বিশ্ববিদ্যালয়ৰ চূডমাৰ্চন প্ৰেক্ষাগৃহত ৰাজ্যৰ ভালেমান বিশিষ্ট কবি, সাহিত্যিক, সাংবাদিক, শিক্ষাবিদ, চিন্তাবিদৰ উপস্থিতিত সম্ভ্ৰান্ত প্ৰকাশন অনুষ্ঠান ‘পৰাগজ্যোতি প্ৰকাশন’ৰ উদ্যোগত এখনি গ্ৰন্থ উন্মোচনী সভা আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়। আদিতে সৰস্বতী বন্দনা পৰিৱেশন কৰে শ্বিলঙৰ চেন্ট এনথনি মহাবিদ্যালয়ৰ সংগীত বিভাগৰ অধ্যাপিকা ড০ কান্তা কাবেৰী দাসে । ইয়াৰ পিছতে সভাখনি উদ্ধোধন কৰি “দৈনিক জনমভূমি” কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয়- “গ্ৰন্থ এখন ৰছনা কৰি প্ৰকাশ কৰাটো উজু কথা নহয়। কবিতা লিখাটো বৰ টান কাম। উন্নত মানৰ ৰছনা সৃষ্টিৰ বাবে গভীৰ সাধনা, অধ্যয়নৰ অতীৱ প্ৰয়োজন। এই বিশ্বত যিমানবোৰ উন্নত মানৰ কাম হৈছে সেইয়া কম বয়সতে হোৱা বুলি ক’ব পাৰি। নেপোলিয়ন ৩৩ বছৰ, ভগৎ সিং ২৩ বছৰ জীয়াই আছিল। সেইদৰে, জ্যোতি প্ৰসাদ আগৰৱালা, আনন্দৰাম বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন আদি অসমীয়া সাহিত্যৰ দিগগজ মনীষীসকলে কম বয়সতে অনেক ইতিহাসে মচিব নোৱৰা কাম সম্পাদন কৰিছে। অসমীয়া ভাষা আমাৰ প্ৰাণৰ ভাষা। অসমীয়া মানুহৰ কোহে কোহে অসমীয়া ভাষা আছে। আজীৱন থাকিব। সেইদৰে আমি ইংৰাজীও জানিব লাগে। বিশ্বক জানিবলৈ হ’লে ইংৰাজী জনাটো বৰ প্ৰয়োজন।”
বিশ্ববিদ্যালয়খনৰ দৰ্শন বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী এঞ্জেলিনা দাসৰ দ্বিতীয়খন ইংৰাজী কবিতা গ্ৰন্থ “silence of Midnight” উন্মোচন কৰি ইংৰাজী ভাষা-সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক অৰূপ কুমাৰ দত্তই কয়- “অসমীয়া মানুহে কবিতা গ্ৰন্থ সংগ্ৰহ কৰা আৰু পঢ়াত খুব কম গুৰুত্ব দিয়ে। ইংৰাজী ভাষাক শক্ৰটা কৰাটো অনুচিত। ইংৰাজী ভাষাক ভয় নকৰি বন্ধুৰ দৰে ভাবিব লাগে। তেতিয়াহ’লে আমি বহু উপকৃত হম । ইংৰাজী বাতৰি কাকত, আলোচনী নিয়মীয়াকৈ পঢ়িবলৈ যত্ন কৰিব লাগে। নতুন নতুন ভাৱ প্ৰকাশৰ বাবে ইংৰাজী উৎকৃষ্ট মাধ্যম
।”
পৰাগজ্যোতি প্ৰকাশনৰ সচিব সাংবাদিক কবি দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত প্ৰধান অতিথি হিচাপে অংশ লৈ অসম সাহিত্য সভাৰ সভাপতি, পদ্মশ্ৰী প্ৰাপক ড০ সূৰ্যকান্ত হাজৰিকাই কয়- “এখন গ্ৰন্থ ৰাজ্যৰ বাহিৰত সন্মানিত হ’লে জাতিটোৰ খ্যাতি বাঢ়ে। অসমীয়া ভাষাৰ উন্নত মানৰ গ্ৰন্থবোৰ অইন ভাষালৈ অনুদিত হ’ব লাগে। এইক্ষেত্ৰত অনুবাদকসকল আগবাঢ়ি আহিব লাগে।