কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত , হিমালয়ৰ পাদদেশ এৰি সকলোৱে পৰ্বতাৰোহণ আৰম্ভ কৰিলে । ওৰে দিন তেওঁলোকে খোজ কঢ়াৰ অন্তত বিদুৰে এটুকুৰা মুকলি আৰু নিজান ছায়াঘন ঠাই বিচাৰি উলিয়ালে। অনুচৰ বৰ্গই এটা কুঁটীৰ সাজি দিলে। পিছদিনাখন সকলোৱে গুচি যোৱাত ধৃতৰাষ্ট্ৰ , গান্ধাৰী , কুন্তী আৰু বিদুৰে কুটীৰত থাকিবলৈ ল’লে। “এদিনাখন ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী বহি আছিল।গান্ধাৰীয়ে গভীৰ হুমুনিয়াহ পেলোৱাত ধৃতৰাষ্ট্ৰই তাচ্ছিল্যৰ সুৰত ক’লে , “এতিয়া হা-হুতাশ কৰি থাকিলে কি হ’ব? দুজন অন্ধ মানুহে জীৱনত যি আশা কৰিব পাৰে আমি তাকেই পালোঁ। শুকান মাতেৰে গান্ধাৰীয়ে ক’লে , মই নিজৰ দুখৰ কথা ভাবি হুমুনিয়াহ পেলোৱা নাছিলোঁ , মহাৰাজ । আমি ইয়ালৈ অহাৰে পৰা পৰ্বতৰ শীতল বায়ু , ভৰিৰ তলত সৰল গছৰ পাতৰ ঘন দলিচা , বতাহত তাৰ সুবাস , অৰণ্যৰ বতাহত গছ-গছনিৰ উশাহৰ শব্দ , নদীৰ কুলু কুলু ধ্বনি এই আটাইবোৰে মোক গান্ধাৰ দেশৰ কথা মনত পেলাই দিছে। মাতৃ ভূমিৰ কথা সুঁৱৰি অজানিতে মোৰ বুকুৰ পৰা হুমুনিয়াহ ওলাই আহিল। গান্ধাৰীৰ কথা শুনি ধৃতৰাষ্ট্ৰৰ মন অনুকম্পাৰে ভৰি পৰিল।সঁচাকৈয়ে গান্ধাৰী , অন্ধ মানুহ এজনৰ লগত বিয়া হৈ তোমাৰ গোটেই জীৱনটো ধ্বংস হৈ গ’ল নহয়নে বাৰু? আমি তোমাৰ প্ৰতি বহুত অন্যায় কৰিলো গান্ধাৰী ! কিন্তু তুমিও সেয়া সুদে মূলে আদায় কৰি দিলা। এতিয়া সকলোখিনি পাহৰি গৈ ক্ষমা কৰিব নোৱাৰিনে? আমি কুৰুবংশী পুৰুষ সকলে নাৰীৰ প্ৰতি যথেষ্ট অবিচাৰ কৰিছোঁ আৰু আমি তাৰ যথোচিত প্ৰায়শ্চিত্তও কৰিলোঁ। গান্ধাৰী , তুমি ভাবা অকল তোমাকেই প্ৰৱঞ্চনা কৰা হৈছে । কিন্তু অকণমান ভাবি চোৱাঁচোন , যোৱা তিনি পুৰুষত আমাৰ বংশৰ প্ৰতিজন ব্যক্তিয়েই প্ৰৱঞ্চিত হৈছে ।মই যে এতিয়া তোমাক এই কথাবোৰ কৈছোঁ , সেয়া অকল তোমাৰ ওচৰত ক্ষমা বিচাৰিবৰ কাৰণে নহয় ; মই জীৱনৰ বিৰুদ্ধে চলাই থকা তোমাৰ এই সংগ্ৰাম এৰি দিয়াৰ কথা ক’ব খুজিছোঁ।ক্ৰোধ পৰিত্যাগ কৰা। মোৰ ওপৰত , জীৱনৰ ওপৰত থকা সকলো খং পাহৰি শান্ত হোৱা। এতিয়া অন্ততঃ চকুৰ বান্ধ সোলোকাই পেলোৱা। তোমাৰ চাৰিওফালৰ এই পৃথিৱীখন , মানৱজাতি , নিজৰ অতীত জীৱন এই সকলো আকৌ এবাৰ মুকলিকৈ নিৰপেক্ষভাবে চাবলৈ চেষ্টা কৰা। আমাৰ জীৱন প্ৰায় শেষ হৈ আহিছে , মৃতূুৰ সময়ত চকুত কাপোৰ বান্ধি নমৰিবা। বহুত সময়ৰ পিছত গান্ধাৰীয়ে লাহেকৈ ক’লে মহাৰাজ মই চকুৰ বান্ধ খুলিলোঁ , কিন্তু পৰিষ্কাৰ কৈ একো দেখা পোৱা নাই। জীৱনত প্ৰথমবাৰ ধৃতৰাষ্ট্ৰই গান্ধাৰীৰ হাতখন আবেগেৰে খামুচি ধৰিলে আৰু সৰু ল’ৰাৰ দৰে কান্দিবলৈ ধৰিলে। আৱেগ কিছু কমিলত ধৃতৰাষ্ট্ৰই কোমল মাতেৰে ক’লে , গান্ধাৰী , কুন্তীৰ সহায়ত তুমি দুই এদিনতে আকৌ ভালকৈ দেখা পোৱা হ’বা। লাহে লাহে গান্ধাৰীয়ে নিজ চকুৰে চাই কাম কৰিবলৈ ধৰিলে।