তেওঁলোক আছিল আফগানিস্তানত মহিলাৰ অধিকাৰৰ বাটকটীয়া। তেওঁলোক আইনৰ অনুগত ৰক্ষক আছিল আৰু দেশৰ আটাইতকৈ উপেক্ষিত লোকসকলৰ বাবে ন্যায় বিচাৰিছিল। কিন্তু এতিয়া তালিবান শাসনৰ অধীনত প্ৰতিশোধৰ ভয়ত ২২০ ৰো অধিক মহিলা আফগান ন্যায়াধীশে আত্মগোপন কৰি আছে।
ছগৰাকী প্ৰাক্তন মহিলা বিচাৰকে আফগানিস্তানৰ গোপন স্থানৰ পৰা বি বি চিৰ সৈতে কথা পাতিছিল বুলি বাতৰিত প্ৰকাশ পাইছে। আফগানিস্তানৰ এগৰাকী সাহসী ন্যায়াধীশ মাচুমাই ন্যায়াধীশ হিচাপে তেওঁৰ সমগ্ৰ কৰ্মজীৱনত ধৰ্ষণ, হত্যা আৰু অত্যাচাৰকে ধৰি মহিলাৰ বিৰুদ্ধে হিংসাৰ বাবে শ শ পুৰুষক দোষী সাব্যস্ত কৰিছে।
দুৰ্ভাগ্যৰ কথা যে তালিবানে তেওঁৰ চহৰৰ নিয়ন্ত্ৰণ কৰাৰ কেইদিনমান পিছত আৰু হাজাৰ হাজাৰ দোষী সাব্যস্ত অপৰাধীক কাৰাগাৰৰ পৰা মুকলি কৰাৰ পৰৱৰ্তী সময়ত মাচুমালৈ মৃত্যুৰ ভাবুকি অহা আৰম্ভ হয়। টেক্সট মেচেজ, ভইচ নোট আৰু অজ্ঞাত নম্বৰবোৰে তাইৰ ফোনত যেন ভাবুকিৰ বোমা বর্ষণ কৰিবলৈ আৰম্ভ কৰে।
মাছুমাৰ বক্তব্য অনুসৰি মাজনিশা যেতিয়া তেওঁলোকে গম পালে যে তালিবানে সকলো বন্দীক কাৰাগাৰৰ পৰা মুক্ত কৰিছে তেতিয়াই তেওঁলোক লগে লগে ঘৰ আৰু সকলোবোৰ এৰি পলাই যায়। লগতে তেওঁ উল্লেখ কৰিছে যে চহৰৰ বাহিৰ হওতে মাচুমাই বোৰ্খা পৰিধান কৰি গৈছে যাতে কোনেও তেওঁক চিনি নাপায়।
সংবাদ মাধ্যমৰ আগত মাচুমাই কয় যে বোৰ্খা পিন্ধি থকাৰ বাবেই তালিবানে তেওঁক চিনি নাপালে। আনহাতে ওচৰ-চুবুৰীয়াই জনাইছে যে মাচুমাক বিচাৰি তালিবানৰ এটা বৃহৎ দল মাচুমাৰ ঘৰলৈ গৈছে। পলায়ন কৰাৰ বাবেই তেওঁৰ প্ৰাণ কথমপি ৰক্ষা পৰে।
যোৱা ২০ বছৰত ২৭০ গৰাকী মহিলাই আফগানিস্তানত বিচাৰক হিচাপে নিযুক্তি লাভ কৰিছিল। বহুতো মহিলাক দেশৰ শক্তিশালী আৰু বিশিষ্ট মহিলা হিচাপে জনসাধাৰণে চিনি পাইছিল। ইমান দিনে মহিলা ন্যায়াধীশকসকল কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল যদিও তালিবানে দেশখন দখল কৰি লোৱাৰ পিছতেই মহিলা ন্যায়াধীশকসকলৰ জীৱনলৈ শংকা নামি আহিছে।
কেইবা দশক ধৰি আফগানিস্তানে বিশ্বৰ আটাইতকৈ কঠিন দেশ হিচাপে স্থান লাভ কৰি আহিছে। মানৱ অধিকাৰৰ দৃষ্টিৰে আনুমানিক ৮৭ শতাংশ মহিলা আৰু ছোৱালীয়ে তেওঁলোকৰ জীৱনকালত উৎপীড়নৰ সন্মুখীন হয়।
বিচাৰকসকলৰ এই সম্প্ৰদায়ে মহিলাসকলক সমৰ্থন কৰাৰ লক্ষ্যৰে দেশত সুস্থ আইনবোৰ বজাই ৰখাৰ বাবে কাম কৰি মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে হিংসা এক শাস্তিযোগ্য ফৌজদাৰী অপৰাধ বুলি গণ্য কৰি সমাজ পৰিৱৰ্তনৰ লক্ষ্যৰে কাম কৰিছিল।
দুৰ্ভাগ্যৰ কথা যে অন্তৱৰ্তীকালীন চৰকাৰৰ সকলো বিষয়া এতিয়া কেৱল পুৰুষ। আজিৰ প্ৰেক্ষাপটত আফগান মহিলাৰ কান্দোন অৰণ্যৰোদনৰ বাদে অন্য একো নহয়। সময়েহে নিৰ্ধাৰণ কৰিব আফগান নাগৰিকৰ জীৱন কোন দিশে গতি কৰে!