দাঁতৰ আলু ফুলি উঠা বা তেজ ওলোৱা সমস্যাত ভুগি আছে নেকি?
কেনেকৈ উপশম পাব পাৰি জানো আহক
দাঁত কেবল খাদ্য বস্তু চোবাই খোৱাত সহায় কৰে এনে নহয়, মুখৰ সৌন্দৰ্য্য বজাই ৰখাত দাঁত দুপাৰীৰ অৱদান উল্লেখনীয়। কিন্তু বহুত সময়ত ব্ৰাছ কৰাৰ পিছত দাঁতৰ আলুৰ পৰা তেজ পৰাৰ সমস্যাই দেখা দিয়ে। ইয়াৰ প্ৰধান কাৰণ হ’ল মুখৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা। প্ৰকৃতপক্ষে দাঁতৰ আলুৰ প্ৰদাহৰ এটা লক্ষণ হ’ল আলুৰ পৰা তেজ পৰা। যাৰ ফলত দাঁতৰ বিষ, নিশ্বাশত দুৰ্গন্ধ, দাঁতৰ সংবেদনশীলতাৰ দৰে নানা ধৰণৰ সমস্যা অনুভৱ কৰিবলৈ ধৰে। বেক্টেৰিয়াৰ সংক্ৰমণ, পুষ্টি গুণৰ অভাৱ, গৰ্ভাৱস্থা, ভিটামিন চি ‘ৰ অভাৱ, আৰু দাঁতত খাদ্য বস্তু লাগি দাঁতৰ আলু ফুলি যাব পাৰে। এই সমস্যা বোৰৰ পৰা হাত সাৰি থাকিবলৈ ঘৰুৱা কিছু পদ্ধতি আছে। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বা ফুলি যোৱা আদি ৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। ইউক্যালিপটাছ তেল :- ইউক্যালিপটাছ তেলে দাঁতৰ আলুৰ প্ৰদাহ কমাব পাৰে। এই তেল জীবাণুনাশক হিচাপে কাম কৰাৰ লগতে দুৰ্বল আলুক ঠিক কৰাত সহায় কৰে। তাৰোপৰি দাঁতৰ আলুৰ নতুন কোষ তৈয়াৰ কৰাটো সহায় হয়।
২)। নিমখ :- মুখৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিমখ পানী খুবেই উপকাৰী। কুহুমীয়া নিমখ পানীৰে কুলকুলি কৰিলে মুখৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক হয়।
৩)। সৰিয়হৰ তেল :- এণ্টি মাইক্ৰবিয়েল বৈশিষ্ট্য সৰিয়হৰ তেলত থকা বাবে প্ৰদাহ কমোৱাৰ লগতে দাঁতৰ আলুৰ বিষ কমোৱাত সহায় কৰিব পাৰে। সৰিয়হৰ তেলৰ লগত এচিকুট নিমখ মিহলাই দাঁতৰ আলুত দিনত ৩/৪ বাৰ মালিচ কৰিব লাগে। এইদৰে নিমখ তেলেৰে দাঁতৰ আলু ঘঁহিলে অতি সোনকালে সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাব পাৰি।
৪)। এল’ভেৰা জেল :- ঔষধি গুণেৰে সমৃদ্ধ এল’ভেৰা জেল প্ৰকৃততে এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগাল হিচাপে কাম কৰে। দাঁতৰ আলুৰ ফোলাভাব, আলুৰ পৰা তেজ ওলোৱা আৰু মুখৰ সংক্ৰমণৰ দৰে সমস্যা নোহোৱা কৰাত সহায় কৰে এল’ভেৰা জেলে।
৫)। হালধি :- হালধিত কাৰকিউমিন এণ্টি ইনফ্লেমেটৰি আৰু এণ্টি অক্সিডেণ্ট বৈশিষ্ট আছে। গৱেষণা অনুসৰি জানিবলৈ পোৱা যায় যে, হালধিয়ে দাঁতৰ আলুৰ প্ৰদাহ কমোৱাত সহায় কৰে।
নিয়মিত দাঁত ব্ৰাছ কৰাৰ লগতে এই নিয়ম সমূহ মানি চলিলে এই সমস্যা বোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।