উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে এদিনীয়া অসম ভ্ৰমণসূচীত গুৱাহাটীত উপস্থিত হৈ পাণ বজাৰস্থিত ব্ৰহ্মপুত্ৰ নদীৰ সমীপত বৰফুকনৰ টিলাৰ শীৰ্ষত থকা উপায়ুক্তৰ বঙলাটো ৰূপান্তৰ কৰি প্ৰতিষ্ঠা কৰা মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰৰ শুভ উদ্বোধন কৰে।
১৯৩৯ চনৰ পৰা ২০২১লৈকে বৰফুকন টিলাত উপায়ুক্তৰ আৱাস গৃহ আছিল। পিছত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেন্ট আঁচনিৰ জৰিয়তে বঙলাটো ঐতিহ্য ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰে।
উপ ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে সভাত উপস্থিত থাকে অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংঘাল, সাংসদ কুইন ওজাকে ধৰি বিভিন্ন বিভাগৰ বিষয় ববীয়াসকল উপস্থিত থাকে।
বৈঠকত উপস্থিত থাকি উপ ৰাষ্ট্ৰপতি গৰাকীয়ে কেন্দ্ৰীয় আৰু অসম চৰকাৰক স্কুলৰ পাঠ্যক্ৰমত পানী বা নদী সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে এদিনীয়া অসম ভ্ৰমণসূচীত অংশ লৈ উপ ৰাষ্ট্ৰপতি গৰাকীয়ে জি এইম চি এইচৰ কৰ্কট হস্পিতালত PET MRI শাখা উন্মোচন কৰাৰ লগতে ৰাজ্যিক কলাক্ষেত্ৰত অনুষ্ঠিত সভাত অংশ লৈ গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰে।