VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“বহুবাক”ৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ

বিশ্বজনীন চিন্তাৰে বহুবাকে ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে: ড০ অসমী গগৈ

voicedesk by voicedesk
March 8, 2022
in সংবাদ গুঞ্জন
“বহুবাক”ৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ
0
SHARES
59
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৮মাৰ্চ : আজি অসমৰ সমন্বয় -সংহতি- ঐক্যতা- ভাতৃত্ববোধৰ পথিকৃৎ সাহিত্যানুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাব প্ৰাঙ্গণত এখনি বহুভাষিক কবি সন্মিলন, ৪গৰাকী লেখিকাক সম্বৰ্দ্ধনা, গ্ৰন্থ উন্মোচনী সভা আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হয়। বহুবাকৰ সভাপতি তথা বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই সঞ্চালনা কৰা সভাখনিৰ আৰম্ভণিতে ঘুনুচা গগৈ প্ৰাৰ্থনা পৰিৱেশন কৰে। বহুবাকৰ প্ৰধান সম্পাদক, কবি, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা বৰ্ণময় অনুষ্ঠানটিত আদৰণি ভাষণ দিয়ে বহুবাকৰ উপ-সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্ৰধান জিতেন পায়েঙে।

দীপক শৰ্মা সম্পাদিত “সমন্বয়ৰ কন্ঠ” উন্মোচন কৰি মাধ্যমিক শিক্ষা বিভাগৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালক তথা বিশিষ্টা লেখিকা ড০ অসমী গগৈয়ে কয়- বিশ্বৰ বুকুলৈ অসমৰ পৰা বিশ্বজনীন চিন্তাৰে বহুবাকে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকাই সপোন দেখা বৰ অসমখনৰ সপোন যেন বহুবাকে গঢ়িব বিচাৰিছে।” আন্তর্জাতিক সাউতাল সভাৰ সভাপতি পৃথিবী মাঝিয়ে সভাত মুখ্য অতিথিৰ ভাষণত “বহুবাক”এ লোৱা প্ৰদক্ষেপ সচাঁকৈয় ঈৰ্ষণীয়। অসমৰ সৰ্বোকৃষ্ট সংগঠন বুলি কব পৰা যায়।

সভাত তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্র পাটৰ আমচি, ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী দৰ্পণা বৰা নেওগ, অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গৱেষণা বিষয়া ডা: বিজুজ জাহান চালেহা বেগম, বাংলা লেখিকা সুস্মিতা মজুমদাৰ, মিছিং লেখিকা তৃষ্ণা পেগু দলে, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শচীন দাস, বিশিষ্ট ভাষাবিদ প্ৰমোদ চন্দ্র ভট্টাচার্য, কবি ৰত্নেশ্বৰ বসুমতাৰী, লেখক নিশুতি মজুমদাৰ, গোলাঘাটৰ কমল দুৱৰা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ ৰবীন্দ্ৰনাথ দেৱ শৰ্মা, গোৱালপাৰাৰ বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ এম গোপাল সিংহ, গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ প্ৰাক্তন সঞ্চালক অৱনী ৰঞ্জন পাঠক, ৰাষ্ট্ৰীয় কবি সংঘমৰ প্ৰাক্তন উপাধ্যক্ষ ড০ গীতা দত্ত চহৰীয়া, ধুবুৰীৰ কবি চন্দ্রা বৰ্মন, ড০ ৰঙ্গ ৰঞ্জন দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে।

সভাতে ভিন্ন ক্ষেত্রৰ ৪ গৰাকী নাৰীক্ৰমে ডা: মণিকুন্তলা চৌধুৰী ( বিশিষ্টা চিকিৎসক, কবি, গোৱালপাৰা), মঞ্জু সিনহা (অনুবাদিকা, শিলচৰ), ঘুনুচা গগৈ বৰুৱা (শিল্পী, গুৱাহাটী) আৰু চন্দ্রপ্ৰভা দেৱী (শিক্ষাবিদ, লেখিকা, বাটৰহাট, দক্ষিণ কামৰূপ)ক চেলেং চাদৰ, স্মাৰক, মানপত্র, কিতাপৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। লগতে তিৱা শিল্পী ৰাজীৱ দলৈক অসমলৈ সন্মান কঢ়িয়াই অনা বাবে সম্ভাষণ জ্ঞাপন কৰে। সভাত সংস্কৃত, অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, বড়ো, নেপালী, সাউতাল, ৰাভা, গাৰো, কাৰ্বি, মিছিং, দেউৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, তিৱা, মণিপুৰী, দেশী, ভোজপুৰী আদি ১৮ টা ভাষাৰ কবিতা পাঠ কৰা হয়।

Previous Post

দ্য কপিল শৰ্মা শ্ব’ত ‘দ্যা কাশ্মীৰ ফাইলচ’ৰ প্ৰচাৰ নকৰাৰ বাবে ট্ৰ’ল কৰা হৈছে কপিল শৰ্মাক

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7