মদাৰ গছ চিনি নোপোৱা মানুহ হয়তো নাই। সাধাৰণতে বাৰীত বা বাৰীৰ আশে পাশে যিকোনো অনুৰ্বৰ মাটিত হোৱা গছ বিধেই হ’ল মদাৰ গছ। ফাগুন , চ’ত মাহত বাটৰ কাষত ৰাঙলি হৈ থকা মদাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ উপৰিও আয়ুৰ্বেদিক শাস্ত্ৰ অনুসৰি মদাৰ গছ বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ। কিছুমান ৰোগ আৰম্ভনিৰ পৰা ভাল কৰাত সহায় কৰিব পাৰে মদাৰ গছে। মদাৰ গছৰ পাতৰ পৰা ওলোৱা গাখীৰৰ নানা ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিব পৰা গুণ আছে। মদাৰৰ পাত বিষাক্ত যদিও পক্ষাঘাত , পাইলচ , শৰীৰৰ বিষ – ফোলা ভাৱ , ছালৰ বহুতো দুৰাৰোগ্য ৰোগ আদি নিৰাময় কৰাত সহায় কৰিব পাৰে । মদাৰ গছৰ পাত , ফুল ,ছাল আৰু শিপাৰ ৰসৰ বহুতো উপকাৰী গুণ আছে। মদাৰ গছৰ পৰা আমি কি কি উপকাৰ পাব পাৰো জানো আহক এই প্ৰতিবেদন যোগে —
১) বিশেষজ্ঞ সকলৰ মতে , মদাৰ গছৰ পাতৰ পৰা ওলোৱা গাখীৰৰ বহুতো উপকাৰী গুণ আছে। শৰীৰৰ যি কোনো অংশত ফোলা ভাৱ থাকিলে এই গছৰ পাতৰ পেষ্ট সেই স্থানত লগালে অতি সোনকালে ফোলাভাৱ নোহোৱা হয়।
২) পক্ষাঘাত ৰোগৰ বাবেও মদাৰ গছ উপকাৰী। পক্ষাঘাত ৰোগত ভূগি থকা ব্যক্তিয়ে এই গছৰ পাত গৰম কৰি আক্ৰান্ত হোৱা ঠাই ডোখৰত লগাব লাগে। ইয়াৰ ফলত শিৰত তেজ চলাচল বৃদ্ধি হয় আৰু পেৰালাইচিছ বা পক্ষাঘাত হোৱা ৰোগীয়ে বহুত সময়ত উপকাৰ পায়।
৩) ডায়বেটিছ ৰোগীৰ বাবেও উপকাৰী মদাৰ গছ। ডায়বেটিছ ৰোগীয়ে নিয়মিত আধা কাপ মদাৰৰ ৰস চেকি লৈ সেৱন কৰিলে ইনছুলিন নোলোৱাকৈ ৰোগ নিৰাময় কৰিব পাৰি।
৪) মদাৰৰ হালধীয়া পাত ঘিউত গৰম কৰি তাৰ ৰস উলিয়াই কাণত ১/২ টোপাল দিলে কাণৰ বিষ ভাল হয়।
৫) মদাৰ ফুলৰ চূৰ্ণ, শুকান আদা আৰু জালুক একেলগে পিচি দিনত দুবাৰকৈ সেৱন কৰিলে জণ্ডিছ ৰোগ নিৰাময় হয়।
৬) মদাৰ ফুলৰ আঠা নাৰিকল তেলৰ লগত মিহলাই লগালে খৰ -খজুৱতি ভাল হয়।
৭) মদাৰ গছৰ পাত, ছাল আৰু শিপাৰ ৰস শিশুৰ পৰা বৃদ্ধৰ কৃমিৰ বাবে মহৌষোধ।
৮) মদাৰৰ ৰস বলবৰ্ধক, শক্তিবৰ্ধক, আৰু অভোক দূৰীকৰণত সহায়ক হয়।
৯) জ্বৰ হৈ হঠাৎ মূৰ্ছা যোৱা , বমি , গ্ৰহণী আদিত মদাৰৰ ৰসে উপকাৰ দিয়াৰ লগতে বুকু জ্বলা , অম্লপিত্ত , উগাৰ অহাত মদাৰৰ ৰসে সুফল দিয়ে।
১০) বাত বিষত পাত আৰু শিপা থেতেলি লগাই দিলেও উপকাৰ পোৱা যায়।
মদাৰৰ গছ কেৱল সৌন্দৰ্য বৰ্ধন কাৰী গছেই নহয় , এই গছৰ পাত ফুল,শিপা আদিত থকা ঔষধি গুণৰ পৰা আমি বহুতো উপকাৰ পাব পাৰো।