পিকচাৰ বুকচ শ্ৰেণীত ‘নৰ্থ কেৰোলিনা চিল্ড্ৰেনছ বুক এৱাৰ্ড’ৰ বাবে তালিকাভুক্ত ১২খন কিতাপৰ ভিতৰত অন্তৰ্ভূক্ত হ’ল ‘অৰণ্য মানৱ’ যাদৱ পায়েঙৰ জীৱনৰ আধাৰত ৰচিত গ্ৰন্থ ‘দ্য বয় হু গ্ৰু এ ফৰেষ্ট’ ।আমেৰিকান বঁটা বিজয়ী শিশু গ্ৰন্থৰ লেখিকা চফিয়া ঘোলজৰ দ্বাৰা ৰচিত আৰু কায়লা হাৰেনৰ দ্বাৰা চিত্ৰিত শিশু গ্ৰন্থখন পিকচাৰ বুকচ শ্ৰেণীৰ অধীনত বাছনি কৰা হৈছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ছফিয়াই এই সন্মানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে অৰণ্য মানৱ গৰাকীক। তেওঁ কয়,’এই সন্মানৰ বাবে আপোনাক ধন্যবাদ। মই আশা কৰোঁ নৰ্থ কেৰোলিনাৰ ল’ৰা ছোৱালীবোৰে যাদৱ পায়েঙৰ কাহিনীত অনুপ্ৰেৰণা পাব।‘
এইটো মন কৰিবলগীয়া যে “ভাৰতৰ অৰণ্যমানৱ” হিচাপে পৰিচিত যাদৱ পায়েঙে এককভাৱে ৫৫০ হেক্টৰ মাটিত এখন বনাঞ্চল গঢ়ি তুলিছিল আৰু অসমৰ মাজুলীৰ কাষৰ এক অনুৰ্বৰ দৃশ্যক এক সুন্দৰ অৰণ্যলৈ ৰূপান্তৰিত কৰিছিল যাক ‘মোলাই বন’ বুলি কোৱা হয়।
প্ৰথমতে, পায়েঙে বাঁহ ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত আন প্ৰজাতি সমূহো অন্তৰ্ভূক্ত কৰা হৈছিল। তেওঁৰ এই বৃক্ষৰোপণ কাৰ্য এক সময় সাপেক্ষ পদ্ধতি যেন লাগিছিল ৷ তেওঁৰ অৰণ্যৰ আকাৰ বাঢ়ি অহাৰ লগে লগে অৰণ্যৰ বাসিন্দাৰ সংখ্যাও বাঢ়ি গৈছিল। শ শ প্ৰজাতিৰ চৰাই, হৰিণ, গঁড় আৰু বাঘেৰে অতি সোনকালেই অৰণ্যখন ভৰি পৰিছিল ৷ অৰণ্যখনলৈ এটা হাতীৰ জাকো আহিছিল যি বছৰৰ তিনি মাহ ইয়াত বাস কৰিছিল।
পায়েঙৰ আটাইতকৈ ডাঙৰ ভয় হৈছে বাণিজ্যিক বনধ্বংস, যি উদ্ভিদ আৰু জীৱ-জন্তুবোৰক মানুহৰ আভাষৰ সন্মুখীন কৰে। তেওঁ যুক্তি দিয়ে যে মানুহে প্ৰকৃতিক পুনৰ স্থাপন আৰু মূল্য দিয়াৰ গুৰুত্ব বুজিপোৱাত ব্যৰ্থ হয় – যি হৈছে জীয়াই থকাৰ মূল চাবিকাঠি।