ভাষা হ’ল অজস্ৰ শব্দৰ ভড়াঁল। এজনে আনজনৰ আগত মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যি শব্দৰ ব্যৱহাৰ কৰে তাকে আমি ভাষা বুলি কওঁ । ভাষা আহৰণ এক সাংস্কৃতিক কাৰ্য। পুৰুষানুক্ৰমে বা পৰম্পৰাগত ভাৱে অনুকৰণ , অভ্যাসৰ জৰিয়তে সাংস্কৃতিক উপাদান ৰূপে মানুহে ভাষা আয়ত্ব কৰে। জন সাধাৰণে কোনো ব্যাকৰণ আগত ৰাখি ভাষা নিশিকে । অথচ এক সাংস্কৃতিক কাৰ্য হিচাপে মানি ভাষাটো প্ৰায় শুদ্ধৰূপতে শিকে , বুজে আৰু প্ৰয়োগ কৰে। মানৱ-সমাজৰ লগত ভাষাৰ সম্পৰ্ক আছে। ভাষা হৈছে সামাজিক ভাৱে একেলগে থকাৰ এক অপৰিহাৰ্য অংগ। সমাজ বা সামাজিক পৰিবেশত উপযুক্ত প্ৰসঙ্গ অনুযায়ী গুৰুত্বসহ ভাষা প্ৰয়োগ কৰিব লাগে।
এজন সুস্থ মানসিকতাৰ মানুহৰ কথা কোৱা নিজস্ব শৈলী থাকে।
বিশ্বৰ সকলো ভাষা সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰ বীজটোও আছিল মৌখিক সাহিত্য। লোক সাহিত্য বা মৌখিক সাহিত্যৰ পৰাই আৰম্ভ হোৱা অসমীয়া সাহিত্য ক্ৰমবিৱৰ্তমান গতিত আগবাঢ়ি যোৱা প্ৰতিটো স্তৰতে আছে লোক উপাদানৰ সৌৰভ।
মৌখিক সাহিত্যৰ পিছত অসমীয়া লিখিত সাহিত্যৰ বুৰঞ্জী আৰম্ভ হয় চৰ্যাপদসমূহৰ যোগেদি।
চতুৰ্দশ শতিকাৰ হেম সৰস্বতী , হৰিবৰ বিপ্ৰ , কবিৰত্ন সৰস্বতী , ৰুদ্ৰ কন্দলিয়ে সমৃদ্ধ কৰা যুগটো সাহিত্যৰ বুৰঞ্জীত প্ৰাক শংকৰী যুগ হিচাপে পৰিচিত হ’ল।
পঞ্চদশ শতিকাত আৰম্ভ হ’ল অসমীয়া সাহিত্যৰ স্বৰ্ণ যুগ। বৰগীত , ভটিমা , অংকীয়া নাট আদিৰ সৃষ্টিৰে শংকৰদেৱ , মাধৱদেৱ আৰু উত্তৰসূৰী সকলে অসমীয়া সাহিত্যলৈ নতুন সংযোজন ঘটালে।
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ লগে লগে অসমীয়া জাতীয় জীৱনৰ সকলো দিশতে এটা নতুন যুগৰ সূচনা হ’ল। মিছনেৰি সকলে অসমীয়া ভাষা সাহিত্যৰ জগত খনত নতুন পোহৰেৰে আলোকিত কৰিলে ১৮৪৬ চনত ‘অৰুণোদই’ আলোচনীৰ মাধ্যমেৰে।
বিশ্বযুদ্ধই অসমীয়া সাহিত্যলৈ আন এক জোৱাৰ আনিলে। ৰোমাণ্টিক আৰু কল্পনাৰ পৃথিৱীৰ পৰা কবি সকলক আঁতৰাই আনি বাস্তৱৰ সন্মুখীন কৰাই নতুন শৈলীৰ সৃষ্টি কৰিলে।
আধুনিক যুগটোত কবিতা , গল্প , প্ৰৱন্ধ ,নাটক , উপন্যাস আদিৰ ভালেখিনি সৃষ্টি হৈ অসমীয়া ভাষা-সাহিত্যক ফুলে পাতে বিকশাই তুলিলে ৰসৰাজ ৰক্ষ্মীনাথ বেজবৰুৱা , চন্দ্ৰকুমাৰ আগৰৱালা , হেমচন্দ্ৰ গোস্বামী , পদ্মনাথ গোহাঞি বৰুৱা আদি এচাম প্ৰকৃত স্বদেশ প্ৰেমীয়ে।
