ভাৰতৰ বহু ঠাইৰ ৰে’ল ষ্টেচন সমূহৰ নামৰ পিছত লিখা ‘ৰোড’ শব্দটোত লুকাই আছে এক গভীৰ ৰহস্য ।যি শব্দই ৰে’ল যাত্ৰীসকলক দিব পাৰে কিছু বিশেষ তথ্য ৷
সাধাৰণতে ভাৰতৰ ৰে’ল ষ্টেচনসমূহৰৰ নামৰ পিছত জংচন, টাৰ্মিনেল আৰু ৰোড আদিৰ দৰে শব্দবোৰ ব্যৱহাৰ কৰা দেখা যায়। যাৰ বাবে আপোনাৰ মনত হয়তো প্ৰশ্ন উদয় হ’ব পাৰে যে যিকোনো চহৰৰ ষ্টেচনৰ নামৰ পিছত ৰে’লৱেয়ে কিয় এই বিশেষ শব্দবোৰ ব্যৱহাৰ কৰে?
আচলতে কেৱল যাত্ৰীসকলক কিছু বিশেষ তথ্য দিবলৈহে ব্যৱহাৰ কৰা হয় এই শব্দবোৰ । ৰে’লৱে ষ্টেচনৰ নামৰ পিছত ব্যৱহাৰ কৰা ৰোড শব্দটোৱে ষ্টেচনটোৰ বিষয়ে দিয়ে বিশেষ তথ্য । এই শব্দটোৱে যাত্ৰীসকলক জনায় যে সেই ষ্টেচনটো চহৰৰ ভিতৰত নহয়, বৰঞ্চ চহৰৰ পৰা কিছু দূৰত্বত অৱস্থিত। এই দূৰত্ব ২ কিলোমিটাৰৰ পৰা আৰম্ভ কৰি ১০০ কিলোমিটাৰ পৰ্য্যন্ত হ’ব পাৰে।
গতিকে যদি আপুনি হাজৰিবাগ ৰোড, ৰাঞ্চি ৰোড আৰু আবু ৰোড আদি ৰে’লৱে ষ্টেচনত নামিছে, তেন্তে আগতীয়াকৈ জানিব লাগিব যে এইবোৰৰ যিকোনো এখন চহৰলৈ যাবলৈ ষ্টেচনত নামি তাৰ পৰা আন কিবা উপাযয়েৰেহে যাব লাগিব। কাৰণ ৰে’লখনে আপোনাক চহৰৰ পৰা কিছু দূৰৈৰ ষ্টেশনতহে নমাই দিব।
ৰ’ড নামেৰে নামাকৰণ কৰা ৰে’লৱে ষ্টেচনৰ পৰা চহৰলৈ দূৰত্ব হ’ব পাৰে২-৩ কিলোমিটাৰৰ পৰা ১০০ কিলোমিটাৰলৈকে । ভাছাই ৰোড ৰে’লৱে ষ্টেচনৰ পৰা যেনেকৈ ভাছাই চহৰলৈ দূৰত্ব ২ কিলোমিটাৰ, কোডাইকানাল চহৰো কোডাইকানাল ৰোড ৰে’লৱে ষ্টেচনৰ পৰা ৭৯ কিলোমিটাৰ দূৰত অৱস্থিত।
একেদৰে হাজৰিবাগ ৰোড ৰে’লৱে ষ্টেচনৰ পৰা ৬৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত হাজৰিবাগ চহৰ। ৰাঞ্চি ৰোড ৰে’লৱে ষ্টেচনৰ পৰা ৪৯ কিলোমিটাৰ দূৰত্বত ৰাঞ্চি চহৰ আৰু আবু ৰোড ৰে’লৱে ষ্টেচনৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত আবু চহৰ । কিন্তু এনে বহু ৰে’লৱে ষ্টেচনৰ আশে-পাশে এতিয়া বহুল সংখ্যক জনবসতি । কিন্তু এই ৰে’ল ষ্টেচনবোৰ নিৰ্মাণ কৰাৰ সময়ত তাত কোনেও বাস কৰা নাছিল।