জগত জননী দেৱী মা দুৰ্গাৰ আন এটা নাম ভ্ৰমৰী দেৱী। মানুহৰ মনৰ বিশ্বাস আৰু শাস্ত্ৰসমূহতো উল্লেখ আছে যে দেৱ-দেৱীৰ কাহিনী যদি ভক্তি ভাবেৰে শ্ৰৱণ-কীৰ্তন কৰা হয় তেতিয়া বিপদ-বিঘিনি দূৰ হয় আৰু মানুহৰ মনৰ আশা পূৰ্ণ হয়। শাস্ত্ৰমতে প্ৰভু নাৰায়ণে ঋষি নাৰদৰ আগত মহামায়াৰ ভ্ৰমৰী ৰূপৰ কথা ব্যক্ত কৰিছিল।
প্ৰাচীন কালত পাতালপুৰীত অৰুণ নামেৰে এজন মহা প্ৰতাপী দৈত্যই বাস কৰিছিল। অৰুণে সদায় দেৱতা সকলক শত্ৰু জ্ঞান কৰিছিল আৰু দেৱতা সকলক আক্ৰমণ কৰাৰ সুযোগ বিচাৰি আছিল। ইন্দ্ৰদেৱতাক পৰাস্ত্ৰ কৰি স্বৰ্গৰ সিংহাসনত বহাৰ উদ্দেশ্যে এদিন দৈত্য অৰুণে হিমালয় পৰ্বতলৈ গৈ বহ্মাদেৱক ধ্যান কৰিবলৈ ধৰিলে। প্ৰথম অৱস্থাত গছৰ শুকান পাত ভক্ষণ কৰি দহ হাজাৰ বছৰ অতি কঠোৰ তপস্যা কৰিছিল। পাছৰ দুই হাজাৰ বছৰ বায়ু ভক্ষণ কৰি আছিল । শেষৰ দহ হাজাৰ বছৰ একো নোখোৱাকৈ অতি কঠোৰ তপস্যা কৰিছিল। এনে কঠোৰ তপস্যাৰ ফলত দৈত্য অৰুণৰ শৰীৰৰ হাড়-মাংস শুকাই গৈ শৰীৰৰ পৰা এক অদ্ভুত অপূৰ্ব জ্যোতি নিৰ্গত হৈ পৃথিৱী খন দগ্ধ কৰিবলৈ লৈছিল। সেই দৃশ্য দেখি দেৱতা সকলৰ মাজত হাঁহাকাৰ লাগিল আৰু তেওঁলোকে ব্ৰহ্মাদেৱৰ ওচৰলৈ গৈ কথাটো জনালে। ব্ৰহ্মাদেৱে কথা বিষম জানিব পাৰি গায়ত্ৰী মাতাক লগত লৈ অৰুণে তপস্যা কৰা ঠাইলৈ গ’ল। ব্ৰহ্মাদেৱে চিন্তা কৰি চাই ওচৰলৈ গৈ ক’লে –“বোপা অৰুণ মই তোমাৰ তপস্যাত সন্তুষ্ট হৈছো তোমাক কি বৰ লাগে কোৱা”। অৰুণে চকু মেলি চাই হাতযোৰ কৰি ক’লে –দেৱী গায়ত্ৰীয়ে মোৰ কণ্ঠত থাকি সদায় গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰিব পৰাকৈ বৰ দি মোক ধন্য কৰিব লাগে। গায়ত্ৰী দেৱীয়ে অৰুণক কলে -কিবা কাৰণে যদি তুমি মোক ত্যাগ কৰা আৰু ত্ৰিসন্ধ্যা সদায় জপ কৰিব নোৱাৰা ,যদি কেনেবাকৈ এক সন্ধ্যাও বাদ পৰে তেতিয়া তোমাৰ অমংগল হ’ব। এই কথা যদি ৰাখিব পাৰা তেতিয়াহে মই তোমাৰ কণ্ঠত থাকিব পাৰিম। অৰুণে গায়ত্ৰী দেৱীক কথা দি বৰ গ্ৰহণ কৰিলে আৰু সৃষ্টি কৰ্তা ব্ৰহ্মাদেৱক চাৰিও যুগ অমৰত্ব হোৱাৰ বৰদান বিচাৰিলে। অৰুণৰ ইচ্ছা অনুসৰি ব্ৰহ্মাদেৱে অস্ত্ৰ-শস্ত্ৰ , নাৰী-পুৰুষ , অগ্নি , চতুষ্পদ প্ৰাণী বা বজ্ৰাঘাটেও মাৰিব নোৱাৰা বৰ দান কৰি গায়ত্ৰী দেৱীৰ সৈতে তাৰ পৰা আঁতৰি গ’ল।
