গুৱাহাটী, ৯ এপ্রিল : মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ ‘অন্বেষ গোষ্ঠী’ৰ প্ৰেক্ষাগৃহত আজি সাহিত্য- সংস্কৃতিমূলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ সৌজন্যত এক বসন্ত আদৰণি বৰ্ণিল সাহিত্যানুষ্ঠানৰ লগতে তিনিমহীয়া আলোচনী “সৃষ্টিৰ অন্বেষ” শুভ উন্মোচন কৰা হয়। গোষ্ঠীৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ কুমাৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু বিগত সভাৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক পৰীক্ষিত হালৈয়ে। সমূহীয়াভাৱে আলোচননীখন শুভ উন্মোচন কৰা হয়।
সভাত বহুভাষিক সাহিত্য মঞ্চ,অসমৰ প্ৰধান সম্পাদক, সাংবাদিক, কবি দীপক শৰ্মাই কয়- বৰ্তমান মূল্যবোধৰ সংকট হৈছে। অসমীয়া ভাষালৈ সংকট নামিছে।অসমীয়া ভাষাৰ লগতে অসমৰ সৰু-বৰ ভাষা ৰক্ষাৰ বাবে আমি আগবাঢ়ি আহিব লাগিব। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ যোগেন্দ্র কুমাৰ দাসে কয়- যোগাত্মক দৃষ্টিভংগীৰে আমি কাম কৰিব লাগে।অসম-ভাৰতত ৰাষ্টা-ঘাটৰ উন্নয়ন হৈছে। ডিজিটেল হৈছে বহু কাম। আমি কিন্তু ভাষা ৰক্ষা, সংস্কৃতি ৰক্ষাৰ কাৰণে সময় সমাগত।
সভাত গুৱাহাটী উচ্চ ন্যায়ালয় গৱেষণা বিভাগৰ সঞ্চালক ড০ ৰঙ্গৰঞ্জন দাসে কয়- “উত্তৰ-পূৱ অঞ্চল প্ৰাকৃতিক সৌন্দর্যৰে ভৰপূৰ। বিভিন্ন জনজাতিৰ লোকৰে বসতি। লোক সাহিত্যত চহকী। ভাষা সাহিত্যতো চহকী উত্তৰ-পূৱ অঞ্চল।” “প্ৰাগজ্যোতিষ” কাকতৰ প্ৰচাৰ সম্পাদক ঘনশ্যাম শইকীয়া, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বাণীকান্ত গোস্বামী, ধাৰাপুৰ তালুকৰ সভাপতি তিলক কলিতা, গল্পকাৰ জগদীশ গোস্বামী, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক গীৰিন্দ্ৰ কাকতি, কবি তাপসী মজুমদাৰ গগৈ, সমাজসেৱী প্ৰশান্ত কলিতা, কামৰূপ মহানগৰ সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক বুলু কুমাৰী বড়া, প্ৰশান্ত কুমাৰ গোস্বামী, নলিনীকান্ত শৰ্মা, চৈয়দা নিশাদ ৰহমান, কৰুণা গগৈ প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰে।
সভাত জোনালী ডেকা বৰুৱা, সবিতা দেৱী বৰুৱা, মাইটি কাকতি দাস, মঞ্জুলা হুছেইন, যমুনা দুলু বৈশ্য, ৰুক্মিণী দাস, মনমোহন দাস, জিতেন চন্দ্র দাস, অতুল কলিতা, নিজৰা বৰুৱা কলিতা, স্বপ্না শৰ্মা, লক্ষ্মী দাস আদিয়ে গীত, কবিতা, প্ৰবন্ধ পাঠ কৰে। শেষত শলাগৰ শৰাই কাৰ্যকৰী সভাপতি দ্বীপেন কুমাৰ কাকতীয়ে আগবঢ়াই।