আফগানিস্তানৰ নাৰী নিৰ্যাতন তথা মানবীয়তাৰ অৱক্ষয়ৰ ছবিয়ে সমগ্ৰ বিশ্বৰ সংবেদনশীল মানুহৰ মন-মগজুত জোকাৰণি তুলিছে। তেনে প্ৰেক্ষাপটত ৰাজ্যখনত হৈ থকা নিৰ্যাতনৰ খবৰবোৰ যেন কিছু পৰিমাণে মুখ্য বাতৰিৰ পৰা আঁতৰি গৈছে।
নীতি আয়োগৰ সমীক্ষাত অসমে নিম্নস্থান লাভ কৰাৰ এটা অন্যতম কাৰণ আছিল নাৰী নিগ্ৰহ বা নাৰীৰ দুৰ্বল সামাজিক-পাৰিবাৰিক স্থিতি।আজিৰ প্ৰেক্ষাপটত অসমৰ নাৰী সুৰক্ষিত নহয়।
কথাষাৰ পুনৰবাৰ প্ৰমাণিত কৰি এন আৰ এলৰ বিষয়া নীহাৰ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি এগৰাকী কনিষ্ঠ অভিযন্তা যুৱতীয়ে এজাহাৰ দাখিল কৰিছে।
ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই নীহাৰ প্ৰসাদ শৰ্মাক গুৱাহাটীত আটক কৰিছে। উল্লেখযোগ্য যে এনে ধৰণৰ এটা প্ৰতিষ্ঠানতে যদি যুৱতীসকল নিৰাপদ নহয় তেনেহ’লে সমাজৰ নিম্নবৰ্গৰ মহিলাসকলৰ সুৰক্ষাৰ কথা কি ধৰণেৰে বিবেচনা কৰিব বুলি একাংশ ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিছে।
অৱশ্যে এনে ধৰণৰ অভিযোগবোৰ প্ৰায়েই উত্থাপিত হয় আৰু দোষী বিভিন্ন অজুহাতত সাৰি যায়।
নুমলীগড় শোধনাগাৰৰ দৰে এটা প্ৰতিষ্ঠানতো মহিলা কৰ্মচাৰী সুৰক্ষিত নহয় সেই কথাত আশ্বৰ্য প্ৰকাশ কৰিছে সচেতন মহলে।
প্ৰাপ্ত বাতৰি অনুসৰি নীহাৰ প্ৰসাদ শৰ্মা নামৰ এজন ডি জি এম পৰ্যায়ৰ বিষয়াই এগৰাকী যুৱতী অভিযন্তাক ১৯ জুলাইৰ দিনা নিজ গৃহলৈ নি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত নুমলীগড় আৰক্ষী চকীত ১৯ আগষ্টত যুৱতীগৰাকীয়ে এক গোচৰ ৰুজু কৰিছে। আনফালে উক্ত গোচৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে নীহাৰ প্ৰসাদ শৰ্মাক আটক কৰিবলৈ সক্ষম হৈছে।
যোৱা ৪ আগষ্ট তাৰিখেই এই নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল যদিও ৰহস্যজনকভাৱে নিৰ্যাতিত যুৱতী অভিযন্তাগৰাকীয়ে কোনো অভিযোগনামা দাখিল কৰা নাছিল বুলি জানিব পৰা গৈছে। যোৱা বৃহস্পতিবাৰে ১৯ আগষ্ট তাৰিখেহে যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰে।
এতিয়া ভুক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰ দিয়াৰ পিছত নীহাৰ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেই কথাতহে সচেতন মহলে গুৰুত্ব আৰোপ কৰিছে।