বেবী হালদাৰৰ “আলো আঁধাৰি” উপন্যাস খন অসমীয়ালৈ অনুবাদ কৰিছে “অমানিশাৰ পোহৰ”নামেৰে গীতা দত্ত বৰঠাকুৰে।
সাধাৰণ বনকৰা ছোৱালী বেবী । নিজৰ জীৱন কাহিনীৰে লিখা “আলো আঁধাৰি”ৰ যোগেদি বন কৰা ছোৱালীৰ পৰা বেবী হল ‘বেবী হালদাৰ’।
অতি সাধাৰণ ভাৱ-ভাষাৰে লিখা একত্ৰিশ বছৰীয়া এগৰাকী নাৰীৰ জীৱনৰ বঞ্চনাৰ দ্বিধাহীন সৰল কাহিনী। কোনো প্ৰস্তুতি নোহোৱাকৈ পিতৃ তুল্য এজনৰ অনুপ্ৰেৰণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ অনুভৱৰ ক্ষণৰ পৰা লিখি গৈছে ছন্দহীন জীৱনৰ নিৰ্মোহ কাহিনী ।লেখিকাই মনত পেলাব পৰা নাই কোনোবা আপোন জনৰ অলপমান মৰম , চঞ্চল শৈশৱক শিহৰিত কৰা সুখানুভূতি নাইবা তেওঁ বিচাৰি পোৱা নাই যৌৱনৰ মাদকতাময় অন্তহীন আকুলতা । মাথোঁ লাঞ্চনা- গঞ্জনাৰে জৰ্জৰিত হৈ হাবাথুৰি খোৱা এক যুৱতীৰ এয়া এক সংঘাতময় জীৱন- কাহিনী ।
সৰুতে মাক হেৰাই যোৱা অকমানি ছোৱালী জনীয়ে ভাই-ভনী হঁতক চোৱা-চিতা কৰিও পঢ়া-শুনা নিয়াৰিকৈ কৰি আছিল। পঢ়াত মেধাৱী হোৱা বাবে শিক্ষক সকলেও মৰম আৰু সহায় কৰিছিল। এনেতে অকলশৰীয়া দেউতাকে ঘৰখন চম্ভালিবলৈ আৰু এজনী বিয়া পাতি আনিলে। নতুন মাকৰ ব্যৱহাৰত সিহঁতৰ যন্ত্ৰনা আৰু বেছিহে হল। এদিনাখনৰ কথা-
“মই শোৱাৰ পৰা উঠি বাথৰূমত যাওঁতে দেখো দেউতা বাহিৰত ৰৈ কিবা চিন্তা কৰি আছে। মই তেওঁৰ ওচৰলৈ গৈ সুধিলো – তুমি কিয় বাহিৰত ৰৈ আছা দেউতা ? তোমাৰ কিবা হৈছে নেকি ? মোৰ একো হোৱা নাই অ’ মাজনী – এই বুলি কৈ দেউতাই মোক তেওঁৰ ওচৰলৈ চপাই নি মৰম কৰিলে। মই ধৰিব পাৰিছিলো দেউতাৰ চকু দুটা চলচলীয়া হৈ আছে। ই পিনে শোৱা কথাৰ দুৱাৰৰ ফাকেদি মাহী মাকে জুপি চাই আছে। অলপ পিছত মই ভিতৰলৈ সোমাই আহি শুই পৰিলো। সেই ৰাতিৰ পৰা মায়ে সুবিধা পালেই দেউতা আৰু মোক সাঙুৰি অশান্তি কৰিবলৈ ধৰিলে। লগে লগে মোক ঘৰখনৰ পৰা আঁতোৰোৱাৰ চিন্তাতো তেওঁ ব্যাকুল হ’ল।
