১) বাস্তুশাস্ত্ৰ মতে , উত্তৰ বায়ব্যত বৈঠক কোঠাৰ ওচৰত শয়ন কক্ষ নিৰ্মান কৰিব লাগে। ইয়াৰ দ্বাৰা সূৰ্যৰ দৰ্শন লাভ হয়।
২) উত্তৰ দিশত শয়ন কক্ষত পূৱ অথবা দক্ষিণ দিশৰ ফালে শয়ন কৰিলে ধনাগম তথা সমৃদ্ধি লাভ হয়।
৩) গৃহস্বামীৰ শয়ন কক্ষ নৈঋত কোণৰ পশ্চিমাংশত অৱস্থিত হোৱা উচিত।
৪) শয়ন কক্ষ দক্ষিণ দিশত নিৰ্মাণ কৰিব পাৰি।
৫) লৰা-ছোৱালীৰ বাবে শয়ন কক্ষ পশ্চিম ভাগত নিৰ্মাণ কৰিব পাৰি। কিন্তু এনে ধৰণৰ শয়ন কক্ষ নৱ-দম্পত্তীৰ বাবে শুভ নহয়।
৬) ঈশান কোণ দেৱী-দেৱতাৰ স্থান। সেই কাৰণে ঈশান কোণত শয়ন কক্ষ নৱ দম্পতীৰ বাবে শুভ নহয়।
৭) বাস্তু মতে মধ্যভাগত শয়ন কক্ষ নিৰ্মাণ কৰা অনুচিত।
৮) বাস্তু মতে নৈঋত কোণত শয়ন কক্ষ নিৰ্মাণ কৰিলে নৈঋত কোণত গধুৰ সামগ্ৰী ৰখা উচিত।
৯) উত্তৰৰ ফালে ভৰি দি শুলে ধন সম্পত্তি লাভ , দক্ষিণৰ ফালে ভৰি দি শুলে অনিদ্ৰা তথা স্বাস্থ্য হানি , মনত অশুভ বিচাৰ আদিৰ জাগৰণ হয় আৰু পূবৰ ফালে ভৰি দি শয়ন কৰিলে সমৃদ্ধি লাভ তথা পশ্চিমৰ ফালে ভৰি দিলে আধ্যাত্মিকতাত ৰুচি বাঢ়ে।
১০) আগ্নেয় অথবা নৈঋত কোণৰ ফালে ভৰি ৰাখি শয়ন কৰা অনুচিত।