আজি ভাষাৰ আগ্ৰাসন, কথিত ভাষা কিছুমানৰ মৃত্যু আদিয়ে বৌদ্ধিক মহলক চিন্তান্বিত কৰি তুলিছে। ভাষাৰ মৃত্যু সভ্যতাৰ ইতিহাসত এক মচিব নোৱাৰা ক’লা দাগ। কথিত ৰূপবোৰ দৃশ্য-শ্ৰাব্যৰ যোগেদি পৰিৱেশন , সংৰক্ষণ কৰাৰ লগতে লিখিত ৰূপবোৰ কিতাপৰ পাতত সংৰক্ষিত কৰিলে অসমীয়া ভাষাৰ ভৱিষ্যত উজ্বল হ’ব যে সেয়া নিশ্চিত। অঞ্চল বিশেষৰ কথিত ভাষাবোৰ সেই সমাজৰ মানুহৰ মুখে মুখে জীয়াই থাকক , নতুন নতুন শব্দৰ আমদানি হৈ মান্যভাষাটো চহকী হওঁক। এনেকেয়ৈ চহকী জাতীয় ভাষা হিচাপে অসমীয়া ভাষা জগতত পৰিচিত হওঁক।
“চিৰচেনেহী মোৰ ভাষা জননী ” – আইৰ মুখৰ ভাষাটোক জীয়াই ৰাখিবলৈ , আমাৰ মূল শিপাডালক মজবুত কৰি ৰাখিবলৈ অভিভাৱক সকলৰ যথেষ্ট দায়িত্ব আছে। সন্তানক নিজৰ মাতৃভাষাৰ শুৱলা শব্দবোৰৰ জ্ঞান নিদিয়াকৈ ইংৰাজী শব্দৰ সৈতে চিনাকি কৰি দিয়া উচিত নহয়। পৰিস্থিতি আৰু পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি আমি নতুন প্ৰজন্মক ইংৰাজী মাধ্যমত পঢ়ালেও অসমীয়া ভাষাটোক শুদ্ধকৈ লিখিব আৰু পঢ়িব পৰাকৈ গঢ়ি তুলিব লাগিব , যাতে আমি গৌৰৱ কৰিব পাৰোঁ আমাৰ নতুন প্ৰজন্মক লৈ। ইংৰাজী ভাষাৰ লগতে বিভিন্ন ভাষা শিকাৰ ক্ষেত্ৰত সকলোৰে স্বাধীনতা আৰু প্ৰয়োজনীয়তা আছে। নিজৰ মাতৃভাষাক শ্ৰদ্ধা কৰিও আমি আন ভাষাক গ্ৰহণ কৰিব পাৰোঁ।
আমি অকল ঘৰ খনতেই নহয় যেতিয়া কোনো সামাজিক অনুষ্ঠানত বা ৰাজহুৱা সভা- সমিতিত কথা- বতৰা কওঁ বা ভাষণ দিওঁ শুদ্ধ ৰূপত মাতৃভাষাত ক’লে অকল শুনিবলৈ শুৱলাই নহয় আমি অসম সন্তান বুলি গৌৰাৱান্বিত হব পাৰোঁ। অসমীয়া ভাষাৰ দৰে প্ৰত্যেক ৰাজ্যৰে নিজৰ ৰাষ্ট্ৰীয় ভাষা আছে আৰু আমি প্ৰত্যেক ভাষাকে সন্মান জনাব লাগে। প্ৰত্যেক ভাষাকে শুদ্ধৰূপত লিখিব আৰু ক’বলৈ চেষ্টা কৰাৰ প্ৰয়োজনীয়তা আছে। ৰাজহুৱা স্থানত যেতিয়া কোনো ব্যক্তিয়ে ভুল ভাষা প্ৰয়োগ কৰি বা অলপ অসমীয়া , অলপ হিন্দী বা অলপ ইংৰাজী শব্দ লগাই দি কথা- বতৰা পাতে শুনিবলৈ অশ্ৰাব্য হয় আৰু যদিহে তেনে ব্যক্তি কোনো বিশেষ বা সমাজৰ মূধাফুটা লোক হয় তেনেহলে তেওঁলোকেও জনা দৰকাৰ ভাষণ দিয়াৰ আগতে বা কথা কোৱাৰ আগতে ভাষাটোৰ জ্ঞান আহৰণ কৰি ল’ব লাগে। নহ’লে নিজৰ আইৰ মুখৰ ভাষাটোকে শুনিবলৈ শুৱলা হোৱাকৈ ক’ব লাগে।
আজিৰ নতুন প্ৰজন্মৰ হাততেই আছে অসমীয়া ভাষাক ৰক্ষা কৰাৰ দায়িত্ব। ইংৰাজী মাধ্যমত পঢ়িলেও যাতে সুন্দৰকৈ মাতৃভাষা লিখিব আৰু পঢ়িব পাৰে তাৰ বাবে আমি সচেতন হ’ব লাগিব। সন্তানক মাতৃভাষাৰ প্ৰতি আকৰ্ষিত কৰা আৰু শ্ৰদ্ধা জনোৱাটো আমাৰ প্ৰত্যেক গৰাকী অভিভাৱকৰ দায়িত্ব। মাতৃভাষা আইৰ মুখৰ মাত । আইৰ মুখৰ মাতটো জীয়াই থাকিলেহে জীয়াই থাকিব অসমীয়া সমাজ । জীয়াই থাকিব সংস্কৃতি ,সাহিত্য আৰু সভ্যতা।