ভাৰতীয় নাৰী যুগে যুগে বিভান্ন ৰূপত আত্মবলিদান দিয়াৰ কথা আমি সকলোৱে জানো। কেতিয়াবা কোনোগৰাকীয়ে দেশৰ কাৰণে , কোনো নাৰীয়ে স্বামীৰ কাৰণে , কোনো নাৰীয়ে সন্তানৰ কাৰণে আৰু কোনো মহিলাই নিজৰ সন্মান ৰক্ষাৰ বাবে আত্মবলিদান দিয়া কথা বুৰঞ্জীয়ে সোৱঁৰাই দিয়ে। বিশেষকৈ ৰাজপুত মহিলাই স্বামীৰ যুদ্ধত মৃত্যু হ’লে বা যুদ্ধত পৰাজিত হোৱাৰ সম্ভাৱনা দেখিলে , তাত প্ৰচলিত ‘জহাৰ’ পৰম্পৰা অনুসৰি সকলো মহিলাই একেলগে জুইত জপিয়াই আত্মজাহ দিয়াৰ কথা বুৰঞ্জীয়ে কয়। ইয়াৰ জৰিয়তে শত্ৰুৰ হাতৰ পৰা তেওঁলোকৰ সতীত্ব তথা সন্মান ৰক্ষা কৰাৰ লগতে নিজৰ স্বামী সকলকো দুগুণ উৎসাহেৰে যুঁজ দিবলৈ অনুপ্ৰেৰণা যোগায়। ৰাণী পদ্মিনীৰ আত্মবলিদানে আমাক আজিও সোঁৱৰাই দিয়ে নাৰী সৌন্দৰ্যময়ী হোৱাৰ লগতে অনন্য ত্যাগৰ প্ৰতীক।
প্ৰায় ৬০০ বছৰৰ আগতে আলাউদ্দিন খিলিজীয়ে উত্তৰ ভাৰতৰ হিন্দু ৰাজ্যবিলাক জয় কৰাৰ পাছত ৰাজপুত বিলাকৰ ৰাজধানী চহৰ চিতোৰ আক্ৰমণ কৰে। চিতৰৰ শাসক ভীম সিংহৰ সৈন্যসকল অতি সাহসী আৰু যুদ্ধবিদ্যাত পাৰ্গত থকা বাবে তেওঁৰ সৈন্যবাহিনীয়ে ৰাজপুত সেনাসকলক পৰাজয় কৰিব নোৱাৰিলে। কিন্তু কিছুদিনৰ পাছত তেওঁ পুনৰ চিতোৰ আক্ৰমণ কৰিলে আৰু দ্বিতীয় খন যুদ্ধত ৰাজপুত সৈন্য সকল জয়লাভ কৰিব নোৱাৰি পিছ-হুঁহুকি গল। ৰাণী পদ্মিনীৰ অপৰূপ সৌন্দৰ্যৰ বিষয়ে শুনি তেওঁক পোৱাৰ উদ্দেশ্য আগত ৰাখি খিলিজীৰ সৈন্যবিলাকে দুৰ্গটো আগুৰি ধৰিলে।
আলাউদ্দিন খিলিজীয়ে চৰ্ত ৰাখিলে যে , যদি পদ্মিনীয়ে তেওঁক আহি দেখা কৰে তেন্তে তেওঁ দুৰ্গটোৰ পৰা অৱৰোধ উঠাই ল’ব। ৰাণাই আলাউদ্দিনৰ কথাত কোনো সন্দেহ কৰা নাছিল যদিও তেওঁ ৰাণীক এখন আইনাৰ যোগেদি দেখুৱাবলৈ সন্মত হ’ল। আলাউদ্দিনে আৰ্চিত ৰাণী পদ্মিণীৰ ৰূপ দেখি পাগলৰ দৰে হ’ল। তেওঁ ৰাণীক পাবলৈ নতুন বুদ্ধি উলিয়ালে। ৰাণাক তেওঁ নিজৰ কেম্পলৈ মাতি