শ্ৰীমন্ত শংকৰদেৱ অতি ওখ-খাপৰ নাট্যকাৰ, সাহিত্যিক। শ্বেইকছপীয়েৰৰ গ্ৰন্থ অনুদিত হোৱাৰ বাবেহে আমি তেওঁৰ বিষয়ে জানিবলৈ পাৰিছো। অনুবাদৰ জড়িয়তেহে এখন উন্নতমানৰ গ্ৰন্থই প্ৰকৃত স্বীকৃতি পায়।” সভাত “অসমীয়া প্ৰতিদিন” কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক তথা লেখিকা স্বপ্না বেজবৰুৱাই বিশিষ্ট অতিথিৰ ভাষণত কয়- “ন-প্ৰজন্মৰ কবি এঞ্জেলিনা দাসৰ কবিতা অতি উন্নতমানৰ হৈ উঠিছে। এদিন তেওঁৰ কবিতা বিশ্বত সমাদৃত হৈ উঠিব। কবিতা লিখিবলৈ হ’লে শব্দ ভাণ্ডাৰ মজুত থাকিব লাগিব। শব্দ সম্ভাৰ মজুত থাকিলেহে ভাল সাহিত্যিক বা ভাল সাংবাদিক হ’ব পাৰি। সেইদৰে সাংবাদিক সকলে বাতৰি লিখোঁতে অতি সাৱধানেৰে শব্দ সংযোগ কৰিব লাগে। ধ্ৰুপদীলৈ অসমীয়া ভাষাৰ উন্নতি হ’ল। সেইবাবে অসমীয়া ভাষাৰ শব্দ প্ৰয়োগ, ব্যৱহাৰ অতি সাৱধানেৰে কৰিব লাগিব। অসমৰ পৰা ইতিমধ্যে তিনিজন বৰেণ্য লেখক -লেখিকা ক্ৰমে ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী আৰু নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰিছে। এদিন অসমৰ পৰা বুকাৰ বা ন’বেল বঁটাও লাভ কৰিব।” সভাত কটন বিশ্ববিদ্যালয়ৰ মানৱ সম্পদ আৰু সমাজ বিজ্ঞানৰ কলাগুৰু ড০ ডেইজী দাস, দেউৰী সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ড০ ষড়ানন দেউৰী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহই বিশিষ্ট অতিথিৰ ভাষণত এঞ্জেলিনা দাসৰ প্ৰগাঢ় চিন্তা – বাঙ্ময় চেতনাৰ প্ৰশংসা কৰাৰ লগতে পৰাগজ্যোতি প্ৰকাশনে লোৱা প্ৰদক্ষেপক উচ্চ প্ৰশংসা কৰে। সভাত পদ্মশ্ৰী প্ৰাপক সাহিত্যিক ড০ ৰোমান শৰ্মা, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, পূৰ্বোত্তৰ ভাষা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ তাৰিণী কান্ত গোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ সমিতিৰ প্ৰাক্তন প্ৰধান সচিব কমল কলিতা, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ মুখপাত্ৰ শৈলেন তালুকদাৰ, ডায়েট, দুধনৈ (গোৱালপাৰা)ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ সুষমা মজুমদাৰ, “সংযোগ” মাহেকীয়া সাহিত্য আলোচনীৰ সম্পাদক প্ৰশান্ত গগৈ, বাংলা কবি বিমলেন্দু চক্ৰৱৰ্তীয়ে নিমন্ত্ৰিত অতিথি হিচাপে অংশ লোৱা সভাত সমজুৱাৰ পৰা কটনিয়ানৰ সম্পাদক তুহিন কন্যা বৰা আৰু যুৱ লেখক জয়ন্ত কুমাৰ ডেকাই বক্তব্য দাঙি ধৰি ছাত্ৰ -ছাত্ৰীসকলে বাতৰি কাকত পঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানৰ মাজে-মাজে চণ্ডাদীপ্তা কলিতা, তৃষা কাশ্যপ, বৰুণ বৰুৱাই জ্যোতি, বিষ্ণু আৰু ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে। অনুষ্ঠানত ভিন ভিন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সাৰ্থক প্ৰতীম কাশ্যপ শৰ্মা, অনন্যা মিশ্ৰ, হস্তি দত্ত, বিতোপন নাথ, মৃগাক্ষী ডেকাৰজাই স্বেচ্ছাসেৱক হিচাপে অনুষ্ঠান সফলতা হোৱাত সহায় কৰে। সভাত ডেৰ শতাধিক সাহিত্য অনুৰাগি উপস্থিত আছিল।