ৰঙা আলু মাটিত বগাই যোৱা এবিধ উদ্ভিদ।
ইংৰাজী নাম – Sweet Potato
বৈজ্ঞানিক নাম – Ipomoca bafatos(L)
ৰঙা আলুক বহুতে গৰিয়া আলু বুলিও কয়। আলুটো ৰঙা ,ইয়াৰ গা গছৰ পৰা পাত আৰু শিপা ওলায়। আলুত সৰু সৰু শিপা থাকে। আলু কেঁচাই খাব পাৰি।জুইত পুৰি আৰু সিদ্ধ কৰিও খাব পাৰি। আলু খাবলৈ সোঁৱাদযুক্ত আৰু মিঠা লাগে বাবে বহুতে ইয়াক মিঠা আলু বুলিও কয়। এই মিঠা আলুৰো আছে বহুত ঔষধি গুণ-
১) ৰঙা আলু এবিধ পুষ্টিকৰ খাদ্য। ৰঙা আলুত বহু প্ৰকাৰৰ খাদ্য উপাদান পোৱা যায়।
২) ৰঙা আলুত থকা লৌহ পদাৰ্থই আমাৰ শৰীৰত তেজ বৃদ্ধি কৰাত সহায় কৰে।
৩) ৰঙা আলুৱে চকুৰ দৃষ্টি শক্তি বঢ়াত সহায় কৰে।
৪) ৰঙা আলুৱে শৰীৰ হৃষ্ট-পুষ্ট কৰিব পাৰে।
৫) ই এবিধ শক্তিদায়ক আলু।ৰঙা আলু জুইত পুৰি বা পানীত সিদ্ধ কৰি গাখীৰৰ লগত খালে টনিকৰ কাম কৰে।
৬) ৰঙা আলু খালে শৰীৰৰ ওজন বাঢ়ে।
৭) ৰঙা আলুৱে প্ৰস্ৰাৱ বন্ধ হোৱা ৰোগ নিৰাময় কৰে।
৮) প্ৰস্ৰাৱ জ্বলা – পোৰা ৰোগত ৰঙা আলু উপকাৰী।
৯) ৰঙা আলু খালে ডায়েৰিয়া ভাল হয়।