ইংৰাজী নৱবৰ্ষত পথ-দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে কামৰূপ(ম) জিলা পথ সুৰক্ষা সমিতিৰ বিশেষ বৈঠক অনুস্থিত হয়।জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত বুধবাৰে উপায়ুক্ত পল্লৱ গোপাল ঝাঁৰ সভাপতিত্বত অনুষ্ঠিত হয় বিশেষ বৈঠকখন।কামৰূপ(ম) জিলাৰ সহকাৰীৰ পৰিবহণ আয়ুক্ত গৌতম দাসে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ ওপৰত সকলো বিভাগৰ পৰা সহাঁৰি বিচাৰে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথসুৰক্ষা নিশ্চিত কৰা উদ্দেশ্যে পথ দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা হ্ৰাস কৰা, গাড়ী চালনাত অত্যাধিক গতিবেগ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ বিভিন্ন দিশ কাৰ্যকৰীকৰণৰ বাবে পথ সুৰক্ষাৰ সৈতে জড়িত থকা বিভাগসমূহৰ সহযোগিতা আহ্বান কৰে।
উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লৱ গোপাল ঝাই জিলাখনত অত্যাধিক দুৰ্ঘটনা সংঘটিত স্থান খানাপাৰা, যোৰাবাটৰ নৰ্থ ইষ্ট কেনচাৰ ইনষ্টিটিউটৰ সন্মুখ আৰু সৰুসজাইত অহা দুই-তিনিদিনৰ ভিতৰতে ট্ৰেফিক বেৰিকেড, স্পীড বেকাৰ আদি স্থাপন কৰিবলৈ ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণক নিৰ্দেশ দিয়াৰ লগতে পথ দুৰ্ঘটনা সংঘটিত স্থানসমূহত গৈ দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰি প্ৰতিবেদন প্ৰস্তুত আৰু ব্যৱস্থা গ্ৰহণ, দুচকীয়া বাহনত হেলমেট পৰিধান নকৰাৰ চালক-আৰোহীক জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে পৰিবহণ বিভাগক।
ট্ৰেফিক আৰক্ষী আৰু পৰিবহণ বিভাগক অত্যাধিক স্পীড আৰু বোজা কঢ়িওৱা ডাম্পাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।একেদৰে নিদিষ্ট ষ্টপেজৰ বাহিৰে যতে ত’তে ৰখোৱা বাছৰ চালকৰ ওপৰত বিহিত ব্যৱস্থাৰ লবলৈও পৰিবহন বিভাগক নিৰ্দেশ দিয়ে।
তদুপৰি নৱবৰ্ষ উদযাপনৰ নামত দুৰ্ঘটনাজনিত মৃত্যু নহয় তাৰ বাবে আগতীয়াকৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে বনভোজ খাবলৈ যোৱা বাহনৰ চালকে যাতে মদ্যপান নকৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ পৰিবহণ বিভাগক আহ্বান জনায়।আনহাতে, জুৰোড আৰু মাদাৰ টেৰেছা পথত বন্ধ হৈ থকা চিটিবাছৰ সেৱা পুনৰ আৰম্ভ কৰিবলৈও উপায়ুক্ত গৰাকীয়ে সভাত পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে।