“বিফলতা লৈয়ে এই ৰচিলো জীৱন গীতি
সৰি পৰে দুচকুৰ নীৰ
বিশাল বিশ্বত মাথোঁ নয়নৰ লোৰে মোৰ
উপচিল সাগৰৰ তীৰ।”
ৰহস্যবাদী কবি নলিনী বালা দেবীৰ জন্ম ১৮৯৮ চনত বৰপেটা জিলাত হয়। তেওঁৰ দেউতাকৰ নাম আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাক হেমন্ত কুমাৰী। নলিনী বালা দেৱীৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল যদিও তেওঁ ঘৰতে সংস্কৃত , সাহিত্য , গীত , ছবিঅঁকা আদি সকলো বিদ্যাতে শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল। মাত্ৰ ১২ বছৰ বয়সতে বিবাহ হোৱা নলিনী বালা দেবীৰ ৭ বছৰ পিছতে স্বামীক হেৰুৱাই বৈধব্য জীৱন কটাবলগীয়া হৈছিল।
স্বামী আৰু দুজন পুত্ৰৰ অকাল মৃত্যুৰ মৰ্মান্তিক বেদনাৰ পৰা মুক্তি পাবলৈ সেই সময়ৰ উপনিষদ , গীতা , ভাগৱত আদিৰ অধ্যয়নত নিজকে মনোনিবেশ কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ অনুভূতি , আবেগ , ভক্তিমূলক , দেশপ্ৰেম ইত্যাদি বোৰক মুখ্য বিষয় হিচাপে লৈ কবিতা লিখিবলৈ লৈছিল। ঘৰখনৰ পৰিবেশে নলিনীবালাৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনত বিশেষভাবে প্ৰভাৱান্বিত কৰিছিল। বিশেষকৈ পিতৃ নবীন চন্দ্ৰ বৰদলৈৰ অনুপ্ৰেৰণা আৰু উৎসাহে শোকসন্তপা বিধৱা নলিনীবালা দেৱীক আধ্যাত্মিক বল আৰু সাহস যোগাইছিল বুলি “এৰি অহা দিনবোৰত” কবি গৰাাকীয়ে উল্লেখ কৰিছে।
পুত্ৰশোক আৰু বৈধব্য যন্ত্ৰণাত অধৈৰ্য নহৈ ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰি জগতৰ শোক-তাপ সকলো তেওঁৰেই আশিষ – নিৰ্মালি বুলি সান্তনা লব’লৈ চেষ্টা কৰে।সৰুৰে পৰা ভগৱদ্ভক্তিৰ বীজ নিহিত হৈ থকা কবিৰ অন্তৰখন সাংসাৰিক শোক-তাপে ঈশ্বৰাভিমুখী কৰি তুলিলে। তাৰ ফলত সৃষ্টি হয় অতীন্দ্ৰিয়ভাবৰ প্ৰথম কবিতা পুথি “সন্ধিয়াৰ সুৰ”(১৯২৮)। ইয়াৰ উপৰিও ‘সপোনৰ সুৰ’ (১৯৪৮) , ‘পৰশমনি’ (১৯৫৭) , ‘যুগদেৱতা'(১৯৫৮) , ‘জাগৃতি'(১৯৫২) , ‘অলকানন্দা'(১৯৬৪)।
কবিৰ শেষ বয়সৰ প্ৰকাশিত “অন্তিমৰ সুৰ” , “এৰি অহা দিনবোৰ” আৰু “শান্তিপথ” উল্লেখযোগ্য। ১৯৬৮ চনত “অলকানন্দা”ৰ বাবে সাহিত্য একাডেমীৰ পুৰস্কাৰ পাবলৈও সক্ষম হৈছিল।
নৈসৰ্গিক প্ৰকৃতিৰ বিশাল প্ৰাঙ্গনত প্ৰতিবিম্বিত হোৱা সনাতন সৌন্দৰ্যৰ আভাষ কবিয়ে গছে-পাতোতে , বিৰিখে- লতাই , আকাশে-বতাহে উপলদ্ধি কৰিছে। জাগতিক বৰ্ণ -বৈচিত্ৰৰ অন্তৰালত আত্মগোপন কৰি থকা সত্য-শিৱ-সুন্দৰৰ লগত মিলনেই কবিৰ চৰম আকাংখা। জীৱনৰ বিৰহ বেলাভূমিত প্ৰিয়তমৰ লগত মিলনেই নলিনী দেৱীৰ ইপ্সিত লক্ষ্য। আধ্যাত্মিক বেদনাৰ কাৰুণ্যই নলিনীবালা দেৱীৰ কবিতাক নিয়ৰত সিক্ত ফুলৰ দৰে স্নিগ্ধ আৰু ৰমণীয় কৰিছে। ভাৰতীয় দৰ্শনে , বিশেষকৈ বেদান্ত জন্মান্তৰবাদ , কৰ্মফলবাদ আৰু ভক্তিবাদে নলিনীবালা দেৱীৰ কবিতাক ভাৱগধুৰ কৰি তুলিছে।
১৯৭৭ চনত চনত নলিনীবালা দেৱী পদ্মশ্ৰী সন্মানেৰে বিভুষিত হয়।
অসম সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভাপতি তথা ৰহস্যবাদী কবি হিচাপে জনাজাত নলিনীবালা দেৱীৰ ১৯৭৭ চনৰ ২৪ ডিচেম্বৰত মৃত্যু হয়।
পদ্মশ্ৰীবটা প্ৰাপ্ত , অতীন্দ্ৰিয়বাদী , ৰহস্যবাদী কবি গৰাকীৰ মৃত্যু তিথিত সশ্ৰদ্ধ একাজলী শ্ৰদ্ধাঞ্জলী যাঁচিছো।