“তই ভাঙিব লাগিব শিল–
তই ভাঙিব লাগিব শিল
নোৱাৰো বুলিলে নহব যে ভাই
ঢিলতে পৰিব ঢিল
ঢিলতে পৰিব ঢিল।
ক্ষত-বিক্ষত অংগ আৱৰি
মুখেদি ৰক্ত পৰিব বাগৰি
কলিজা কণিও পৰিব ভাগৰি
তেহে খুলিব খিল
তেহে খুলিব খিল।”
অসম কেশৰী , অসম হিতৈষী বিশেষণেৰে বিভূষিত অগ্নি কবি অম্বিকাগিৰি ৰায় চৌধুৰীৰ জন্ম হয় ১৮৮৫ চনৰ ১৮ ডিচেম্বৰত । দেউতাকৰ নাম আছিল কৃষ্ণৰাম ৰায় চৌধুৰী আৰু মাক দেৱকী দেৱী। অসমেই যাৰ প্ৰাণ সেই গৰাকী নমস্য ব্যক্তি — কবি , সাহিত্যিক , সংগীতজ্ঞ , সাংবাদিক , অসম সংৰক্ষিণী সভা আৰু অসম জাতীয় মহাসভাৰ গুৰি ধৰোতা , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল। অম্বিকাগিৰিয়ে অসমক মাতৃ বুলি ভবা সকলো জনগোষ্ঠীৰে সৰ্বাংগীণ উন্নতিৰ কথা চিন্তা কৰি এখন শোষণমুক্ত অসমৰ হে পোষকতা কৰিছিল।প্ৰাকৃতিক সম্পদেৰে ঐশ্বৰ্যৱন্ত অসমখন নদন-বদন হোৱাৰ লগতে প্ৰত্যেকজন অসমীয়া স্বাৱলম্বী হোৱাটো বিচাৰিছিল।
পৃথিৱীখন যে যোগ্য লোকৰ হে ভোগৰ স্থান অৰ্থাৎ নিজৰ যোগ্যতা নিজ কৰ্মৰ দ্বাৰা প্ৰতিপন্ন কৰিব পাৰি , সেই আদৰ্শ তেওঁ হাতে-কামে দাঙি ধৰিছিল।তেওঁ উদাত্ত কণ্ঠে কৈছে—
“কৰ্মৰেহে ঘটিব তোৰ বিৰাট ঐক্য সংগঠন
জীৱন জগাই ব’ই থাকিব শক্তি সবল প্ৰস্ৰৱণ
তাৰেইহে তই উটাই দিব পাৰিবি তোৰ শত্ৰুদল
নিশ্চিন্ত নিৰ্বিঘ্নতাৰে ভোগ কৰিবি মুক্তিফল।”
ডেকা শক্তিৰ সংজ্ঞা বয়সত নহয় ; কৰ্ম শক্তিত বুলি তেখেতে উল্লেখ কৰিছে। কৰ্মৰ লগত দেশৰ উন্নতিৰ কথা জড়িত আছে কাৰণে তেওঁ কৈছে —–
“কথাই কামে এক হই
তই কামত ধৰ,শ্ৰমক ধৰ
কৰ্ম- বিজয় -শংখ বজাই,
জীৱনটো তোৰ নতুন কৰ
এলাহ এৰি কামত ধৰ ,
জীৱনটো তোৰ বিৰাট কৰ।”
কেৱল ৰচনাতে নহয় কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি সচেতন নোহোৱা কোনো ব্যক্তিকে তেওঁ এৰি দিয়া নাছিল। তেওঁৰ টান কথাই একাংশ লোকক আদৰ্শ মানুহ হাচাপে গঢ়ি তুলিছিল সেই কথা স্বীকাৰ কৰিবই লাগিব। দেশৰ কাৰণে অহৰহ চিন্তা কৰা অম্বিকাগিৰীয়ে এই ৰাজ্যত বাস কৰা প্ৰতিগৰাকী লোকেই পৰিশ্ৰমী , কষ্টসহিষ্ণু , কৰ্মতৎপৰ , প্ৰাণচঞ্চল হোৱাটো বিচাৰিছিল আৰু লগতে নেতৃত্ব দিওঁতা সকলৰ প্ৰতিও তেওঁ সতৰ্ক দৃষ্টি ৰাখিছিল। প্ৰত্যেক জাতি সত্বাৰে ঐতিহ্য আৰু নিজস্ব বৈশিষ্ট কিছুমান থাকে। সেই বৈশিষ্ট আৰু ঐতিহ্যত যাতে ঘুণে নধৰে তাৰ প্ৰতি অম্বিকাগিৰীয়ে অসমীয়াক সদায় সতৰ্কবাণী শুনাইছিল। অসমীয়াৰ নিজস্ববোধ নাথাকিলে অসমো নাথাকিব আৰু জাতিও নাথাকিব বুলি তেওঁ সোঁৱৰাই দিছিল।
১৯৬৬ চনত “বেদনাৰ উল্কা” গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাদমী বঁটা লাভ কৰিছিল।
ড° ভূপেন হাজৰিকাৰ ভাষাত—-
আজি অম্বিকাগিৰীৰ
চিঞৰত সকলো
হাতে কামে নৱৰূপ দিব।
ড° ভূপেন হাজৰিকাই আশা ৰাখিছিল অম্বিকাগিৰী ৰায় চৌধুৰীৰ প্ৰেৰণাৰ দ্বাৰা প্ৰেৰিত হৈ আমি অসমীয়া সকলে নিজ নিজ ক্ষেত্ৰত কাম কৰি সফলতা অৰ্জন কৰিব পাৰোঁ। আজি মহান পুৰুষ অম্বিকাগিৰী ৰায় চৌধুৰীৰ জন্মদিনত মহান ব্যক্তি গৰাকীক সশ্ৰদ্ধ প্ৰণাম জনাইছো।