তিতাকেৰেলা এবিধ আৰোহী লতা। ইয়াৰ পাত সৰল আৰু দীঘল।ফুলৰ ৰং হালধীয়া। ফল দীঘলীয়া আৰু ফলৰ ওপৰত জোঙা -জোঙা কাঁইট থাকে। তিতাকেৰেলা কেঁচাতে সেউজীয়া বৰণৰ কিন্তু পকিলে হালধীয়া বা কমলা ৰঙৰ হয়। গোটেই বছৰ ফল আৰু ফুল হয়।
ইংৰাজী নাম – Bitter Gourd.
বৈজ্ঞানিক নাম – Momordica Charantia Linn তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰো আছে বহুত ঔষধি গুণ-
১) তিতাকেৰেলাই তেজ পৰিষ্কাৰ কৰে
২) তিতাকেৰেলা কৃমিনাশক , উত্তেজক , বহুমূত্ৰ নাশক , ফোহা নাশক আৰু প্লীহা নাশক।
৩) বৃক্ক বা মূত্ৰস্থলীত পাথৰ হ’লে তিতাকেৰেলাৰ ৰস পাঁচ চামুচ গৰুৰ দৈৰ সৈতে ভাত খোৱাৰ পাছত খাব লাগে।
৪) তিতাকেৰেলাৰ ৰস খালে গাৰ বিষ ভাল হয়।
৫) মেলেৰীয়া জ্বৰত তিতাকেৰেলাৰ পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস উপকাৰী।
৬) তিতা কেৰেলাৰ পাতৰ ৰস মৌৰ লগত খালে যকৃতৰ ৰোগ ভাল হয়।
৭) তিতাকেৰেলাৰ ৰস বাতবিষ আৰু গাঁঠিৰ বিষৰ বাবে উপকাৰী।
৮) তিতাকেৰেলাৰ ৰসে কুকুৰীকণা দূৰ কৰে।
৯) তিতাকেৰেলাৰ ৰস খালে মহিলাৰ মাহেকীয়া বিষ ভাল হয়।
১০) কলেৰা আৰু ডায়েৰিয়া ৰোগত তিতাকেৰেলাৰ ৰস তিলৰ লগত মিহলি কৰি খালে ৰোগ ভাল হয়।