ইতিমধ্যে বিদুৰৰ মৃত্যু হ’ল আৰু সঞ্জয় আহি বৃদ্ধ ৰজা-ৰাণী আৰু কুন্তীৰ লগ লাগিল। এদিনাখন ধৃতৰাষ্ট্ৰই গান্ধাৰীৰ হাত নিজৰ হাতত ল’লে আৰু আৰু ক’লে , গান্ধাৰী তুমি মোতকৈ সৰু। এইবাৰ মোৰ মৃত্যুৰ পাছত তুমি নিজৰ যত্ন নিজেই ল’ব পাৰিবা । ধৃতৰাষ্ট্ৰৰ কথা শুনি গান্ধাৰীয়ে হাতেৰে তেওঁৰ মুখত সোপা দি ধৰি ক’লে , নহয় মহাৰাজ , তেনে কথা কেতিয়াও হ’ব নোৱাৰে। কেৱল নিজৰ কাৰণে মই চকুৰ পটী খোলা নাই। দুয়ো মোৰ চকুৰ সহায়ত একেলগে চাবৰ কাৰণেহে মই বান্ধ খুলিলোঁ। ধৃতৰাষ্ট্ৰৰ মাত আকৌ ৰুদ্ধ হৈ আহিল। কিছু সময়ৰ পাছত তেওঁৰ মনটো অলপ শান্ত হ’লত ক’লে , গান্ধাৰী , চকু থাকিও তোমালোকে যি বস্তু দেখা নোপোৱা তাৰ গোন্ধ মই বহুত আগতেই পাওঁ , শব্দৰ উমান পাওঁ।ৰাতিপুৱাৰে পৰা মই ধোঁৱাৰ গোন্ধ পাই আছোঁ। ভয়ত আতুৰ জীৱ-জন্তুৰ আৰ্তস্বৰ শুনিবলৈ পাইছোঁ।বোধহয় আমাৰ পাছফালে অৰণ্যত কৰ’বাত জুই লাগিছে। এতিয়াও ভালেখিনি দূৰত থকা বাবে আমি তাৰ তাপ পোৱা নাই। সঞ্জয় ,কুন্তী আৰু গান্ধাৰীয়ে থিয় হৈ চাবলৈ ধৰিলে। তেওঁলোকে দেখিলে ৰঙা-হালধীয়া জুইৰ লেলিহান শিখা যেন লকলকাই জিভা মেলি আগবাঢ়ি আহিছে। গান্ধাৰীয়ে মৃদু অথচ স্পষ্ট মাতেৰে ক’লে , মহাৰাজে ঠিকেই কৈছে ।জুই আমাৰ পৰা অলপমান দূৰত আছে। ধৃতৰাষ্ট্ৰই ক’লে , গান্ধাৰী , শেষলৈকে মোৰ হাতত ধৰি থাকিবা বুলি ভবা কথাটো সিমান সহজ নহয়। নৈখনৰ সিপাৰলৈ গৈ তুমি নিজকে জুইৰ পৰা বচাবলৈ চেঁষ্টা কৰা , মই ইয়াতে থাকোঁ। গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ হাতখন আৰু জোৰেৰে খামুচি ধৰিলে। মহাৰাজ , মই এতিয়া আপোনাক কেতিয়াও এৰি নিদিওঁ। জুই আমাৰ ওচৰ আহি পোৱালৈ ৰৈ নাথাকি সেইফালে আগবাঢ়ি যাওঁ , বলক। তেওঁলোক দুয়ো আগুৱাই গল । তেওঁলোকৰ পিছে পিছে সঞ্জয় আৰু কুন্তীৰ খোজৰ শব্দ শুনি ধৃতৰাষ্ট্ৰ ৰৈ গ’ল। তোমালোকো -সিমানকে কৈ তেওঁ আকৌ আগলৈ খোজ দিলে।”
সেয়া এক অভূতপূৰ্ব দৃশ্য আছিল।এগৰাকী সতীয়ে তেওঁৰ জীৱন্ত স্বামীক হাতত ধৰি চিতাৰ ফালে গৈ আছিল আৰু লগতে কুন্তী আৰু সাৰথি সঞ্জয় নিজকে জুইৰ পৰা বচোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ লগে লগে জ্বলন্ত চিতাৰ ফালে আগুৱাই গৈছিল।
(সহায় লৈ )