অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা ঘোষণা।২০২১বর্ষ এই বঁটাৰ বাবে নিৰ্বাচিত ঔপন্যাসিক নন্দিতা দেৱী।
‘বঙল বহুদূৰ’ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে ।ইয়াৰ উপৰিও প্ৰথমবাৰলৈ অসম প্ৰকাশন পৰিষদে শ্রেষ্ঠ প্ৰকাশকৰ বঁটা জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰী নগেন শৰ্মাক প্ৰদান কৰিব।অসম প্ৰকাশন পৰিষদৰ মুখ্য কাৰ্যালয়ত সোমবাৰে সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে পৰিষদৰ সচিব প্ৰমোদ কলিতাই।চানমাৰি ‘অসম গ্ৰন্থমেলা’ ২৯ ডিচেম্বৰৰ শুভাৰম্ভণি অনুষ্ঠানত ঔপন্যাসিক আৰু প্ৰকাশক গৰাকীক এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।উল্লেখ্য বঁটাত আছে দুই লাখ টকা, মানপত্ৰৰ লগতে গ্ৰন্থৰ টোপোলা।
গুৰুত্বপূৰ্ণ কথা যে অসম প্ৰকাশন পৰিষদে পূৰ্বতে প্ৰদান কৰি অহা জীৱন জোৰা সাধনা বঁটাৰ সলনি প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা ব্যৱস্থা কৰিছে।কেৱল সাহিত্যৰ ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিক সন্মান প্ৰদানৰ লক্ষ্যৰে এই বঁটাৰ ব্যবস্থা কৰিছে পৰিষদে।উল্লেখ্য পৰিষদে সাহিত্য বঁটা নিৰ্বাচনৰ বাবে ২০১৮-২০২০চনৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্য সংকলন বিচাৰি প্ৰ-পত্ৰ পূৰণৰ আহ্বান জনাইছিল লেখক আৰু প্ৰকাশকসকলক।আহ্বানৰ প্ৰতি সঁহাৰি জনায় প্ৰায় ৪০০খন প্ৰ-পত্ৰ পৰিষদলৈ আহিছিল।তাৰ মাজৰ পৰা বাছনি কমিটিয়ে “বঙল বহুদূৰ” গ্ৰন্থখন নিৰ্বাচিত কৰাৰ কথা জানিবলৈ দিয়ে সচিব কলিতাই।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ যৌথ উদ্যোগত প্ৰথমবাৰলৈ আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা। ৯জানুৱাৰীলৈকে ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব গ্ৰন্থমেলা খনি। শুভাৰম্ভণি অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে সচিব গৰাকীয়ে।