহৎ সিদ্ধান্তঃ পূজাৰ বতৰত হ্ৰাস পাইছে সুতৰ হাৰ

Next Post

নিজৰ উপাৰ্জনৰ টকাৰে বলিউডৰ এইগৰাকী অভিনেত্ৰীয়ে ক্ৰয় কৰিছে কিছুমান দামী সামগ্ৰীঃ জানিবলৈ পঢ়ক এই তথ্য

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
নিজৰ উপাৰ্জনৰ টকাৰে বলিউডৰ এইগৰাকী অভিনেত্ৰীয়ে ক্ৰয় কৰিছে কিছুমান দামী সামগ্ৰীঃ জানিবলৈ পঢ়ক এই তথ্য

নিজৰ উপাৰ্জনৰ টকাৰে বলিউডৰ এইগৰাকী অভিনেত্ৰীয়ে ক্ৰয় কৰিছে কিছুমান দামী সামগ্ৰীঃ জানিবলৈ পঢ়ক এই তথ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7