VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঋতুৰাণী শৰতৰ কথাৰেঃ তলসৰা শেৱালীয়ে আনে শৰতৰ বতৰা

voicedesk by voicedesk
September 27, 2021
in সংবাদ গুঞ্জন
ঋতুৰাণী শৰতৰ কথাৰেঃ তলসৰা শেৱালীয়ে আনে শৰতৰ বতৰা
0
SHARES
569
VIEWS
Share on FacebookShare on Twitter

নীতা চক্ৰৱৰ্ত্তী

“শেৱালী পাহিয়ে

কোমল মিচিকি হাঁহিৰে

মাতিলেহি খিড়িকী মুখতে—–“

আকৌ শৰৎ আহিছে। শেৱালী ফুলিছে। নিয়ৰ সৰিছে। আকাশলৈ বগা মেঘ আহিছে। শক্তিক এগৰাকী গোসাঁনীৰ ৰূপত আৰাধনা কৰাৰ সময় আহিছে।

“আহিন মহীয়া শেৱালী সৰিলে

    নিয়ৰত তিতিলে বন

জোনাকত ওপঙিল কিহবাৰ ৰাগি

     কেনেবা কৰিলে মন।”

শৰৎ মানেই উৎসৱ , শৰৎ মানেই আহিন , শৰৎ মানেই শেৱালী , শৰৎ মানেই কঁহুৱা -বিৰিণাৰ নাচোন , শৰৎ মানেই উদাৰ , সৃষ্টিৰ মাদকতাৰে পৰিপূৰ্ণ সকলোৰে মন। সেউজ বুলীয়া পথাৰে কঢ়িয়াই আনে আশাৰ বতৰা , বোৱাই আনে সুখৰ নিজৰা। সেয়ে শৰৎৰ স্নিগ্ধ জোনাক উপভোগ কৰি আমাৰ বৈষ্ণৱ কবিয়ে গায়——-

“পুস্পিত মন্দাৰ কুণ্ড গোন্ধে হুয়া ভোল

 মধুমত্ত অনেক ভ্ৰুমৰে কৰে ৰোল

 শৰৎ  চন্দ্ৰৰ কান্তি অতি  সুকোমল

দেখি মহা সন্তোষিত গোপী সকল।”  ( শ্ৰী কৃষ্ণৰ ৰাসক্ৰীয়া , কীৰ্তন ঘোষা )

কবি গৰাকীৰ মতে – ” শৰৎ কালৰ ৰাতি অতি বিতোপন “। সচাঁকৈয়ে শৰৎ কালৰ ফৰিং ফুটা  জোনাক অন্য ঋতুত বিৰল।

আহিন মানেই যেন এক সজীৱ ছবি। কোমল কোমল মেঘৰ লুকাভাকু , নীলিম আকাশৰ বুকুত জাক জাক বগলীৰ জীয়া ছবি , নিয়ঁৰ সিক্ত সেমেকা চোতালত শেৱালীময়  সুবাসে আনে আহিনৰ বতৰা। আহিন যেন সৰা শেৱালীৰ দলিচাহে। আহিনৰো আছে এক গোন্ধ–

“আমোলমোল শেৱালিৰ গোন্ধ

যাওঁ বুলি যাবই নোখোজে চোন।”

কবি নিৰ্মলপ্ৰভা বৰদলৈৰ আহিনো কৃষকৰ লগত , খেতিৰ লগত সংযুক্ত। আহিনৰ সেউজ পথাৰ খনে তেওঁক মনত পেলাই দিয়ে দেউতাকলৈ। সেউজ পথাৰ খনৰ লগত কৃষক দেউতাকৰ তেজ , ঘাম  আৰু শ্ৰম নিহিত হৈ আছে।

“আহিনৰ পথাৰৰ গোন্ধ

কেনেবাকৈ নাকত

আহি লাগিলে

মই হেৰা পাওঁ মোৰ দেউতাক

দোকানৰ জাপ ভঙা

গামোছাৰ সুবাসত

মই হেৰা পাওঁ মোৰ আইক।”     (ড’ নিৰ্মল প্ৰভা বৰদলৈ) 

ড’ ভূপেন হাজৰিকাৰ  সপোনৰ চহৰ শ্বিলংৰ গধূলি  সোণালী  সোৱঁৰণী কঢ়িয়াই অনাৰ লগতে তেওঁ কৈছে—–

