গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ জুৰিপাৰত অৱস্থিত ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলে ৩৫ বছৰ গৰকিলে। স্কুলখনৰ স্বত্বাধিকাৰী আৰু প্ৰিন্সিপাল চফিকা ৰহমানে ৯০ৰ দশকৰ পৰাই শিশুসকলক জীৱনৰ আদিপাঠ প্ৰদান কৰি অহা এই স্কুল খনে ল’ৰা ছোৱালীৰ শৈক্ষিক,ব্যৱহাৰিক, সামাজিক আদি সকলো দিশৰ উন্নতিৰ দিশত দৃষ্টি ৰাখি বিভিন্ন সময়ত ন- ন ধৰণে শিক্ষা দান কৰি আহিছে। এইবেলি এক অভিনৱ প্ৰচেষ্টা হাতত লৈছিল য’ত শিক্ষয়িত্ৰী কেইগৰাকীৰ হাতেৰে প্ৰস্তুত কৰি উলিওৱা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যেনে চায়েদা শইকীয়াৰ বেকাৰীৰ বিবিধ,পাহাৰী গোস্বামীৰ আচাৰ ,লাৰু পিঠা,বন্দনা শৰ্মাৰ ম’ম,খুৰ্মা-নিমকী,মেখেলা-চাদৰ, কুচন কাভাৰ,খাৰু-মণি আৰু কাবেৰী নাথ চহৰীয়াৰ গ্ৰন্থ আদিৰ এখন প্ৰদৰ্শনীৰ লগতে বিক্ৰীৰো ব্যৱস্থা ৰখা হয়। উক্ত মেলা খনৰ মূল আকৰ্ষণ হৈ পৰে শিক্ষয়িত্ৰী কাবেৰী নাথ চহৰীয়াৰ দুখনকৈ শিশু পুথিৰ উন্মোচন। এখন” ছবি চাই শিকোঁ আহাঁ” আনখন “শিশু গল্পৰ কুঁকি”।গ্ৰন্থ উন্মোচক দ্বয় চায়েদুৰ ৰহমান আৰু নিৰোদ মজুমদাৰ দেৱ। প্ৰাক্ খ্ৰীষ্টমাছ উপলক্ষে স্কুল প্ৰাঙ্গণতে অনুষ্ঠিত হোৱা এই মেলাত প্ৰাক্তন আৰু বৰ্তমানৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু সহযোগিতাই ডেফ’ডিল কতৃপক্ষক উৎসাহিত কৰি তুলিলে আৰু অনুষ্ঠানটোক এক বিশেষ সফলতা প্ৰদান কৰিলে। উপস্থিত সকলোলৈকে ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।