VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ কলিয়াবৰত “মঞ্চ”ৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদৰ গীত প্ৰতিযোগিতাৰ সামৰণি

voicedesk by voicedesk
December 11, 2023
in সংবাদ গুঞ্জন
নগাঁৱৰ কলিয়াবৰত “মঞ্চ”ৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদৰ গীত প্ৰতিযোগিতাৰ সামৰণি
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১০ডিচেম্বৰ:–সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই পিতৃ-মাতৃৰ নামত উৎসৰ্গিত বঁটাৰে নগাঁও জিলাৰ কলিয়াবৰত “মঞ্চ“ৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱা গীত প্ৰতিযোগিতা । হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱন প্ৰেক্ষাগৃহত দিনজোৰাকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাখনি ১৯৯২চনৰ পৰা ধাৰাবাহিকভাৱে চলি অহা প্ৰতিযোগিতাখনিৰ প্ৰতি আকৃষ্ট হৈয়ে ২০০১ চনত সুধাকণ্ঠ ড° হাজৰিকাই পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ সোঁৱৰণত আগবঢ়াইছিল ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগীৰ চলন্ত বঁটাটি ।

ইয়াৰ লগে লগে চলন্ত বঁটাটিয়ে ধন্য কৰিছিল “মঞ্চ” নামৰ চালুকীয়া অনুষ্ঠানটোক। ২০০১ চনত মঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ড° ভূপেন হাজৰিকা সোঁশৰীৰে উপস্থিত হৈ উদ্যোক্তাসকলৰ হাতত বঁটাটি প্ৰদান কৰিছিল। সেই অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ লগত সংগ দিছিল বিশিষ্ট গীটাৰবাদক কমল কটকী,প্ৰসিদ্ধ শিল্পী প্ৰয়াত প্ৰনৱিৰাম বৰুৱা,তবলাবাদক সূৰ্য গোস্বামী,নগাঁৱৰ বিশিষ্ট শিল্পী প্ৰয়াত জ্ঞানদা বৰা,যজ্ঞ বেজবৰুৱা আদি। সেই প্ৰতিযোগিতাত ৰাইজক সম্বোধন কৰি বিশ্ব বৰেণ্য শিল্পীগৰাকীয়ে কৈছিল–“মোৰ গীতবোৰ এদিন ভূপেন্দ্ৰ সংগীত হ’বগৈ বুলি মই সৰুতে গান গোৱা নাছিলোঁ ।

ইয়াৰ লগে লগে পাৰ্বতি প্ৰসাদ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ প্ৰনৱিৰাম বৰুৱাইও পিতৃৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰাৰ পাছৰে পৰা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল। ‘মঞ্চ’ৰ সৌজন্যত দিনজোৰাকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাস্থলীত উপস্থিত থাকি বঁটা প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। এই অনুষ্ঠানটোতে ‘মঞ্চ’লৈ মন্ত্ৰী মহন্তই পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ “ক” শাখাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁই,কাজিৰঙাৰ ভিটালী গগৈ আৰু গুৱাহাটীৰ পাণ্ডুৰ দেৱস্মিতা কাশ্যপে।

বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে বিশ্বনাথ চাৰিআলিৰ কুৱলী বৰঠাকুৰ,শিৱসাগৰৰ ৰণ কোঁৱৰ আৰু সৰুভগীয়াৰ সংগীতা বৰাই। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ “খ” শাখাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নগাঁৱৰ আয়ুশ্ৰী দাস,উত্তৰ লখিমপুৰৰ কৌশিকী হাজৰিকা আৰু নগাঁৱৰ চকলাঘাটৰ কৃষ্টিকণ্যা শইকীয়াই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে ৰাজকুমাৰী ফাল্গুনী, কলিয়াবৰৰ হাতীবন্ধাৰ অক্ষা তিমচিনা আৰু নগাঁও চামগুৰিৰ উন্মনা হাজৰিকাই । ইপিনে,পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাৰ “ক” শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে বিশ্বনাথ চাৰিআলিৰ কুঁৱলী বৰঠাকুৰ, বোকাখাতৰ ত্ৰিদিষ্ণা বৰা আৰু গুৱাহাটী পাণ্ডুৰ দেৱস্মিতা কাশ্যপে।

বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে শ্ৰদ্ধা বৰগোহাঁই,কলিয়াবৰৰ অনিমেষ শইকীয়া আৰু শাকমুঠীয়া চাহ বগিচাৰ আৰমিনা ভ’ই। পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীত প্ৰতিযোগিতাৰ “খ” শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে শিৱসাগৰৰ ৰাজকুমাৰী ফাল্গুনী,কামপুৰৰ আৰ্যা বৰগোহাঁই আৰু গুৱাহাটীৰ বৰাগাঁৱৰ প্ৰিয়াঞ্চী বৰ্মনে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে আয়ুশ্ৰী দাস,গোৱালপাৰাৰ তানিষ্ঠা গৌতম আৰু জখলাবন্ধাৰ ৰিজা মিৰ্ধাই। প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট তবলা বাদক সূৰ্য গোস্বামী,বিশিষ্ট সংগীত শিল্পী তথা “আমাৰ অসম”কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু কণ্ঠশিল্পী বিবলি ভাগৱতীয়ে ।

বিপুল হাজৰিকা আৰু প্ৰিয়ংকা শৰ্মাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উপৰিও বিশিষ্ট সমাজকৰ্মী তথা বি জে পি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাও উপস্থিত থাকি বঁটা প্ৰদান কৰে। উল্লেখ্য যে পুৱা স্থানীয় শিল্পীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনি উদ্বোধন কৰে কলিয়াবৰ নিৰ্বাচনী বিষয়া ড° ভূপালী কাশ্যপে। আৰম্ভণিতে সুধাকণ্ঠ আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। অসমৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত দুই শতাধিক লোক উপস্থিত থাকে ।

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

নগাঁৱত পদ্মশ্ৰী যাদৱ পায়েঙক “ছহিদ কৰম সিং জনমভূমি বঁটা” প্ৰদান,নন্দ সিং বৰকলাৰ “হাদিৰাচকী” উন্মোচন

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
নগাঁৱত পদ্মশ্ৰী যাদৱ পায়েঙক “ছহিদ কৰম সিং জনমভূমি বঁটা” প্ৰদান,নন্দ সিং বৰকলাৰ “হাদিৰাচকী” উন্মোচন

নগাঁৱত পদ্মশ্ৰী যাদৱ পায়েঙক "ছহিদ কৰম সিং জনমভূমি বঁটা" প্ৰদান,নন্দ সিং বৰকলাৰ "হাদিৰাচকী" উন্মোচন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7