পঠিয়ালে আৰু নিৰাপদে ঘূৰি যোৱাৰ প্ৰতিশ্ৰুতি দিলে। সৰল প্ৰকৃতিৰ ৰজাই বিশ্বাস ৰাখি অস্ত্ৰ – শস্ত্ৰ নোলোৱাকৈ কেম্পলৈ যোৱাত আলাউদ্দিনে ৰাণাক আটক কৰি ৰাখিলে আৰু ৰাণীলৈ খবৰ পঠালে যদি ৰাণাৰ মুক্তি বিচাৰে তেন্তে তেওঁ নিজে কেম্পলৈ আহি ৰাণাক নিব পাৰে। বুদ্ধিমতী পদ্মিনীয়ে আলাউদ্দিনৰ ছল-চাতুৰী বুজিব পাৰি খবৰ পঠালে যে তেওঁ যুদ্ধক্ষেত্ৰত হে তেওঁক লগ ধৰিব। তেওঁক সন্মান সহকাৰে লগ ধৰিব লাগিব আৰু তেওঁক লগ ধৰিব যাওঁতে ৰাজ পৰিয়ালৰ নিয়ম অনুসৰি লগত ৫০০ জনী চাকৰণী লৈ যাব বুলি চৰ্ত আগবঢ়ালে। খিলিজীয়ে মান্তি হোৱাত ৰাণীয়ে ৫০০ খন দোলাত ৫০০ গৰাকী চাকৰণীৰ নামত ৫০০ জন সুসজিত সৈন্য আৰু ১০০০ দোলাভাৰী লৈ উপস্থিত হ’ল । আলাউদ্দিনে ৰাণীক লগ ধৰিবলৈ আহি ৰাণীৰ সৈন্যৰ লগত যুদ্ধ কৰিবলগীয়া হোৱাত , আকস্মিক যুদ্ধত আলাউদ্দিন পৰাস্ত্ৰ হয় আৰু ৰাণীয়ে তেওঁক বন্দী কৰাৰ লগতে ৰাণাক মুক্তি কৰি লৈ আহে। ৰাজপুত পৰম্পৰা মতে যুদ্ধবন্দীক হত্যা কৰিব নালাগে আৰু সেই কাৰণে কোনো অপকাৰ নকৰাকৈ আলাউদ্দিনক মুক্তি দিলে।
আলাউদ্দিনে সু সজ্জিত বাহিনী লৈ তৃতীয় বাৰৰ বাবে চিতোৰ আক্ৰমণ কৰে। অতি কম সময়ৰ ভিতৰত প্ৰস্তুত নথকাৰ বাবে ৰাণা আৰু ৰাজপুত সকলে পৰাজিত হ’ল। ৰাণী পদ্মিনীয়ে ৰাজপুত সকলৰ পৰাজয়ৰ খবৰ পাই দুৰ্গৰ ভিতৰতে সমূহীয়া ভাৱে জুইত জাপ দি আত্মহত্যা কৰিলে। আলাউদ্দিনে ভিতৰত প্ৰবেশ কৰি কাকো নাপাই হতাশ হ’ব লগীয়া হ’ল।আলাউদ্দিনৰ উদ্দেশ্য সফল নহ’ল।
এইদৰে ভাৰতীয় নাৰী অকল সৌন্দৰ্যৰ গৰাকীয়ে নহয় , সৌন্দৰ্যৰ লগতে অপৰিসীম বুদ্ধিমত্তা আৰু ত্যাগৰ পৰিচয় বহন কৰি আহিছে। ৰাজস্থানত এই বীৰাংগনা গৰাকীৰ আত্মবলিদানৰ কথা আজিও দেশবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। ভাৰতীয় নাৰীয়ে অতীজৰে পৰা গৌৰৱ বহন কৰি আহিছে আৰু সদায় গৌৰাৱান্বিত কৰি ৰাখিব যুগে যুগে।