ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই মানসিক ৰোগ বীমাৰ অধীনত সামৰি লোৱাৰ নিৰ্দেশ দিছে। আগতে মাত্ৰ কেইটামান কোম্পানীয়েহে মানসিক ৰোগক সামৰি লৈছিল। ইয়াৰে একাংশৰ সেৱাক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। শেহতীয়াকৈ বীমা নিয়ন্ত্ৰকটোৰ এই পদক্ষেপে বহু পৰিয়াললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি ধাৰণা কৰা হৈছে।এই ৰোগৰ কাৰণ বেলেগ। ইয়াৰ চিকিৎসাও দীৰ্ঘম্যাদী ৷ সেয়েহে যথেষ্ট ব্যয়বহুল।
বীমা নিয়ন্ত্ৰক সংস্থাৰ নিৰ্দেশনা অনুসৰি এই আঁচনিখনে মানসিক ৰোগীৰ যত্ন আৰু চিকিৎসাৰ বাবে চিকিৎসালয়ৰ দায়িত্ব চৰ্তসাপেক্ষে পূৰণ কৰিব পাৰে। ৰোগ নিৰ্ণয়ৰ পৰা আৰম্ভ কৰি ঔষধ, চিকিৎসাৰ খৰচ, ঘৰৰ ভাড়া, এম্বুলেন্স আৰু আন বহুতো খৰচ এই বীমাৰ অধীনত সামৰি লোৱা হয়। অৱশ্যে এই বীমাই চিকিৎসাৰ অংশ হিচাপে কাউন্সেলিঙৰ খৰচ বহন নকৰে।
মানসিক স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিবলৈ হ’লে ৰোগীয়ে কমেও ২৪ ঘণ্টা চিকিৎসালয়ত থাকিব লাগিব। বাইপোলাৰ ডিছঅৰ্ডাৰ, স্কিজ’ফ্ৰেনিয়া, ছিভিয়াৰ ডিপ্ৰেছন বা এনজাইটি ডিছঅৰ্ডাৰ, চাইকটিক ডিছঅৰ্ডাৰ, মুড ডিছঅৰ্ডাৰ, অ’চিডি, এডিএইচডি, পিটিএছডি আদি ৰোগত আক্ৰান্ত লোকসকলক এই বীমাৰ অধীনত সামৰি লোৱা হ’ব।