“শৰতৰ শেৱালীৰ নতুন নিয়ৰে

শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে।”

শৰৎ কালৰ নিৰ্মল ,অনাবিল ৰূপটো ইমান সুন্দৰ ভাবে আঁকিছে ভূপেন হাজৰিকাই——

“শাৰদী ৰাণী তোমাৰ হেনো নাম

তুমি মোৰ নিচেই আপোন

সদ্যস্নাতা ৰূপহী মোৰ

পুৱতি নিশাৰ সপোন ।”

শুকুলা  শেৱালিৰ কোমল পৰশত শব্দৰ ঝংকাৰ তোলে দেৱকান্ত বৰুৱাৰ কবিতাই —–

“মনে মনে আহিবা লাহৰী

যি দৰে সন্ধ্যাৰ ছাঁই

মনে মনে পৃথিবী আবৰে।”

কবিয়ে আকৌ কৈছে——

“বনৰ শেৱালী বুটলি আনি

মনৰ ফুলৰ মাধুৰী সানি

উদ্দেশি কবি ! বিফল স্মৃতিক

সেই নিদয়াৰ

গাঁথিছা  হাৰ ? ”

শৰতৰ সৌন্দৰ্যই আমাক যি দৰে আনন্দ দিয়ে , ঠিক সেইদৰে আমাক বিষাদৰ মাজলৈ ঠেলি নিয়ে। শৰৎক যেতিয়া আমাৰ জীৱনৰ সৈতে তুলনা কৰা হয় , তেতিয়াই বিষাদ তীব্ৰতৰ হয়। শৰতৰ আছে অসম্পূৰ্ণতা , বিষাদ । শৰতৰ আহিন মাহৰ দূৰ্গাপূজাৰ আনন্দত মতলীয়া হৈ থাকোতেই  দেৱী বিসৰ্জন দি কান্দি কান্দি সকলো ভাগৰি পৰে দুখতে। আচলতে শৰততে শেৱালিৰ পাহিয়ে সূৰ্য দৰ্শণ  কৰিবলৈ নোপোৱা এক ট্ৰেজেডী ।সেয়েহে শেৱালি গছক “Tree of tears ” বুলি কোৱা হয়।

শৰৎ মানেই উৎসৱ। বিশ্বকৰ্মা পূজাৰে আৰম্ভ হোৱা  শৰতৰ উৎসৱ বোৰৰ সামৰণি পৰে দেৱালী অৰ্থাৎ পোহৰৰ উৎসৱেৰে। এই উৎসৱ সমূহৰ ভিতৰত দুৰ্গা পূজা , কালি পূজা , দেৱালী , শংকৰ দেৱৰ জন্মোৎসৱ , ঈদ , ৰাস প্ৰধান উৎসৱ।

শৰতৰ বিতোপন সময়তে শান্তিৰ বতৰা লৈ আমাৰ মাজলৈ আহিব দুৰ্গা পূজা। মা ৰ চৰণত ভক্তই কল্যাণ কামনা কৰি আশীষ বিচাৰিব। আকাশে বতাহে –ধূপ- ধূনাৰ সুবাসে , সুবাসিত হৈ পৰিব। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈ পৰিব পূজাৰ স্থলী। বতাহত নিনাদিত হব দেবীৰ বন্দনা—

“সৰ্ব মংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে

শৰণ্যে ত্ৰম্বকে গৌৰি নাৰায়ণী নমঃস্তুতে।”

Previous Post

বিখ্যাত লেখিকা তথা মহিলা অধিকাৰৰ সক্ৰিয় কৰ্মী কমলা ভাছিনৰ মহাপ্ৰয়ান

Next Post

নেপাললৈ যাব বিচাৰিছে নেকিঃ পৰ্যটকসকলে মানিব লাগিব বিশেষ কিছুমান নিয়ম

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
নেপাললৈ যাব বিচাৰিছে নেকিঃ পৰ্যটকসকলে মানিব লাগিব বিশেষ কিছুমান নিয়ম

নেপাললৈ যাব বিচাৰিছে নেকিঃ পৰ্যটকসকলে মানিব লাগিব বিশেষ কিছুমান নিয়ম

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7