যোৱা ১১জানুৱাৰী ২০২৫ তাৰিখে লতাকটাস্থিত জ্ঞানপীঠ জাতীয় বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰা হয়।
পতাকা উত্তোলনৰ জৰিয়তে এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি ভৱেন বৰ্মনে।ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে গুৱাহাটী পৌৰ নিগমৰ ৪৪ নং ৱাৰ্ডৰ পাৰিষদ সত্যেন্দ্ৰ নাথ ভট্টাচাৰ্য্যই।লগে লগেই স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা গোপাল শৰ্মাদেৱে।তাৰ পিছতে অংকুৰ আৰু প্ৰাক প্ৰাথমিক ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অৱসৰী শিক্ষয়িত্ৰী মিনা ফুকনে।ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীৰ লেখাৰে সমৄদ্ধ ‘জ্ঞানম’ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাস দেৱে।’জ্ঞানম’ উন্মোচনৰ পিছতে ‘অতীতে ৰিঙিয়াই’ নামেৰে এখন ন পুৰণি সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হয়।এই সন্মিলনত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন শিক্ষক- শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহণ কৰি তেওঁলোকৰ স্মৃতি আৰু অনুভৱ ব্যক্ত কৰে।ইয়াৰ পিছতে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই লতাকটাৰ পৰিৱেশ ৰঙীন কৰি তোলে।এই শোভাযাত্ৰা দ্বাৰ উন্মোচন কৰে পৰিচালনা সমিতিৰ উপদেষ্টা অৱনী কুমাৰ কলিতাই ।আবেলি ২ বজাত এখন মুকলি সভাৰ আয়োজন কৰা হয়।উদ্ যাপন সমিতিৰ সভাপতি তড়িৎ চন্দ্ৰ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে সাৰুৱা ভাষণ প্ৰদান কৰে কটন মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ সীতানাথ লহকৰে।সভাত বহুতো গণ্য মান্য ব্যক্তিয়ে ভাষন প্ৰদান কৰাৰ উপৰিও বিদ্যালয়ৰ প্ৰধান শিক্ষক কঙ্কণ বৰুৱাই বিগত বছৰ দুটাৰ প্ৰতিবেদন পাঠ কৰে।অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষয়িত্ৰী অণু দেৱীয়ে।
ইয়াৰ পিছত সন্ধিয়া ন পুৰণি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰ মুকলি কৰে অঁনাতাৰ শিল্পী ছন্দাশ্ৰী চক্ৰৱৰ্তীয়ে।
.