ৰাজ্যৰ অন্যতম সমন্বয়-সংহতি-ঐক্যতাৰ সাহিত্যানুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ সৌজন্যত অহা ১৩ ফেব্রুৱাৰী, ২০২২ তাৰিখ, দেওবাৰে দিনৰ যথা সময় ১ (এক) বজাত দিশপুৰ প্ৰেছ ক্লাবত “বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ অতীত, বৰ্তমান, ভৱিষ্যৎ” লগতে “গতি আৰু প্ৰকৃতি” বিষয়ৰ ওপৰত আলোচনাচক্র অনুষ্ঠিত হ’ব বুলি “বহুবাক” ৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ আৰু প্ৰধান সম্পাদক দীপক শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে। অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠকে উদ্ধোধন কৰিবলগীয়া আলোচনাচক্রত আলোচক হিচাপে অংশ ল’ব ক্ৰমে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহযোগী অধ্যাপিকা ড০ সঞ্জীতা সিংহ আৰু অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক তথা নাহৰলগুণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰবীকান্ত সিংহই । আলোচনাচক্রৰ আদৰণি ভাষণ প্ৰদান কৰিব “বহুবাক”ৰ উপ-সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্ৰধান জিতেন পায়েঙে।আলোচনাচক্রত ভাষাপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।