সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ২১ফেব্ৰুৱাৰীৰ দিনটোত ভাষা সচেতনতা বৃদ্ধিৰ বাবে আৰু মাতৃভাষা তথা সাংস্কৃতিক বৈষম্য দূৰিকৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয় ৷
১৯৯৯চনৰ ১৭ নৱেম্বৰত ইউনেস্ক’ৱে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন কৰাৰ কথা ঘোষণা কৰে যদিও ‘ইউনাইটেড নেশ্যন জেনেৰেল এচেম্বলিয়ে’ ২০০২চনৰ পৰা হে আনুষ্ঠানিক ভাৱে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন কৰাৰ স্বীকৃতি প্ৰদান কৰে ৷
সমগ্ৰ বিশ্বজুৰি প্ৰচলিত হৈ থকা প্ৰতিটো ভাষাৰ সুৰক্ষা ও সংৰক্ষণৰ বাবে ২০০৭চনৰ ১৬মে’ত ইউ এন জেনেৰেল এছেম্বলিয়ে এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে ২০০৮চনটোক আন্তঃৰাষ্ট্ৰীয় ভাষা বৰ্ষ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ৷
পোন প্ৰথমবাৰৰ বাবে বাংলাদেশত এই আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল ৷ বাংলা ভাষাক স্বীকৃতি প্ৰদান কৰিবৰ বাবে বাংলাদেশত যি ভাষা আন্দোলনে গা কৰি উঠিছিল সেই দিনটোক সুঁৱৰি প্ৰতিবছৰে ২১ফেব্ৰুৱাৰী দিনটো সমগ্ৰ বাংলাদেশ তথা পশ্চিম বংগত উদযাপন কৰা হয় ৷