মায়ে ইমানেই হুলস্থুল লগালে যে সেইদিনৰ পৰা দেউতাই মোক মতাতো দূৰৰে কথা চোৱাই বন্ধ কৰি দিলে। সেই অশান্তিৰ কোবত ইমান দিনে মোৰ মূৰত কাঁইটে বিন্ধি থকাৰ দৰে পঢ়াৰ চিন্তাটোও উধাও হ’ল।”
মাথোঁ বাৰ বছৰ বয়সতে মাক দেউতাকৰ মূৰৰ বোজা পাতলোৱাৰ অজুহাতত দুগুণৰো বেছি বয়সৰ এজনৰ সৈতে তাইক জাপি দিয়া হৈছিল সংসাৰ কৰিবলৈ। বিয়া , স্বামী , সহবাস — একোৰে ভূ নোপোৱা ছোৱালী জনীয়ে এটা এটাকৈ তিনিটা সন্তানৰ মাতৃ হ’ব লগা হৈছিল তাইৰ অপৈনত বয়সত।
বেবীয়ে আকৌ কৈছে – ” সংসাৰ কৰাৰ নামত এক বন্দীৰ দৰে জীৱন পাৰ কৰিছোঁ। নিজৰ মতে কৰাৰ একো উপায় নাই , সকলোতে মাথোঁ বাধা। মানুহ জনে যি কৰিবলৈ কয় তাকে কৰিব লাগে , যি শুনায় তাকে শুনিব লাগে। লাগিলে সেইবোৰ জগতৰ আটাইতকৈ বেয়া কাম বা কথাই নহওঁক কিয় । এয়া বাৰু কেনে ধৰণৰ অসহায়তা ? মোৰ জীৱনটো মোৰ নে স্বামীৰ ?এটাৰ পাছত এটাকৈ প্ৰশ্ন আহি মোৰ আগত থিয় হয় আৰু মই প্ৰশ্নবোৰৰ ধামখুমীয়াত পাগলৰ দৰে অনুভৱ কৰোঁ। আকৌ ভাবো কিহৰ তাড়নাত মই এই বন্দীৰ জীৱন পাৰ কৰিব লগীয়া হৈছে – মাথোঁ ছোৱালী হ’লো বুলিয়েইনে ? ”
এনেকৈয়ে এদিন দুখ-যন্ত্ৰণা , অত্যাচাৰত জুৰুলা হোৱা ছোৱালী জনীয়ে তিনিওটা সন্তানৰ দায়িত্ব মূৰ পাতি লৈ নিষ্ঠুৰ স্বামীৰ ঘৰ ত্যাগ কৰি , জীৱন আৰু জীৱিকাৰ সন্ধানত কলিকতাৰ পৰা দিল্লীলৈ গুচি আহিছিল ।
দিল্লীত বহুত যন্ত্ৰনা সহ্য কৰাৰ পিছত পিতৃ সদৃশ্য এজন ভদ্ৰলোকৰ ঘৰত বেবীয়ে কাম কৰিবলৈ ধৰিলে। যাক তেওঁ তাতুষ বুলি মাতিছিল। তাতুষে তাইৰ লৰা-ছোৱালী কেইটাক স্কুলত ভৰ্তি কৰি দিলে আৰু বেবীয়ে কাম কৰি শেষ হোৱাৰ পাছত কিতাপ পঢ়িবলৈ দিলে। এনেকৈ লাহে লাহে বেবীৰ হাতত কাগজ – কলম উঠাই দিলে। আশাপূৰ্ণা দেৱীৰ জীৱন কাহিনীৰে তাইক উৎসাহিত কৰিবলৈ ধৰিলে। তাতুষ আৰু তেখেতৰ বন্ধুবোৰ যাক বেবীয়ে বৰদেউতা বুলি মাতিছিল , সিহঁতৰ অনুপ্ৰেৰণাত বেবীয়ে নিজৰ জীৱন কাহিনী লিখি গল। এনেকৈয়ে এদিন বেবী নামৰ বন কৰা ছোৱালী জনীৰ জীৱনৰ আধাৰত , বেবী হালদাৰৰ ‘আলো আঁধাৰি ‘ উপন্যাস খনৰ সৃষ্টি হ’ল।