বনতুলসী জোপোহা জাতীয় গছ। সৰু সুগন্ধিদায়ক। পাতৰ ৰং পাতল সেউজীয়া। ইংৰাজী নাম Sweet basil. বন তুলসীৰ আছে বহুত ঔষধি গুণ
১) গোটেই গছজোপাই ঔষধত ব্যৱহাৰ হয়।
২) পাত চোবাই খালে মুখৰ বীজাণু নাশ হয় আৰু মুখৰ দুৰ্গন্ধ নাইকিয়া হয়।
৩) বন তুলসীয়ে ভোক বঢ়ায়।
৪) ছালৰ ৰোগ বিশেষকৈ খজুৱতি নাশ কৰিব পাৰে।
৫) বন তুলসীৰ পাতৰ ৰসে সাধাৰণ জ্বৰ , মেলেৰিয়া জ্বৰ , কাঁহ , পানীলগা , কৃমি , পেটৰ বিষ , গাঁঠি বিষ ভাল কৰিব পাৰে।
৬) বন তুলসীৰ পাত জণ্ডিচ , কেঁচুমূৰীয়া ৰোগত উপকাৰী।
৭) কাণৰ বিষ হলে বন তুলসীৰ দুই টোপাল ৰস কাণৰ বিন্ধাত দিলে বিষ লগে লগেই কমি যায়।
৮) ডিঙিৰ খচখচনি , মাত ভঙা আদিত পাতৰ ৰস উপকাৰী।
৯) বন তুলসী পাতে নিউমোনিয়া , শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰ্মূল কৰে।
১০) মুখৰ ছালৰ দাগ উঠাবলৈ বন তুলসীৰ পাতৰ ৰস মৌৰ সৈতে লগাব লাগে।