ৰাজ্যৰ মূখ্য সচিব জিষ্ণু বৰুৱাৰ মাতৃ প্ৰতিভা বৰুৱাৰ প্ৰথমখন উপন্যাস ‘জীৱন যুদ্ধ হেতু’ বৃহস্পতিবাৰে উন্মোচন কৰা হয়।খানাপাৰাস্থিত মুখ্য সচিবৰ চৰকাৰীৰ বাসগৃহত গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই।সাধাৰণ শ্ৰমিকৰ পৰা উচ্চ পদবী সেনা বিষয়ালৈকে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ জীৱন যাত্ৰা উপন্যাসখনত তুলি ধৰিছে।
৮০ বছৰীয়া লেখিকাই ক’ৰনা মহামাৰী কালছোৱাত নাতিনীৰ অনুপ্ৰেৰণাত উপন্যাসখন সৃষ্টি কৰিছে।’জীৱন যুদ্ধ হেতু’ বৰুৱাৰ প্রথমখন উপন্যাস, প্ৰকাশিত চতুৰ্থখন গ্ৰন্থ।
উপন্যাসখন উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয়- মাতৃভাষাত কিতাপ লিখি সাহিত্যৰ ভঁৰাল চহকী কৰাত লেখিকাৰ অৱদান অতুলনীয়।ভ্ৰমণ কাহিনীত মনোনিবেশ কৰি বিভিন্ন ঠাইৰ ইতিহাস, সংস্কৃতি, সৌন্দৰ্য্যৰে তথ্য সমৃদ্ধ লেখা সৃষ্টি অসমীয়া সাহিত্যৰ বাবে ডাঙৰ কথা।নিজ মাতৃভাষা জনা লৰা-ছোৱালীয়েহে অন্য ভাষা অতি সহজতে আয়ত্ত কৰিব পাৰে- লগতে তেওঁ কয়।
উপন্যাসখন উন্মোচনী অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে।গ্ৰন্থ উন্মোচনীৰ আৰম্ভণিতে দেশৰ প্ৰথমগৰাকী সেনা সৰ্বাধিনায়ক বিপিন ৰাৱাটৰ আত্মাৰ সতগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰা হয়।