প্ৰতিশ্ৰুতিসম্পন্ন দুই উদীয়মান লেখক শিৱানী বৰা আৰু ধ্ৰুৱজ্যোতি অৰ্জুনাৰ দুখন উপন্যাস আজি উন্মোচন কৰা হয় । গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত বৰাৰ ‘বৰৰজা প্ৰমথেশ্বৰী’ আৰু অৰ্জুনাৰ ‘সৌৱালপুত্ৰ’ উন্মোচন কৰা হয় । বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী আৰু প্ৰণয় বৰদলৈয়ে উন্মোচন কৰে উপন্যাস দুখন । গ্ৰন্থ দুখন উন্মোচন কৰি দিয়া ভাষণত উন্মোচক দুগৰাকীয়ে উপন্যাস দুখনৰ বিষয় বস্তুক ভূয়সী প্ৰশংসা কৰে । ইতিহাস আৰু পুৰণি কাহিনী চর্চাৰ বাট উপন্যাস দুখনে মুকলি কৰিছে বুলিও তেওঁলোকে মতপোষণ কৰে ।
মহাভাৰতৰ অন্যতম চৰ্চিত চৰিত্ৰ শকুনিৰ ওপৰত ভিত্তি কৰি অৰ্জুনাই ৰচনা কৰিছে সৌবলপুত্ৰ।শকুনিৰ প্ৰতি থকা মানুহৰ ধাৰণাক বাদ দি সম্পূর্ণ নতুন ৰূপত ৰচনা কৰা হৈছে সৌবলপুত্ৰ। শকুনিৰ ওপৰত এনেদৰে অসমীয়া ভাষাত লিখা উপন্যাস হয়তো এয়ে প্ৰথম ।
আনহাতে ঘোৰ সামন্তীয় যুগত আহোমৰ ৰাজত্বত সিংহাসনত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী নাৰী ফুলেশ্বৰী কুঁৱৰীৰ জীৱনৰ আধাৰত শিৱানী বৰাই লিখিছে বৰৰজা ফুলেশ্বৰী । এইগৰাকী মহিয়সী নাৰী কিদৰে বৰৰজা প্ৰমথেশ্বৰী হল তাৰেই কাহিনী বৰ্ণনা কৰা হৈছে উপন্যাস খনত ।অসম বুৰঞ্জীৰ এক গৌৰবী ইতিহাস পাঠকক পুনৰ জুমি চোৱাৰ অৱকাশ পাঠকে এই উপন্যাসত লাভ কৰিব। দুয়োখন ব্যতিক্ৰমী উপন্যাস প্ৰকাশ কৰিছে অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰৰ হৈ অনিল বৰুৱাই।