বৰগছ বহু ঠাল-ঠেঙুলি যুক্ত বৃহৎ আকাৰৰ গছ। বৈজ্ঞানিক নাম-Ficus Benghalensis Linn.
বৰগছৰো আছে বহুত ঔষধি গুণ , জানো আহকচোন
১) গা-গছৰ বাকলি , আঠা , পাত , বায়বীয় শিপা আৰু ফল ঔষধত ব্যৱহাৰ হয়।
২) বৰগছ ৰক্তশোধক আৰু গৰ্ভাশয় শোধক ।ই উখহা কমায়।
৩) গোটেই গছজোপাৰ প্ৰতি অংশ শক্তিদায়ক।
৪) বৰগছৰ বায়ৱীয় শিপাই বমি বন্ধ কৰে।
৫) বৰগছে হাত-ভৰিৰ হাড় শক্তিশালী কৰিব পাৰে।
৬) ৰক্তক্ষৰণ , পেটচলা , গ্ৰহণী , বহুমূত্ৰ , ঘাঁ , ছালৰ ৰোগ , বগাস্ৰাৱ নাশক।
৭) বৰগছৰ পাত কুষ্ঠৰোগ আৰু ছালৰ এলাৰ্জিৰ বাবে উপকাৰী।
৮) বৰগছৰ আঠা ভৰিৰ গোৰোৱা ফটা , বাতবিষ , ৰক্তক্ষৰণ , ছালৰ ৰোগত ব্যাহ্যিকভাবে ব্যৱহাৰ কৰা হয়।
৯) বৰ গছৰ আঠা দাঁতৰ বিষত উপকাৰী।
১০) পূৰঠ পাতৰ ৰসে বুকুৰ ধপধপনি দূৰ কৰে।