VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

voicedesk by voicedesk
January 11, 2025
in সংবাদ গুঞ্জন
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১১ জানুৱাৰী : দেউৰী জাতিৰ বিশাল সাংস্কৃতিক ক্ষেত্ৰখনৰ সঠিক অধ্যয়ন, গৱেষণা, প্ৰসাৰ আৰু সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি আজি গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত “জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতি ( জিম’চাঁয়া নচিৰিমা মিচিগু মুগে)”ৰ উদ্যোগত এখনি বৰ্ণিল‌ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈ যায়। পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰে গুৱাহাটী মহানগৰ জিম’চাঁয়া নচিৰিমা মিচিগু মুগেৰ সভানেত্ৰী ৰেবিকা দেউৰীয়ে। ১০ বজাত আৰাউ উদ্ধোধন কৰে মিচিগু মুগেৰ প্ৰচাৰ সম্পাদিকা মঞ্জু দেউৰীয়ে। দিনৰ ১ বজাত মিচিগু মুগেৰ শিল্পীবৃন্দৰ সমবেত সংগীত পৰিৱেশনৰে আৰম্ভ কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি মুগেৰ তথা‌ মহিলা সমিতিৰ লক্ষ্য, উদ্দেশ্য সমিতিৰ অন্যতম বিষয়ববীয়া, লেখিকা, শিক্ষয়িত্ৰী অৰ্চনা দেউৰীয়ে কয়- “দেউৰী জাতিৰ ভাষা-সংস্কৃতিৰ প্ৰতি সংকট আহিছে। দেউৰীসকলৰ হৃদয় পৰশা গীত – মাতবোৰ এচাম দুষ্ট চক্ৰই নিজৰ দখললৈ নিবলৈ কু-অভিপ্ৰায় সৃষ্টি কৰিছে। তাৰ বাবে আমি সচেতন হ’বৰ হ’ল।‌ মিচিগু মুগেৰ উদ্যোগত উপযুক্ত সংৰক্ষণ, প্ৰচাৰ -প্ৰসাৰ লগতে গৱেষণা ধৰ্মী কাম কৰাৰ প্ৰয়াস কৰা হৈছে।” সভাত মুখ্য অতিথি হিচাপে ওদালগুৰি জিলাৰ জিলা আৰু সত্ৰ ন্যায়ধীশ নগেন চেনাবয়া দেউৰীয়ে অংশ লৈ দেউৰী জনগোষ্ঠীক সৰ্বতোপকাৰে আগুৱাই নিবৰ বাবে জনগোষ্ঠীটোৰ সকলো জনসাধাৰণ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। দেউৰী সাহিত্য সভাৰ সভাপতি ড০ ষড়ানন দেউৰীয়ে অংশ লৈ‌ কয়- “দেউৰী ভাষা ৰক্ষাৰ বাবে আমি পণ ল’ব লাগিব। দেউৰী সমাজৰ প্ৰতিজন লোকে নিজৰ ভাষা সলসলীয়াকৈ ক’ব আৰু লিখিব পৰা‌ হ’ব লাগিব। চৰকাৰেও সদিচ্ছাৰে আগুৱাই নিবলৈ প্ৰয়াস কৰিব লাগিব। মইনা-ভাটৌ চৰাই যিদৰে ভাষা শিকে আমিও শিকিব লাগিব।” সভাৰ আন এগৰাকী অতিথি পৰাগজ্যোতি প্ৰকাশনৰ সচিব তথা সাংবাদিক, সাহিত্যিক দীপক শৰ্মাই নিজস্ব ভাষণত কয়- “ভাষা শিকিব লাগিব। নিজৰ মাতৃভাষাক সন্মান দিব লাগিব। সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰিব লাগিব। নিজক বা এটা জাতি, সংগঠনক প্ৰতিষ্ঠা কৰাৰ বাবে সময় আৰু লক্ষ্য স্থিৰ কৰিব লাগিব।” সভাত সাহিত্য অকাডেমি অনুবাদক বঁটা প্ৰাপক তথা অৱসৰপ্ৰাপ্ত সহকাৰী কৰ আয়ুক্ত বিপুল দেউৰী, স্বাস্থ্য সেৱা বিভাগ, অসমৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডা: জগদীশ দেউৰী, আৰক্ষী অধীক্ষক মুনীন্দ্ৰ নাথ দেউৰী, দেউৰী জাতীয় মঞ্চৰ সভাপতি ড০ অতুল কুমাৰ দেউৰী ভৰালী, এচ এচ বিৰ অৱসৰপ্ৰাপ্ত উপ- মহাপৰিদৰ্শক ড০ জয়ন্ত দেউৰী, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ প্ৰভৃতিয়ে অংশগ্ৰহণ কৰি দেউৰী মহিলা শিল্পী সকলে লোৱা ঈৰ্ষনিয় প্ৰদক্ষেপক ভূৰি ভূৰি প্ৰশংসা কৰে। দেউৰী জাতিৰ বিশাল সাংস্কৃতিক উত্তৰণৰ বাবে লোৱা প্ৰদক্ষেপক প্ৰতিগৰাকী বক্তাই প্ৰশংসাৰে উপচাই দিয়ে । সভাত ‌দেউৰী জনগোষ্ঠীৰ বিহু, নৃত্য গীত -মাত আদি পৰিবেশন কৰি পৰিৱেশটো প্ৰাণৱন্ত কৰি তোলে।

Previous Post

কোন সময়ত আপেল খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু কোন সময়ত আপেল খাব লাগে জানো আহক

Next Post

অকালতে চুলি পকিছে নেকি ? কি ভিটামিনৰ অভাৱত চুলি পকে জানো আহক

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
বিশিষ্ট সংগীত শিল্পী পংকজ শৰ্মাৰ দেহাৱসান : দল-সংগঠনৰ শোক
সংবাদ গুঞ্জন

বিশিষ্ট সংগীত শিল্পী পংকজ শৰ্মাৰ দেহাৱসান : দল-সংগঠনৰ শোক

December 11, 2024
Next Post
অকালতে চুলি পকিছে নেকি ? কি ভিটামিনৰ অভাৱত চুলি পকে জানো আহক

অকালতে চুলি পকিছে নেকি ? কি ভিটামিনৰ অভাৱত চুলি পকে জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7