দুবৰি বন। ইংৰাজী নম -Conch Grass.
বৈজ্ঞানিক নাম – Cynodon Daclylon(Linn)
দুবৰি বন মাটিত বগাই যোৱা এবিধ ঘাঁহ। ঘৰৰ চোতালত বেছিকৈ হোৱা দেখা যায়। কাণ্ডত গাঁঠি থাকে আৰু প্ৰতিটো গাঁঠিৰ পৰা শিপা ওলায়। দুবৰি বন বহুত ঔষধি গুণেৰে ভৰপূৰ। দুবৰি বনৰ সকলো অংশই ঔষধত ব্যৱহাৰ হয় –
১) দুবৰি বনৰ ৰস তেজগ্ৰহনী , প্ৰস্ৰাৱ কষ্ট , স্নায়ু দুৰ্বলতা , বেচু , কটা ছিঙাৰ পৰা ওলোৱা তেজ বন্ধহোৱা আদিত ব্যৱহাৰ হয়।
২) ৰক্তস্ৰাৱ , বগাস্ৰাৱ আৰু কন্যাকাল দেৰি হোৱাত দুবৰি বনৰ ৰস উপকাৰী ।
৩) দুবৰি বনে শৰীৰৰ শীতলতা উৎপন্ন কৰিব পাৰে।
৪) দুবৰি বনৰ শিপাৰ ৰসে প্ৰস্ৰাৱৰ সময়ত হোৱা কষ্ট নাশ কৰিব পাৰে।
৫) দুবৰি বনৰ ৰসে নাকৰ পৰা তেজ ওলোৱা ৰোগ দূৰ কৰে।
৬) শৰীৰৰ কোনো অংশত ফুলি চকলা চকল হ’লে দুবৰি বনৰ ৰস কেঁচা হালধিৰ ৰসৰ সৈতে লগালে ভাল হয়।
৭) দুবৰিবন তৃষ্ণানাশক , বমি নাশক আৰু ছালৰ ৰোগ নাশক।
৮) ৰাজপিত্ত , প্ৰদৰ , গৰ্ভস্ৰাৱ , গৰ্ভপাত আদি ৰোগৰ বাবে দুবৰিবন উপকাৰী।