গায়ত্ৰী দেৱী আৰু ব্ৰহ্মাদেৱৰ পৰা বৰ পাই দৈত্য অৰুণে অহংকাৰত মত্ত হৈ স্বৰ্গৰাজ্য অধিকাৰ কৰি দেৱতা সকলক নানা অত্যাচাৰ কৰিবলৈ ধৰিলে।উপায় নাপাই দেৱতা সকলে ব্ৰহ্মাদেৱৰ ওচৰলৈ গ’ল আৰু সকলো কথা বিবৰি কলে।বহ্মা -বিষ্ণু আৰু মহেশ্বৰে একেলগে আলোচনা কৰি থাকোতে আকাশবানী হোৱাত , দেৱতা সকলক মা-ভুৱনেশ্বৰীক স্তুতি কৰিবলৈ আদেশ দিলে। ইফালে দৈত্য অৰুণে তপোবলৰ দ্বাৰা নানা ৰূপ ধৰি সূৰ্যলোক , চন্দ্ৰলোক অধিকাৰ কৰি ৰাজত্ব কৰিবলৈ ধৰিলে। দেৱতা সকলে সহ্য কৰিব নোৱাৰি দেৱগুৰু বৃহস্পতিৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।দেৱতা সকলৰ কথামতে গুৰু বৃহস্পতি অৰুণৰওচৰলৈ গ’ল আৰু দেৱতা সকলেও দেৱী ভুৱনেশ্বৰীক ধ্যান কৰিবলৈ ধৰিলে। দৈত্য অৰুণে গুৰু বৃহস্পতিক প্ৰনাম জনাই সুধিলে -মইতো আপোনাৰ বিৰোধী গতিকে আপোনাৰ অহাৰ উদ্দেশ্য কি মোক বুজাই কওঁক। তেতিয়া গুৰু বৃহস্পতিয়ে নম্ৰভাবে ক’লে –তুমিতো আমাৰ আৰাধ্যা দেৱী গায়ত্ৰীক ত্ৰিসন্ধ্যা জপ কৰি আহিছা। আমি একে দেৱীৰ ভক্ত আৰু একে দেৱীৰ সন্তান গতিকে আমি কেনেকৈ শত্ৰু হ’ব পাৰোঁ। তুমি আমাৰ সমগোত্ৰী , তুমি আমাৰ বিপক্ষী নোহোৱা। দেৱীৰ মায়াত মোহিত হৈ দুষ্টবুদ্ধিৰ অৰুণে সকলো পাহৰি গৈছিল ।অহংকাৰত মত্ত অৰুণে ত্ৰিসন্ধ্যা জপ কৰি দেৱতা সকলৰ লগত থাকিব নোৱাৰে বুলি কৈ সন্ধ্যা কৰিবলৈ বন্ধ কৰি দিলে। দেৱতা সকলে আনন্দিত হৈ একান্ত মনে মহামায়াক তপস্যা কৰিবলৈ ধৰিলে। দেৱী মহামায়াই শান্ত মূৰ্তি ধাৰণ কৰি দেৱতা সকলক দেখা দিলে ।দেৱীৰ ডিঙিত আছিল অসংখ্য ভ্ৰমৰ মুক্ত সুগন্ধি ফুলৰ মালা আৰু দেৱীৰ চৌপাশে কৌটি কৌটি ভ্ৰমৰ আৰু ভ্ৰমৰীয়ে গুণ গুণ শব্দ কৰি দেৱীৰ চাৰিওফালে ঘূৰি আছিল। দেৱতা সকলৰ পৰা অৰুণৰ কাহিনী শুনি দেৱীয়ে নিজৰ দেহৰ পৰা কৌটি কোটি ভ্ৰমৰ -ভ্ৰমৰী জন্ম দি সিহঁতক দৈত্য অৰুণৰ সৈন্য সকলক বধ কৰিবলৈ নিৰ্দেশ দিলে । ভ্ৰমৰ-ভ্ৰমৰীৰ দংশনত মৰণ কাতৰ চিঞৰ মাৰি দৈত্য সকলে মাটিত বাগৰি পৰি মৃত্যু বৰণ কৰিছিল। ভ্ৰমৰ-ভ্ৰমৰী সকলে দৈত্য অৰুণৰ দেহত প্ৰবেশ কৰি দংশন কৰিবলৈ ধৰাত বিষ সহ্য কৰিব নোৱাৰি দৈত্য অৰুণে প্ৰাণ ত্যাগ কৰিলে। এনে আচৰিত দৃশ্য দেখি দেৱতা সকলে ভক্তি ভাবেৰে দেৱীক পূজা-অৰ্চনা কৰিবলৈ ধৰিলে। দেৱী সন্তুষ্ট হৈ ভ্ৰমৰ-ভ্ৰমৰী সকলক সামৰি লৈ তাৰ পৰা অন্তৰ্ধান হ’ল।
দেৱী মহামায়াৰ এই ৰূপৰ নাম ভ্ৰমৰী দেৱী। যেতিয়াই পৃথিৱীত অন্যায় -অত্যাচাৰে আগুৰি ধৰে ,তেতিয়াই আদ্যাশক্তি মহামায়াই বিভিন্ন ৰূপ ধৰি মানৱ সমাজৰ কল্যান সাধন কৰি আহিছে যুগে যুগে।